পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যাওঁতে কোনোবাই 'কোন সিটি' বুলি মাত লগাই গ'ল। মই সেই পোনেই মূছকঁছ যোৱাৰ দৰে হ'লো। তাৰ অলপ পাচত, হাতৰ সাৰে ভৰিৰ সাৰে মই গোহাঞিদেৱৰ কোঠাৰ পৰা ওলাই পোন-চাতেই পিচচোতাল পালোগৈ। সেইদিনাৰ পালি সেইদৰেই অন্ত পৰিল। পিচদিনা ফুল থবলৈ সোমাই গৈ, ময়ো সেই তুলাপাত ডুখৰিৰ পিঠিত "চোৰ নহওঁ, —আপোনাৰ মই হে" এই বুলি লিখি ফুল যুৰিৰ তলত পাৰি থৈ আহিলোগৈ। ইয়াক পাই গোহাঞিদেৱে বা আকৌ মনত কি ভাব লয়, সেইটি জানিবৰ নিমিত্তে মনত উগুল-থুগুল লাগিবলৈ ধৰিলে। সেইদিনা সন্ধিয়ালৈকে বেৰ-জলঙাৰপৰা চকু তুলিব নোৱাৰিলো। গোহাঞিদেৱ ওলাওঁতে সোমাওঁতে তেওঁৰ ভাব-গতিত সেই বিষয়ৰ কিবা উমান পাওঁ বুলি চাওঁতেই গ'ল। ৰাতিলৈ টোপনিৰো নাটনিত পৰিলো। পাটীত পৰিবৰ কত পৰ হ'ল, আনবিলাক সকলো শুই নিঃপালি দিলে, তেতিয়াও মোৰ চকুত টোপনি নাই। শেহ-ৰাতি মাথোন চিল-মিলকৈ এঘুমটি টোপনি আহিছিল। পিচদিনা কেতিয়া পুৱাটো পাৰ হয়, কেতিয়া দূপৰ হয়, কেতিয়া দেউতা আৰু গোহাঞিদেৱ ওলাই যায়, তালৈ বাট চাই আমনি লাগিছিল। পিচে, সিবিলাক গৈ বাটচ'ৰা পাৰ নৌ হওঁতেই মই গোহাঞিদেৱৰ শোৱাকোঠা পালোগৈ। পাই, দেখো যে কৰণিত ফুল দুটি এখন তুলাপাতত যতনেৰে তুলি থোৱা আছে। মই লৰালৰিকৈ তুলাপাতখন টান মাৰি আনি পঢ়ি চাওঁ যে, এই কেফাকি কথা লিখা আছে, "যেয়ে কি নোহোৱা 'মই, ভা-ভা-ভাবত ভানু-উদয়।" পঢ়ি যাওঁতেই মোৰ হাঁহি উঠিল, বোলো, গোহাঞিদেৱ খোনা হ'ল নে কি? ভা-ভা-ভাখন কিহৰ! কিন্তু, পিচমুহূৰ্ত্ততে মই লাজত তলমূৰ কৰিলোঁ; বুজিলো, মোক তেওঁ; ধৰা পেলাইছে। মই সেই সময়ত ভিতৰি কি যে হৈছিলো, কবলৈ কথা বিচাৰি নাপাওঁ।