পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হওঁতেই ইফালৰ পৰা মই আচল কথাটো কৈ দিম! যি হওক দেউতাই বুজনি দিলে, গোহাঞিদেৱে শুনিলে। শুনিলে আৰু শুনিলে তেওঁ একো এটি উত্তৰ নিদি দেউতাৰ কাষৰ পৰা ভক্তিভাৱে আঁতৰি তেওঁৰ কোঠাত সোমালগৈ।

এই ভাৱেই আপদীয়া দিন আৰু কেইবাটাও পাৰ হ'ল। গোহাঞিদেৱৰ মনৰ বিকাৰ গুছাবলৈ মই একো এটা উপায় কৰিব নোৱাৰিলো। গোহাঞিদেৱে ভাবিছিল চাগৈ, মই একেবাৰে তেওঁলৈ পাহৰিলো বুলি। তেওঁ ভাবি লৈছিল জানো মই আপোন-মনে মহা সুখে আছো তেওঁৰ ভাবনা ভাবিবলৈ মোৰ দৰ্কাৰ কি? তেওঁ ভাবিছিল চাগৈ তেওঁৰ অন্তৰৰ বেদনা বুজোতা জগতত আৰু কেও নাই। এনে নিঠুৰ ধাৰণাত চাগৈ গোহাঞিদেৱৰ শোক দিনে বাঢ়িছিল। কিন্তু মোলৈ তেওঁৰ তেনে ভাব নিতান্ত অসহনীয়। মোক তেনে ভাবি যদি তেওঁৰ বেজাৰ বাঢ়িছিল তেন্তে মোতপৰ অভাগিনী আৰু জগতত নাই। ময়ে তেওঁৰ বেজাৰৰ ঘাই কাৰণ, ময়ে তেওঁৰ সেই বেজাৰ বঢ়াওঁতা ইয়াতকৈ আৰু ডাঙৰ সন্তাপৰ কথা মোলৈ কি হ'ব পাৰে! যি হওক কি উপায়ে নো গোহাঞিদেৱৰ মনৰ পৰা এই ভুল ধাৰনা গুচাব পাৰি তাৰ চিন্তাত ধৰিলো। ভাবি ভাবি একো উপায়-বুদ্ধি নাপাওঁ। কত পাঙ্গো কত ভাঙ্গো একো এটা স্থিৰ কৰিব নোৱাৰো। মোৰ উদ্দেশ্য হৈছে যে, মই গোহাঞিদেৱলৈ পাহৰা নাই বুলি কেনেকৈ তেওঁক জানিবলৈ দিয়া হয়। তেওঁ কেনেকৈ বুজিব পাৰে যে, মই সদায় তেওঁৰ ভাবনাতে আছো। কি উপায়ে তেওঁক গম পোৱাওঁ যে মই তেওঁক মোৰ প্ৰাণতকৈও ভাল পাওঁ। দুপৰীয়া নীৰলে সদায় এই চিন্তাত বহোঁ। দেউতা আৰু গোহাঞিদেৱ ৰজাঘৰলৈ ওলাই গলেই ইফালে মোৰ এই চিন্তা। চিন্তো হয়, কিন্তু এদিনো তাৰ অন্ত নাপাওঁ। এইদৰেই কেইবা দিনো গল। এদিন দুপৰীয়া এই চিন্তাত ভাগৰি ফুলনি-