পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এইদৰেই গ'ল, দিনচাৰেক। গোহাঞিদেৱেও কিবা এফাকি লিখি থৈ যায়, ময়ো কিবা এটি উত্তৰ লিখি থৈ আহোঁগৈ। এনে ব্যৱস্থাই গোহাঞিদেৱক কিমান সুখ দিছিল ক'ব নোৱাৰোঁ, মই হ'লে আনন্দত উতলি পৰিছিলো, মোৰ আগৰ চিন্তা-ভাবনা সকলো পাহৰি গৈছিলোঁ। এনে ব্যৱস্থা যেন চিৰকাল চলিব, এনে সুখৰ যেন অন্ত নপৰিব, এনে ভাবিছিলো! পিচে, এদিন এই সুখ উপচি পৰা যেন পালোঁ। আবেলি এদিন মই মূৰ মেলাই আছোঁ, এনেতে চাকুলী বাইৰ পুতেক আঘনাই চুচুক-চামাককৈ মোৰ ওচৰ চাপি মোৰ কোঁচতে বিয়োগ-নিদিয়া লেফাফা এটা পেলাই দি ভিৰাই লৰ মাৰিলে। মই 'কি' বুলি সুধিবলৈ নাপালোঁ। লৰালৰিকৈ লেফাফাটো মেলি চাওঁ দেখোন ভিতৰত এখন চিঠি। আখৰ গোহাঞিদেৱৰ। কথা এই কেই আষাৰ: "ভানু! তোমাক মই কি সম্বোধন ধৰিব পাওঁ, ভাবি-চিন্তি পাইছিলোঁ, কাৰ্য্যত দেখাবলৈ সাহ নহ'ল। আৰু, কপালত নাথাকিলে সি কাৰ্য্যত কেনেকৈ ফলিয়াব; সম্প্ৰতি সৰহ কবলৈ মোৰ চল নাই; কিন্তু মোৰ এই শোকে-চেপা হিয়াত যে তোমাৰ মোহিনী মূৰ্ত্তি কেতিয়াবাৰেপৰা থাপনা কৰা হৈছে, সেই সঁচা কথা কবলৈ সঙ্কোচ নকৰো। মন পালে, মনোভাব আৰু প্ৰকাশিব পাৰি। কিন্তু, ইয়াতে কিজানি বহুত দোষ কৰিছোঁ; ভানু ক্ষমা কৰিবাঁ।" চিঠিখন ঘূৰাই তিনিবাৰ পঢ়িলোঁ আকৌ পঢ়িলোঁ। পঢ়ি হেঁপাহ নুগুচিল। আকৌ পঢ়িম বুলি ৰিহাৰ আঁচলত বান্ধি ললোঁ।