পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


হ’ব৷ এতেকে, চলিত নিয়মমতে ৰজাৰ চ’ৰাত ৰাতি গৈ বিদ্ৰোহী নিচান পুতি থৈ আহিবগৈ লাগে৷ এই কথাত মহন্তসকল বৰ সন্তোষেৰে মান্তি হ’ল৷ ইয়াৰ পাচত, মই আৰু এটা কথা সিবিলাকৰ বিচাৰলৈ আগ বঢ়ালোঁ যে, মহন্তসকলে আত্মৰক্ষাৰ নিমিত্তে এটা কোঁঠ মৰাৰ আৱশ্যক৷ আগধৰি এই কাম সমাধা নকৰাকৈ বিদ্ৰোহৰ কাম হাতত লোৱা উচিত নহব৷ এতিয়া বিদ্ৰোহৰ চিন্ মাথোঁন দেখুৱাই কোঁঠ মাৰিবলৈ যাব লাগে৷ সেই মতেই মহন্তসকলে নেঘেৰিটিঙ্গত এটা কোঁঠ মাৰিবলৈকে স্থিৰ কৰিলে৷ ইয়াৰ পাচৰ পৰা মহন্তসকলে মোৰ কথাত বৰকৈ প্ৰত্যয় মানিবলৈ ধৰিলে৷ আৰু, মাজে-মাজে সিবিলাকৰ হতুৱাই মোৰো কাৰ্য্য সিদ্ধি কৰাই লব পৰা হলোঁ৷ এই উপায়েৰেই মাজে-সময়ে জানিব পাৰিলো যে দেউতা আৰু গোহাঞিদেৱ ভালে আছে; মোক বিচৰাটো সম্প্ৰতি তল পৰিছে৷