ভানুমতী/সপ্তম আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভানুমতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ৩০ ]

সপ্তম আধ্যা

অতিথিৰ থিতি

জীৱনত সেইদিনা মই ৰাতিপুউৱা দেখিলোঁ। দিনৰ পাচত সন্ধিয়া লগা বহুত দেখিছোঁ। পোহৰ কেনেকৈ আন্ধাৰত লুকায়গৈ, ভালেমানদিন মন কৰি কৰি আহিছোঁ। কিন্তু, ৰাতিৰ পাচত ৰাতিপুউৱা সেইদিনা হে মই প্ৰথম দেখিলোঁ। পোহৰৰ আগত আন্ধাৰ কেনেকৈ ক্ৰমাৎ শেঁতা পৰি লয় পায়, সেইদিনাহে মোৰ চকুত ভালকৈ পৰিল। তাৰ লগতে মোৰ মনত আৰু এটা কথা বৰকৈ লাগিল। সংসাৰৰ সুখ-দুখৰ এটা স্বাভাৱিক ৰূপ সেইদিনা মোৰ মনত বেচকৈ লাগিল। দিনৰ পাচত যেনেকৈ ৰাতি হয়, পোহৰ যি ভাৱে আন্ধাৰত মাৰ যায়, মানুহৰো সুখৰ পাচত দুখ হয়, শোকৰ পীড়নত সন্তোষ লয় পায়। ইয়াৰ আৰ্হি মানুহে নিতৌ দেখে। ময়ো দেখিছিলোঁ। আকৌ, ৰাতিৰ পাচত যি নিয়মে দিন আহে, আন্ধাৰ যি ভাৱে পোহৰত মাৰ যায়, মানুহৰো সেইদৰে দুখৰ পাচত সুখ হয়, শোকৰ পীড়ন সন্তোষৰ অনুভৱে শাঁত লগায়। ইয়াৰ আৰ্হি কিন্তু মানুহে সততে দেখা নাপায়। মোৰ নিচিনাকৈ কাচিত-কেতিয়াবা যি চকুৰে ৰাতিপুউৱা দেখিছে, সি হে এই আৰ্হিৰ ধাৰণা কৰিব পাৰিছে। সেইদিনা গছৰ তলত ততালিকে মোৰ মনত এনে এটা ভাব আহিল, দেহি ঐ, সংসাৰত মোৰ দুখৰ নিশা এই নিচিনাকৈ পুৱাব নে! এই ভাব উঠা মাত্ৰে নানা চিন্তাই মন অস্থিৰ কৰি তুলিলে, শোকৰ চেপাত দুধাৰি চকু-লো দুগালে বৈ পৰিল। [ ৩১ ] গছৰ তলত বহি লোৱা মাত্ৰকে ভাগৰে হে'চা মাৰি ধৰিলে। পৰ্ব্বত এটা মূৰত লোৱাৰ সমান গা গধুৰ লাগি পৰিল। তদুপৰি ভৰিৰ ৰমৰমনি, ভমভমনি, খোচ্‌ খাই ঘা লগা অঙ্গৰ চেক্‌-চেকনি, ভকভকনিত জ্বৰে-বিষে একেঠাই হৈ উঠাৰ নিচিনা লাগিল। মই যেন সেই ফালেই পৰি যাম! পৰি যেন আৰু নুঠিম! একেবাৰে নুঠা হব পাৰিলেই যেন মই পৰিত্ৰাণ পাওঁ! এইভাৱে গা-মন অৱশ হৈ আহিল। এৰি যোৱা ভাবনাৰ সোঁত আকৌ বৈ আহিল। ভাবিলোঁ, আজি মই কত? আজি মই কোন্‌? ― আজি মই মুকলি