পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৃহস্থই এটা মানুহ দিব তাৰ এটকা-মহন্তৰ ধৰ্ম্ম হ’ব৷ এতেকে, আই তুমিও সেই পুণ্য অৰ্জন কৰা৷ “ মহন্ত কেইজনে মোক ধন্য ধন্য কৰিবলৈ ধৰিলে৷ আৰু, ময়ো যে কুঁৱৰীলৈ কিবা হিংসাৰ ভাবত কৈছিলো, এনে নহয়৷ কিয়নো, তাত মোৰ অলপো আস্থা নাই৷ মই নিজে ইচ্ছা কৰি সেই কুঁৱৰীক ৰাজপাট এৰি দি আহিছোঁ৷ সি যি হওক, বুঢ়ীয়ে অলপ পৰ টলকা মাৰি ৰৈ, মোক কলে, “বোপাই, একেবাৰে এৰি যাবি নে কি? যাব খুইছ যা, মই নো ধৰি ৰাখিব পাৰো নে! “ এই বুলি বুঢ়ীয়ে মনটো আমোলাই পেলালে৷ মই ততালিকে আকৌ কলো, “নহয়, আই, একেবাৰে যাব লাগিলে এদিনলৈকো নাযাওঁ! মই দিনৌ এওঁবিলাকৰ দলত যোগ দিমগৈ, দিনৌ উলটি আহিম৷ কোনো চিন্তা নাই৷" এই কথা শুনি বুঢ়ীয়ে ৰং মনেৰে মোক মোৱাঁমৰীয়া মহন্তৰ দলত যোগ দিবলৈ অনুমতি দিলে৷

মোৱাঁমৰীয়া মহন্তৰ লগত কাম কৰি মোৰ মনত দিনক-দিনে উৎসাহ বাঢ়ি আহিল৷ ৰাইজৰ হৈ ৰাজ-ক্ষমতাৰ বিৰুদ্ধে উঠা মোৰ উদ্দেশ্য নহয়‌, কেনেকৈ ৰাজ-অত্যাচাৰ গুচাব পাৰি মই তাৰ আলচত হে ফুৰিবলৈ ধৰিলোঁ৷ এই ভাৱেই কিছুমান দিন গ’ল৷ এদিন মহন্তৰ মন্ত্ৰণাত স্থিৰ হ’ল যে, তেতিয়ালৈকে ইফালৰ পৰা একো কৰিব নোৱাৰাটো বৰ লাজ আৰু বেজাৰৰ কথা হৈছে৷ এতেকে, দিন চাৰেকৰ ভিতৰতে ৰজাৰ শিঙ্গৰীঘৰত জুই দি বিদ্ৰোহৰ চিন্ দেখুৱাব লাগে৷ মই দেখিলো, বিদ্ৰোহৰ চিন্ দেখুৱাই ৰজাঘৰত ভয় লগোৱাটো ভাল কথা হৈছে৷ কিয়নো, ইয়াৰ পৰা এক পক্ষে কুঁৱৰীয়ে ভয় পাই শান্ত হ’ব পাৰে; আৰু আন পক্ষে ৰজাৰ নগৰত মই পলোৱাৰ বিষয়টো ই তল পেলাব৷ কিন্তু, সেই বুলি শিঙ্গৰীঘৰত জুই দিয়াটো ভাল নহয়৷ তেনে কৰাৰপৰা ৰাজ্যৰ ক্ষতি হে হব মাথোঁন৷ সেই কাৰণে, মই মহন্তসকলক এই বুলি ঘূৰালো যে, শিঙ্গৰীঘৰত জুই দিয়াটো বিদ্ৰোহৰ চিন্‌ নহয়, সি বিদ্ৰোহৰ কাৰ্য্য হে