পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


চতুৰ্থ আধ্যা

চিঠি-পত্ৰ

কেইদিনমানৰ পৰা দেউতাৰ মনটিত ৰং। পূৱা-গধূলি জিৰণিৰ সময়ত তেওঁৰ মনটি ফুলি থকা যেন দেখোঁ আৰু, মই মন কৰিছোঁ মানুহৰ লগত কথা-বাৰ্ত্তা হওঁতে অলপ মন ভাল লগা কথা ওলালেই দেউতাৰ মুখত হাঁহি বিৰিঙ্গিবলৈ ধৰে। ইয়াৰ আচল অৰ্থ কি তাকেহে বুজিব পৰা নাই।

ৰজাঘৰৰ পৰা মানুহ অহাটোও কেইদিনমানৰ পৰা ঘন হৈছে। সেইদিনা দেউতাক অসময়ত ৰজাই মতাই নিয়াৰ পাচৰপৰা ৰজাঘৰীয়া মানুহ কেইবাযোৰাও লালিকৈ আহিছিল। তাৰ পাচতো নিতৌ আহিবই লাগিছে। আহেমানে যেন দেউতাই ভাল পায়। মানুহ উঠি যাবৰ সময়ত দেউতাই এনে ভাৱে বিদায় দিয়ে যেন সিবিলাক আকৌ আহেগৈ। মোৰ হলে, কি এটা কথা, ৰজাঘৰৰ মানুহ বুলিলে দেখিবৰ মন নাযায়, আমনি কৰিবলৈ অহা যেনহে লাগে। দেউতাই ভিতৰলৈ তামোল খুজি পঠিয়ালে মনে-মনে মোৰ বৰ খং উঠে। নোৱাৰাত হে তামোল কাটি দি পঠিয়াওঁ। এই মানুহ বিলাক আহে কিয় আৰু কেইদিনমানৰ পৰা অহা ঘন হৈছে কিয়, মই বুজিব পৰা নাই।

****************

দেউতাৰ মনত ৰং লগাৰ আৰু এটি কাৰণ আছে। অৰ্থাৎ কেইদিনমানৰপৰা গোহাঞিদেৱৰ মনটি মুকলি। আগৰ দৰে তেওঁ আমন-জিমনকৈ নাথাকে। কাম-কাজ, কথা-বাৰ্ত্তা সকলোতে