ভানুমতী/দ্বিতীয় আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভানুমতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[  ]

দ্বিতীয় আধ্যা

দুপতীয়া পুলি

মোৰ আৰু সেই দিন নাই। সেই পুখুৰী-পাৰত বহি চিন্তাৰ লগৰী হোৱা দিন মোৰ পাৰ হ'ল। আগৰ চিন্তা আছে, কিন্তু আগৰ সুখ নাই। লগৰ চিন্তা লগতে ফুৰিছে, কিন্তু আগৰ দৰে লগ ধৰা ঠাইৰ ঠিকনা নাই। চিন্তাৰ লগ আগতকৈ বাঢ়িছে, কিন্তু সেইদৰে লগ লোৱা সময়ৰ ঠিক নোহোৱাত পৰিছে। শোওঁতে, খাওঁতে, উঠোতে, বহোঁতে মনত সদায় কি এটা চিন্তাৰ সোঁত আছেই। আৰু, সেই সোঁতত উটি কেতিয়া কি ভাবে কলৈ যাওঁ ক'ব নোৱাৰো। কৰো কি, কওঁ কি, কেতিয়াবা তাকো তৰ্কিব নোৱাৰোঁ। আচলতে ভাবো কি, চিন্তা কিহৰ তাৰ উৱাদিহ নাই। এনেভাৱে ভালেমান দিন গল। এনেকুৱা এদিনে-এবছৰ ভালেমান পাৰ হ'ল। আগলৈ এদিন-এযুগ আৰু কতনা আছে চাগৈ!

চাৰু গোহাঞিদেৱক মই সেইদিনা যে প্ৰথম দেখিছিলো, এনে নহয়। মোৰ মনত পৰাৰেপৰা তেওঁ মোৰ লগৰীয়া। দুয়ো হাতত ধৰাধৰিকৈ উঠা। দুয়ো সৰুতে কিমান উমলিছিলো! দুইৰো একালত কিমান হঁহা-কন্দা গল! দুয়ো দুইৰো অময়া প্ৰেমত কিমানকৈ মোহ গৈছিলো! আৰু দুইৰো মনৰ মিল দেখি চাকুলী বাইহঁতে আমাক দৰা-কন্যা বোলা মনত এতিয়া মনত পৰে। এতিয়া আগৰ দৰে অহা-যোৱা ঘন নহয় বুলিও, গোহাঞিদেৱ আমাৰ ঘৰলৈ দিনটোত এবাৰ নহাকৈ নাথাকে। আগৰ নিচিনাকৈ ধেমালিৰ মেল পতা নহয় বুলিও, দুইৰো ভিতৰত এতিয়াও মতা-বোলা চলে। দুইৰো ভিতৰত এতিয়াও দেখা-দেখি মিলা-প্ৰীতি ৰৈছে। তথাপি, সিদিনা তেওঁক ন-চিনাকি যেন লাগি গ'ল কিয়? সেইদিনা মই পুখুৰী-পাৰত বহি থাকোতে গোহাঞিদেৱ ঘৰলৈ যাবলৈ পোনাই আহিছিল। [  ] সেইদৰে আগেয়েও তেওঁ কেতিয়াবা আহে। পিচে, সেইদিনানো মই তেওঁক নেদেখাই-দেখাৰ দৰে দেখি চ'ক্‌ খাই উঠিছিলো কিয়? সেই-দিনাৰ নিচিনাকৈ আগেয়েও কিমান বাৰ দেখাদেখি হয়; আৰু দুই চাইটা-কথাৰে আকৌ এৰা-এৰি হওঁহঁক; কিন্তু, সেইদিনাৰ দেখাদেখি আৰু কথা কেইআষাৰত নো কি মোহিনী শক্তি আছিল? আগেয়েও এৰা-এৰিত চকুৰ আঁৰ নোহোৱালৈকে দুইকো দুয়ো সেইদৰেই চাওঁ, কিন্তু সেইদিনাৰ চাৱনিত নো কি সুৱগা মিহলি আছিল? এইবোৰ প্ৰশ্নৰ মই উত্তৰ কাটিব নোৱাৰো। ভাবোঁ, কিন্তু তাৰ অন্ত নাপাওঁ। সেইদিনাৰ সেই মুহূৰ্ত্তৰ কথা মোৰ মনত নতুন হৈয়ে আছে, কিন্তু তাৰ মহিমা মই বুজিব পৰা নাই!

