পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুৰঞ্জীবোধ।
(অসম-বুৰঞ্জীমূলক পাঠমালা)

আদিছোৱা।

১। পাঠ।

অতীজৰ কথা।

 অতীজত অসম দেশ এতিয়াৰ নিচিনা নাছিল। অতি আগৰ দিনত এই দেশৰ দীঘ পূবে শদিয়া অঞ্চলৰ দিকৰাই নৈৰপৰা পছিমে ভাটী ৰংপুৰৰ কৰতোৱা নৈলৈকে আছিল। তেতিয়া এই সীমাৰ ভিতৰৰ দেশখন চাৰি ভাগে ভগোৱা হৈছিল। সেই চাৰি ভাগক চাইটা পীঠ বোলা হৈছিল; যেনে,—কামপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। কতোৱাৰপৰা সোণকোষ নৈলৈকে কামপীঠ, সোণকোষৰপৰা ৰূপহী নৈলৈকে ৰত্নপীঠ, ৰূপহীৰপৰা ভৈৰবী নৈলৈকে স্বৰ্ণপীঠ, আৰু ভৈৰবীৰপৰা দিকৰাই নৈলৈকে সৌমাৰপীঠ বোল হৈছিল। আৰু এতিয়াৰ দৰে তেতিয়া এই দেশৰ নাম ‘অসম' নাছিল; ওপৰত কোৱা সীমাৰ ভিতৰৰ গোটেইখন দেশৰ নাম তেতিয়া 'কামৰূপ' আছিল। আগৰ কালত