পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাৰীত সোমালোগৈ। দেখিলো, মোৰ গোলাপ কেইজুপি ফুলি জক্‌মকাই আছে। তাৰে ভালকৈ ফুলা এপাহি আৰু ঢোপাকলি এটি তুলি ললো। কি ভাবি কব নোৱাৰো কোনোবা এপাকে গোহাঞিদেৱৰ শোৱা-কোঠাত সোমালোহি। সোমাই ইফালে-সিফালে চালো কোনো নাই। লাহেকৈ কলিটি আৰু ফুলপাহি যোৰ পাতি গোহাঞিদেৱৰ গাৰুটিৰ ওপৰতে সজাই থৈ লৰালৰিকৈ ওলাই আহিলো। গুপুতে এই কামফেৰি কৰি আহি মোৰ মনত কিবা এটা অসাধ্য সাধিলো যেন লাগিল। কিন্তু, এই কামৰ ফলাফল ভাবি মন আকৌ অস্থিৰ হবলৈ ধৰিলে। গোহাঞিদেৱে ভালপোৱা এটি কাম সাধি আহিছো, এনে ভাবে আনন্দত মোৰ মন ফুলাই তুলিছিল। কিন্তু আকৌ চালো, জানোবা তেওঁ আহি ইয়াৰ আচল তত্ব নোপোৱাকৈ এই কথা লৈ জন্ জনাই দিয়েহি! তেতিয়া ভিতৰে বাহিৰে হুলস্থুল লাগি উঠিব। দেউতাই পোনেই মোকহে ভাবিব। নাভাবিবলৈ, মোত বাজে এনে কৰিবলৈ আমাৰ ঘৰত আৰু আছে কোন? এই আশঙ্কাত মন আকৌ জ'য় পৰি আহিল। এইদৰেই এবাৰ এটা ভাবে মন ফুলাই তোলে, আকৌ আন এটাই মুদাই নিয়ে। এনে উগুল-থুগুল ভাবে মনৰ ভিতৰত উৎপাত লগাই থাকোতেই দেখিলো, গোহাঞিদেৱ আহি পদূলিমূৰ পালেহিয়েই! তেওঁ এতিয়াই ভিতৰ সোমাবহি? দেখি নো বুলিব কি? এই উতলা ভাবত মই তৰণি নোপোৱা হৈ উঠিলো। সেই মুহূৰ্ত্তটো মোলৈ বৰ সাংঘাতিক যেন লাগিল! গোহাঞিদেৱ সোমালেহি। ওলাই অহালৈ আৰু মোৰ বাট চাবৰ শক্‌তি নহল!