পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


তেওঁৰ সন্তোষ আৰু উৎসাহ লগা যেন দেখা যায়। দেউতাই ভাবিছে যে, তেওঁৰ সেই দিনাৰ সাৰুৱা বুজনিয়ে এই ফেৰা গুণ ধৰাইছে। এই বিশ্বাসতে তেওঁ এতিয়া গোহাঞিদেৱলৈকো বৰ সন্তোষেৰে চায়। অপুত্ৰক দেউতাৰ গোহাঞিদেৱেই যেন একেটি পুত্ৰ, তেওঁৰ ভাবত এনে বুজা যায়। আৰু দেউতাৰ তেনে ভাব দেখি মোৰ বুকুত জুৰ লাগি আহে। এনে ভাব দেউতাৰ মনত যিমান ডাঠ হয়, সিমানেই মই ৰং পাওঁ। সি যি হওক, কিন্তু দেউতাই গোহাঞিদেৱৰ মন মুকলি হোৱাৰ আচল অৰ্থ এতিয়াও ঢুকি পোৱাগৈ নাই। দেউতাৰ সাৰুৱা বুজনিয়ে গোহাঞিদেৱক জ্ঞান দিলে হয়, কিন্তু এই অভাগিনীয়ে নাজানি কৰা এফেৰি কামে হে তাৰ আচল গুটি ধৰালে।

সেই দিনাৰ পৰা মই নিতৌ এযুৰি ফুল গোহাঞিদেৱৰ গাৰুৰ ওপৰত সজাই থবলৈ ধৰিলোঁ। আৰু, পাচলৈ সি মোৰ দিনৌ কৰিবলগীয়া এটা কামৰ দৰে হৈ উঠিল। আগদিনা ফুলযুৰি সজাই থৈ আহোঁগৈ, পিচদিনা কৰণিত তুলি থোৱা পাই তাক উলিয়াই পেলাওঁগৈ। এই কামটিৰ বিষয়ে গোহাঞিদেৱ আৰু মোত বাদে আন কেৱে নাজানে। আৰু, এই কাৰ্য্যৰ মূলত কোন, গোহাঞিদেৱেও সেইটি জানে বুলি ডাঠি কব নোৱাৰো। সেইদৰেই ভালেমান দিন পাৰ হৈ গ'ল। পিচে, সেই কামটিৰ কৰোঁতা কোন, তাক জানিবৰ কাৰণে কেইদিনমানৰ পৰা গোহাঞিদেৱৰ মনত উগুল-থুগুল লাগিল। সেই অৰ্থেই এদিন তেওঁ ফুল কেইপাহি কৰণিত তুলি থওঁতে, লগতে এডুখৰি তুলাপাতত "কোন ইটি মনচোৰ?" এই কেইটি কথা লিখি থৈছিল। পিচে, সেইদিনা মই নতুন থৈ পুৰণি পেলাবলৈ যাওঁতে তুলাপাত ডুখৰিত লিখা কথাকিটি পঢ়ি চাই, আপোনা-আপুনি লাজে-ভয়ে, সুখে-দুখে বিভোৰ হৈ পৰিলো। কিছুমান পৰ এইভাৱে থৰ লাগি ৰৈ আছো। এনেতে মাৰল-ঘৰেদি