সেইদিনাৰে পৰা তিনিদিনৰ পাচত চাৰুচন্দ্ৰ গোহাঞিদেৱৰ দেউতাক বৰগোহাঞি ডাঙৰীয়া সেই নৰিয়াতে ঢুকাল। বৰগোহাঞি ডাঙৰীয়া এজন বৰ লাগতিয়াল আৰু ৰজাৰ বিশ্বাসী মন্ত্ৰী আছিল। তেওঁ স্বৰ্গী হোৱাত স্বৰ্গদেৱৰ সোঁহাত ছিগাৰ দৰে হ'ল। গতিকে, ডাঙৰীয়াৰ অকাল-বিয়োগত স্বৰ্গদেৱে বৰ সন্তাপ পালে। চাৰু গোহাঞিদেৱ মোৰে নিচিনা সৰুতে মাউৰা; তেওঁ এতিয়া ঘাট্‌মাউৰা হ'ল! সেই কাৰণে, ৰজা আৰু ডাঙৰীয়া বিষয়া সকলোৱে গোহাঞিদেৱক বৰ মৰম কৰিবলৈ ধৰিলে। আৰু, সকলোৱে ভাবি-চিন্তি চাই, তেওঁক তেওঁৰ পিতৃ-বন্ধু মোৰ দেউতাৰ তদাৰকত থবলৈকে সিদ্ধান্ত স্থিৰ কৰিলে। গোহাঞিদেৱে দেউতাকৰ আসন লব পৰা বয়স নোপোৱালৈকে তেওঁক আমাৰ ঘৰত ৰখাটোকে স্বৰ্গদেৱেও স্থিৰ কৰিলে।

স্থিৰ হ'ল ভাল হ'ল, মোৰ হ'ল কি? মোৰ সেই কথা লৈ উলহ-মালহ কিয়? সেই কথাই মোৰ মনত উগুল-থুগুল লগায় কিয়? গোহাঞিদেৱ আহিব, লগত লিগিৰা-লিগিৰীও আনিব; তেওঁক আল-পৈচান ধৰিবলৈ মোৰ ইমান ভাবনা কিহৰ? [  ] গোহাঞিদেৱ আহিব, আহিলে তেওঁক কি দিম, কি থম, কি কম, কি লম― এইবোৰ ভাবনা আপোনা-আপুনি মোৰ মনত আহে-যায় কিয়? কিয়, ক'ব নোৱাৰোঁ। মোৰ মনটো যেন দুৱাৰ-মেলা উদং ঘৰ। গোহাঞিদেৱৰ ভাবনাই তালৈ আহিছে-গৈছে, সোমাইছে-ওলাইছে, আপোন মনেৰে যি ইচ্ছা তাকে কৰিবলৈ এক্তিয়াৰ পাইছে। মই মাথোন নিলগৰপৰা চাই আছোঁ, চাই চাই চাই ভাল পাইছোঁ, মনে-মনে, প্ৰাণে-প্ৰাণে কিবা এটি ফুটাই ক'ব নোৱাৰা সুখ অনুভৱ কৰিছোঁ!

এই ভাৱেই কেইবাদিনো গ'ল। গোহাঞিদেৱক আমাৰ ঘৰলৈ অনাৰ কথা ওলাবৰ আজি তিনিদিন। এই তিনিটা দিন মোৰ মানত তিনিটা বছৰ পাৰ হ'ল। কিন্তু গোহাঞিদেৱৰ অহা নহল! আহিব কাহানিকৈ তাৰো ঠিক বতৰা নাপালোঁ। নিতৌ আহিব আহিব বুলি আশা পালোঁ, নিতৌ হতাশ হওঁ। পুৱাৰেপৰা আশাত মন ঠন্‌ ধৰি উঠে, আবেলি হলে নিৰাশাত লেৰেলি জঁয় পৰে। ৰাতিটো নাযায়-নুপুয়ায়। এইদৰে তিনি-চাৰিকৈ পাঁচ দিন নাযায় নাযায়কৈ গ'ল, গোহাঞিদেৱৰ অহা নহল। নহা কেইদিন যেনে-তেনেকৈ পাৰ হ'ল; আহিব বোলা আৰু কেইদিন আগলৈ আছে, তাকে ভাবি অন্ত নোপোৱা হলোঁ। ইফালে পলম হোৱাত, নহাৰ আশঙ্কাই তাৰ লগত উৎপাত্‌ লগাইছে। এইদৰেই আৰু দুদিন পাৰ হ'ল।, তথাপি গোহাঞিদেৱ অহাৰ ঠিৰাং বাতৰি পোৱা নগল। মন হতাশাৰ খুন্দাত ক্ৰমাৎ অৱশ হৈ আহিল। বাহিৰৰ আৱ-ভাৱ দেখি, মানুহে মোৰ মনৰ ভিতৰলৈ মন কৰা হ'ল। এনে অৱস্থাত, এদিন দুপৰীয়া এইবোৰ কথাকে গুণি-গাথি পিচচোতালত বহি আছো, এনেতে ৰজাৰ চৰালৈ ওলাই যোৱাৰ সময়ত, দেউতাই লিগিৰাহঁতক এইবুলি দিহা দিয়া শুনিলো, "আজি চাৰু গোহাঞিদেৱ আহিব। তেঁওৰ বয়-বস্তু, আহিলা-পাতি সকলো, দিহা লগাই থবিহঁক। আৰু গোহাঞিদেৱৰ শোৱা-খোৱাৰ বিষয়েও মই দিহা দিয়া [  ] মতে চলিবিহঁক; মই চ'ৰাৰপৰা আহোতে ল'ৰাক লগতে লৈ আহিম।" এই কেইআষাৰ আদেশ দি দেউতা ওলাই গ'ল।

