পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম আধ্যা

তোলনীয়া পো

এদিন দুপৰীয়া তিনিজন মোৱাঁমৰীয়া বৈষ্ণৱ আহি উপস্থিত। বুঢ়ীয়ে আথে-বাথে ঢৰা-পীৰা পাৰি দিলে। তিনিও বহিল। আলহি সুধিবৰ নিমিত্তে বুঢ়ীও ওচৰতে এফলীয়া হৈ বহিল। ময়ো সিবিলাকৰ ভিতৰত হোৱা কথা বাৰ্ত্তাৰ ভাগ লবলৈ বুলি বুঢ়ীৰ কাষতে বহিলোঁ। বুঢ়ীয়ে ভকত সকললৈ চাই, "সকাম বা কি?" বুলি সোধাত বৈষ্ণৱ কেইজনৰ এজনে চমুকৈ যি কলে, তাৰ সাৰমৰ্ম্ম এই:

ৰাজনগৰত বৰ বিপদ। কিছুমান দিন হ'ল, কিবা ৰাজকাৰ্য্যত স্বৰ্গদেৱ ভটীয়াই গৈছিল। আৰু, গুৱাহাটী গৈ পাওঁতেই ৰজা নৰিয়াত পৰি স্বৰ্গী হ'ল। ইফালে বৰ-কোঁৱৰ ৰাজপাটত উঠিল। ৰজা হৈ তেওঁ অম্বিকা দেৱী কুঁৱৰীক বিয়া কৰায়। তাৰ পাচত; ছমাহমান ৰজা হওঁতেই ছত্ৰভঙ্গ যোগ পৰাত, তেওঁ নিজৰ কুঁৱৰীক ৰাজপাটত পাটমাদৈ পাতি মুকলিমূৰীয়া হৈ বহিল। আৰু তিৰোতা-সেৰুৱা ৰজাই সকলো বিষয়তে কুঁৱৰীৰ হাতত ৰাজক্ষমতা এৰি দি নিজঞ্জলীয়া হবলৈ ধৰিলে। ইফালে কুঁৱৰীৰ এদনীয়া ক্ষমতাই ৰাজ্যত অশান্তি বিয়পাবলৈ ধৰিলে। আন কি, ডাঙৰীয়া-বিষয়া সকলো পেটে-পেটে বৰ অসন্তুষ্ট হৈ উঠিল।

*    *    *

আন সকলোতকৈ কুঁৱৰীৰ অত্যাচাৰ মোৱাঁমৰীয়া মহন্তসকললৈ অতিকৈ অসহনীয় হ'ল। মহন্তসকলে গোসাঁনী নামানে। ইফালে গোসাঁনী-পূজাত কুঁৱৰীৰ বৰ আসক্তি। সেই কাৰণে, তেওঁ মহন্ত-‌