পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


তৃতীয় আধ্যা

কুঁহিত পোক

মোৰ মনত পৰা খিনিত দেউতাক ৰজাঘৰলৈ অসময়ত যোৱা দেখা নাই। আৰু, ডাঙৰীয়া-বিষয়াসকল সেইদৰে ৰজাঘৰলৈ যোৱাৰ বিধিও নাই। সিদিনা সন্ধিয়াপৰত স্বৰ্গদেৱে দেউতাক কিয় মতাই নিছিল আৰু দেউতাৰে সৈতে গুপুতে কি আলচ পাতিলে তাৰ একো সম্ভেদ নাপালোঁ। সেই সম্ভেদ লবলৈ কিমান যে যত্ন কৰিলোঁ, সকলো মিছা হ'ল। এদিন বুঢ়াগোহাঞি ডাঙৰীয়াৰে সৈতে কথা-বাৰ্ত্তা হওঁতে দেউতাই হঠাৎ ৰজাঘৰলৈ যোৱা কথাটো ওলাইছিল। পিচে, দেউতাই ঠাইতে পাক লগাই কথাৰ ধাৰ অইন পাকে বোৱাই নিলে। ডাঙৰীয়াই টলকিব নোৱাৰিলে; কিন্তু মই কথাটোলৈ বেচকৈ মন কৰি আছিলোঁ।

দেউতা ৰজাঘৰলৈ যোৱাৰ পিচদিনাৰেপৰা মই গোহাঞিদেৱৰ আগত নোলাবলৈ আদেশ পৰিল। ডাঙৰ হবৰেপৰা ভাল মানুহৰ আগত ওলাবলৈ মোৰ স্বভাৱতে লাজ লগা হৈ আহিছিল। গোহাঞিদেৱে সৰুৰেপৰা দেখা কাৰণেহে তেওঁৰ আগত ওলাওঁ-নোলাওঁকৈ ওলাইছিলোঁ। এতিয়া চাকুলী বাইৰ মুখে দেউতাৰ সেই হাক-বচন শুনিবৰ পৰা গোহাঞিদেৱৰ নাম লবলৈকো মোৰ লাজ লগা হ'ল। দেউতাৰ হাক-বচনত মোৰ বেজাৰ পাবৰ কাৰণ নাই, কিয়নো সেইটো সকলো ভাল মানুহৰ ঘৰৰ দস্তুৰ। কিন্তু সেই অসময়ত ৰজাঘৰলৈ যোৱাৰ পিচদিনাই এই হাক-বচন কিয় শুনিবলগীয়া হ'ল ? সেইটো মোৰ দুপতীয়া আশা-লতাৰ কুঁহিত বিঘিনি-পোক লাগিলহি নেকি?

সেই ৰজাঘৰলৈ যোৱা দিনৰে পৰা এপষ পাৰ হ'ল। এই পষটো আনলৈ শুক্ল; মোলৈ কৃষ্ণ। ইয়াৰ ভিতৰত গোহাঞিদেৱে মোৰ ছাঁটোও দেখিবলৈ পোৱা নাই। আৰু মই কাৰো আগত তেওঁৰ নাম