দেউতা ওলাই গ'ল। মই একেচাবে উঠি ভিতৰ সোমালো। কিয় সোমালো ক'ব নোৱাৰো; পোনেই চাকুলী বাইৰ ওচৰত থিয় দিলোগৈ। চাকুলীয়ে আথেবেথে সুধিলে, "কি আইদেউ" মোৰ উত্তৰ নাই! মই অলপ লাজ পাই তাৰপৰা আঁতৰি লাহে-লাহে লিগিৰাহঁতৰ ওচৰ চাপিলোগৈ। সিহঁতেও লৰালৰিকৈ কি কৰিব লাগিব বুলি সুধিলে। মই সিহঁতলৈকো একো উত্তৰ নাপাই, লাহে-লাহে তাৰপৰাও আঁতৰিব লগাত পৰিলো। কিন্তু উলটি গৈ কলো যে, দেউতাই দিহা দি যোৱাৰ দৰে সিঁহতে কামলৈ সোনকাল কৰিব লাগে। লিগিৰাহঁত তেতিয়াই দিহাদিহি কামলৈ ওলাল। মই সিহঁতক এৰি চাংমাইৰ ওচৰ পালোগৈ। বুঢ়া চাংমায়ে খাই উঠি মুখত মুহুদি লৈছিল। মোক দেখি সি লৰালৰিকৈ সুধিলেহি, "আইদেউ! আজি মোৰ বন্ধা-বঢ়া বা কেনে হৈছিল?" মই উত্তৰ দিলো, "ভাল হৈছিল। আজিৰপৰা তাতোকৈ ভাল হব লাগিব দেই। আজি আমাৰ ঘৰত থাকিবলৈ আলহী আহিব বুজ পাইছানে?" চাংমায়ে ক'লে, "হৈছে, আইদেউ! ডাঙৰীয়া দেউতাই মোক সকলো বুজাই কৈছে।" মই 'বাৰু' বুলি ভিতৰ সোমালোহি।

ভিতৰ নিজঞ্জাল। বুলনিঘৰ নিজম পৰিছে। মোৰ মন-প্ৰাণ উৰুলীকৃত হৈ কলৈ উৰিছে মই ক'ব নোৱাৰো। কি কৰিম, কি মেলিম একো উৱাদিহ্‌ পোৱা নাই। এইদৰে অলপ পৰ থাকি বটাটোকে আগত লৈ বহিলো। তামোল কাটিবলৈ ধৰিলো। এটা তামোল কাটি তিনিখন থুৰিয়াই লৈ, এখন খালো। আকৌ এটা চাই লৈ ফঁহিয়াবলৈ ধৰিছো, এনেতে তামোল এৰি এবাৰ আঙুলিতে ৰেপ্‌ দিলো! পাণ, তামোল, বটা তেজেৰে ৰাঙলী হল। ভাগ্যে থুৰিয়া তামোল তিনিখনিত তেজ নালাগিল। সেই তামোল কেখনি ইহাতে লাহেকৈ তুলি নি কৰণিত থ'লোগৈ। আৰু, চাকুলী বায়ে দেখে বুলি, তেজ [  ] লগা পাণ-তামোলবোৰ লৰালৰিকৈ বকৰাণিত পেলাই দি বটাটো চিন মাৰি ধুই পেলালোঁ। তাৰ পাচত, কটা-আঙুলিত চূণ-পাণ বান্ধি, বাহিৰলৈ ওলাই আহি দেখোঁ যে, গোহাঞিদেৱক পিচে পিচে লৈ দেউতা বাট-চ'ৰা পাইছেহি! মই লৰ মাৰি আকৌ ভিতৰ সোমালোঁগৈ। কটা আঙুলিৰ বিষ ততালিকে গম নোপোৱা হলোঁ।