পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


৩৫

সকলক পেটে-পেটে বেয়া পোৱা হল। আৰু, লাহে লাহে এই হিংসা কুঁৱৰীৰ অন্তৰত বৰকৈ জ্বলি উঠিল; তেওঁ মহন্তসকলক ভালকৈ এসেকা দিবলৈ মনে-মনে আলচিবলৈ ধৰিলে। এই উদ্দেশ্যেই কুঁৱৰীয়ে দূৰ্গা-পূজা পাতি তালৈ মহন্তসকলক নিমন্ত্ৰণ দিলে। ৰাণীৰ আজ্ঞা পালি সিবিলাকে নিমন্ত্ৰণ পালিবলৈ আহিল। পিচে পূজা ভগাৰ পাচত, কুঁৱৰীৰ আদেশ মতে, মহন্তসকলক বলেৰে গোসাঁনীৰ প্ৰসাদ লোৱালে। আৰু, যিবিলাকে অলপ আপত্তি দেখুৱাইছিল, সিবিলাকক ধৰাই মাহ-প্ৰসাদ কটিয়াই, কপালত বলী-কটা ছাগলীৰ তেজৰ ফোঁট দিয়াই নগুৰ-শাস্তি কৰালে। এই কথাত মহন্তসকলে মৰ্ম্মান্তিক বেজাৰ পালে। আৰু, তেতিয়াৰে পৰা সিবিলাকে ৰাজক্ষমতাৰ বিৰুদ্ধে লৰিবলৈ তলে তলে সাজু হল।

অকল মোৱাঁমৰীয়া মহন্তই ইমান শকত কাম এটা সফল কৰি উঠা টান। সেই কাৰণে, সিবিলাকে তলে তলে সিবিলাকৰ দলত নতুনকৈ মানুহ লবলৈ ধৰিলে। চেমনীয়া ডেকা ল'ৰাবিলাকৰ কপালত মৃত্তিকাৰ ফোঁট দি মহন্তৰ সংখ্যা বঢ়াবলৈ এদল মহন্ত তলে তলে ঘূৰিবলৈ ধৰিছে। তাৰে এযোৰা আহি বুঢ়ীৰ ঘৰত উপস্থিত। সিবিলাকে বহিয়েই বুঢ়ীক মোৰ কথা সুধিলে। বুঢ়ীয়ে মোক তেওঁৰ তোলনীয়া-পো বুলি চিনাকি দিলে। তাৰ পাচত, সিবিলাকে বুঢ়ীৰ সৈতে বহুত পৰ কথা-বাৰ্ত্তা পাতিলে। মই ওচৰতে বহি শুনি আছিলোঁ। মুঠৰ ওপৰত, সিবিলাকে মোক সিবিলাকৰ দলত সুমাই লবলৈ বিচাৰে; বুঢ়ী তাত একোপধ্যে মান্তি নহয়। সদৌশেহত, মই নিজে আগবাঢ়ি কবলৈ ধৰিলোঁ, "আই! এখেতবিলাকে যি কথাৰ নিমিত্তে তোমাক খাতিছে, সি বৰ সজ কথা। তাত মান্তি হলে ধৰ্ম্ম হব। তিৰোতাসেৰুৱা ৰজাই কুঁৱৰীক ৰাজপাট এৰি দি, ৰাজ্যত উৎপাত লগোৱাইছে। এই উৎপাতৰ পৰা ৰাইজক উদ্ধাৰ কৰিবলৈ যি আগ বাঢ়িব তাৰ মহাপুণ্য হ'ব। যি