পথাৰত, অকলশৰীয়া গছৰ তলত! আজি মই বাটৰ মাগনী? উপজিবৰেপৰা মই এনে মুকলি পথাৰৰ মাজত পৰা নাই। দশোদিশ চাই পঠিয়ালে এনে লাগে, যেন ঈশ্বৰে আজি মোক আকাশৰ তলত নিচেই অকলশৰীয়া কৰি এটা মায়া-চৰুৰ ঢাকনিৰে ঢাকি থৈছে। যিমানলৈকে দেখিছোঁ কেইওপিনে যেন আকাশ মাটিত লাগিছে। এই বহল ৰাজ্যৰ ভিতৰত শুদা ৰাজপাত খাবলৈ যেন মোক ঈশ্বৰে অকলৈ ৰাজ-ৰাজেশ্বৰী পাতিছে। আলাসত উটি-ফুৰা চৰাই-চিৰ্‌কতিবোৰৰ আৱ-ভাৱ চাই সৃষ্টি-লীলা বুজিবলৈ যেন ইয়াত অকলে আসন পাইছোঁ। ওপৰত বনাই-ফুৰা চিলনীবোৰলৈ একেৰাহে চাই থাকিলে এনে লাগে, যেন সিহঁত উলাহত উটি ফুৰিছে। মাজে মাজে চিঁ-ইঁ-ইঁ, সুৰেৰে কাতৰভাৱে মাতিলে আকৌ এনে লাগে, যেন সেই দুৰ্ভগীয়া চৰাইকিটি জিৰণিৰ থলহীন হৈ, অমাই-কমাই ফুৰিছে! সিহঁতৰ এনে ভাব-গতি দেখি খন্তেকলৈ মোৰ ভাগৰ-বেজাৰ পাতল লাগি যায়। কিয়নো, মই তেওঁ জিৰাবলৈকে এফেৰি থল পাইছোঁ, সিহঁতৰ সিও নাই। এনেবোৰ ভাবে মোক সেই মুহূৰ্ত্তৰ নিমিত্তে ক'ৰবালৈ উৰুৱাই নিয়াদি নিলে। গছৰ গাত আঁউজি বহি থাকোঁতেই মোৰ চকু মুদ্‌ খাই আহিল। [ ৩২ ] চিল্‌মিল্‌কৈ টোপনি এঘুমটি আহিছিল; আকৌ চ'ক্‌ খাই উঠিলোঁ। সাৰ পোৱা মাত্ৰকে শোকে খুন্দি আনিলে। সেই টোপনিফেৰিতে মই দেউতা আৰু গোহাঞিদেৱক সপোনত দেখিছিলোঁ। দুয়ো মোক বিচাৰি বাউল হৈ ফুৰিছে। দেহিঐ, মনত পৰিলে হিয়া ফাটি যায় যেন লাগে। মোৰ দেউতাই নো মোক নেদেখাকৈ কেনেকৈ আছে! পুৱা মোক বিচাৰি নাপাই জানো শোকত বিহ্বল হৈ পৰিছে। কেইওপিনে মোক চিঁয়ৰি খলক লগাইছে জানো। আৰু গোহাঞিদেৱ! মোৰ প্ৰাণেশ্বৰ গোহাঞিদেৱো জানো বিহ্বল হৈ পৰিছে। কিন্তু এটা কথা। গোহাঞিদেৱে যদি মোৰ চিঠিখন পাইছে, তেন্তে তেওঁ মনে মনে সকলো বুজি পাইছে। কিন্তু, আৰু এটা কথা। জানোবা মোৰ চিঠি পায়েই, তেওঁ মোক বিচাৰি আহিছে। তেনে হলে, কি জানিবা তেওঁ মোক ইয়াত পায়হিয়েই! এই কথা মনত খেলোৱা মাত্ৰকে আকৌ গিৰিপ্‌কৰে উঠিলোঁ। আৰু এছোৱা কোবা-কুবিকৈ গৈ নিলগত এখন গাওঁ দেখিলোঁ। গাঁৱৰ ওচৰ চাপোঁ মানে ভোকে-পিয়াহে মোক জুমুৰি দি ধৰে। পিচে, অতি কষ্টে চুচৰি যোৱাদি গৈ এঘৰৰ পদূলিমুখত থিয় হলোঁগৈ। দেখিলোঁ, আদহীয়া তিৰোতা এজনীয়ে শাকনিত খুতুৰা শাক তুলিছে। মই তাইৰ ওচৰ চাপি কাতৰভাৱে কলোঁগৈ, "আই, মোৰ বৰ পিয়াহ লাগিছে। এটুপি পানী খুৱাব পাৰাঁ নে?" মানুহজনীক জানিবা জোকাই কিল্‌ হে খালোঁ। তাই মোক পেঙলাই কৰি কলে, "বাৰু, মোৰ বোপাই নুখুৱাম নো কিয়? আমাৰ কিবা বন কৰি আহিছে?" এই বুলি তাই আকৌ শাক তুলিবলৈ লাগিল। মই তাৰপৰা বেজাৰ মনেৰে আঁতৰি গৈ আৰু এঘৰৰ এজনীক আতুৰভাৱে এটুপি পানী খুজিলোঁ। ইজনীয়ে মুঠেই চুই হে নিকিলালে। তাই মুখখন ভেঙুৰা-ভেঙুৰিকৈ দেখুৱাই কেইআষাৰমান অবাইচ্‌ মাত মাতি মোৰ ওচৰেদি ভোঁ-ভোঁৱাই গুচি গ'ল। মোক শোকে-ভোকে-পিয়াহে খুন্দা মাৰি [ ৩৩ ] ধৰিলে। কান্দি পেলালোঁ। তাৰ পাচত, আৰু তিনি ঘৰৰ তিনিটা পদূলি পাৰ হৈ, এঘৰত এগৰাকী বুঢ়ীক সূতলাহি পকাই থকা দেখি ভয়ে-ভয়ে তেওঁৰ ওচৰ চাপিলোঁগৈ। বুঢ়ীটিয়ে মোক দেখা মাত্ৰকে মৰম লগাই সুধিলে, "বোপাই, তই নো ক'ৰপৰা আহিছ?" বুঢ়ীৰ মুখে বোপাই মাত-আষাৰ পাই মোৰ মনত অলপ সাহ হ'ল। মই লাহেকৈ কলোঁ, "বুঢ়ী আই, মই ভালেখিনি দূৰৈৰপৰা আহিছোঁ। আন কথা পিচেও কম' পিয়াহত মোৰ প্ৰাণ যায়! বুঢ়ী আই, মোক পানী এটুপি খুৱাব পাৰাঁ নে?" বুঢ়ীয়ে আথে-বেথে কলে, "আঐ দেহি! পানী টোপা নো কি বস্তু, দিব পাৰিম তো। বহাঁ মোৰ সোণাই, ইয়াতে বহাঁ?" এই বুলি মোক ডুখৰিপীৰা এখন বহিবলৈ দি, বুঢ়ীয়ে ভিতৰৰপৰা পানী এলোটা আৰু বাটি এটা লৈ আহিলগৈ। পানী এবাটি বাকি লৈ, বুঢ়ীয়ে মোক আকৌ সুধিলে, "বোপাই, তই পুৱাৰেপৰা একো নাই খোৱা হবলা?" মই কলোঁ, "আই, মই কালিৰেপৰা খোৱা নাই।" সেই কথা শুনি বুঢ়ীয়ে, "এ, শুদা পেটত পানীয়ে বেয়া কৰিব" বুলি, আকৌ ভিতৰলৈ সোমাই গৈ, গুৰ অকণমানৰে সৈতে সান্দহ-গুৰি অলপমান আনি দিলেহি। মই অতি তৃপ্তিৰে জলপানটি খাই বুঢ়ীৰ কাষতে বহি কথা পাতিবলৈ ধৰিলোঁ।