পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


পৰ্যন্ত লোৱা নাই। গোহাঞিদেৱে মোক দেখা নাই, কিন্তু মই তেওঁক সদায় দেখোঁ। কিয়নো তেওঁক চাবলৈ মোৰ বহুত সুবিধা আছে। মই বেৰ-জলঙাইদি জুমি চাব পাৰোঁ, চকোৱাৰ আঁৰত লুকাই চাব পাৰোঁ। গতিকে, সেই পষত গোহাঞিদেৱ মোতকৈও দুৰ্ভগীয়া, সেই পষটো গোহাঞিদেৱলৈ অমাবস্যা ৰাতি।

এইভাৱে আৰু এপষ গ'ল। গোহাঞিদেৱৰ অন্তৰৰ বিষাদ ভাব মুখত বিৰিঙ্গি ওলাবলৈ ধৰিলে। আনে কিমান মন কৰে কব নোৱাৰোঁ, মই সদায় তেওঁৰ মনটি মৰা যেন দেখোঁ। খোৱা-লোৱাতো তৃপ্তি নোপোৱা যেন দেখোঁ। দেখি দেখি দিনে দিনে নোৰ মন-প্ৰাণ হত হবলৈ ধৰিলে। খোৱা-লোৱাত মোৰ তৃপ্তি নলগা হ'ল। আগতকৈও মোৰ মন বেজাৰ-অশান্তিত বেছি দকৈ বুৰিবলৈ ধৰিলে ! নিলগত থাকোতে গোহাঞিদেৱৰ সুখ-শান্তিৰ নিমিত্তে যিবোৰ কথা আলচিছিলোঁ সি মনতে মাৰ যাবলগীয়া হ'ল। আকাশৰ ফুল আকাশতে মৰহি যোৱা যেন লাগিল। আৰু, ময়েই তেওঁৰ নতুন বিষাদ কাৰণ হলো, এই কথাই মোৰ অন্তৰ দহিবলৈ ধৰিলে। কিন্তু কি কৰিম ! মোৰ মনৰ কথা মইহে বুজিছোঁ, আনক বুজাবলৈ মোৰ উপায় নাই; আৰু বুজিবলৈকো কোনো নাই। পৃথিৱীত আন কোনোবাই মোৰ অন্তৰ ঢুকি পাইছে যদি, তেওঁ গোহাঞিদেৱ, এয়ে মোৰ সৰল বিশ্বাস। এই বিশ্বাসতে মই এফেৰি শান্তি পাওঁ।

মোৰ যেই হওক, গোহাঞিদেৱৰ কাৰণে চিন্তাই মোৰ অন্তৰ পুৰি-ডেই ছাই কৰিবলৈ ধৰিলে। ঘাট-মাউৰা গোহাঞিদেৱক আমাৰ ঘৰত সুখে-সন্তোষে ৰাখিবলৈ আনি এতিয়া জানিবা তেওঁক মাথোন আন্তৰিক অশান্তি দিয়া হৈছে। আৰু, ময়ে তাৰ কাৰণ হ'লো ! গোহাঞিদেৱৰ শোক-বেজাৰৰ মূল-কাৰণ মই! এই কথা মোৰ প্ৰাণে যে খন্তেকলৈকো নসহে। যাৰ সুখ-শান্তিৰ নিমিত্তে দিন-ৰাতিয়ে মোৰ