পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুৰঞ্জীবোধ

ভীষ্মক ৰজাৰ এটি কন্যা আৰু এটি পুত্ৰ আছিল। ৰুক্মিণী অতি ৰূপহী ছোৱালী। তেওঁ যুৱতী হোৱাৰ পাচত, পিতাক ভীষ্মক ৰজাই তেওঁৰ সয়ম্বৰ পাতিলে। কিন্তু, তাৰ আগতে শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি গান্ধৰ্ব্ব-বিয়া কৰালেহি। সেই কথাত বিতুষ্ট হৈ ৰুক্মবীৰে শ্ৰীকৃষ্ণৰে সৈতে ৰণ পাতিলে। কিয়নো, সয়ম্বৰত ৰুক্মিণীয়ে শিশুপাল নামে আন এজন ৰজাক বৰিব বুলি তেওঁ ভাবিছিল। পিচে, শ্ৰীকৃষ্ণ ৰণত জিকিল; আৰু তেওঁ ৰুক্মিণীক লৈ নিজৰ ৰাজ্য দ্বাৰকালৈ গুচি গল।

 বাণ।—কামপীঠত যেতিয়া নৰকাসুৰৰ নাতি ৰজা আছিল; স্বৰ্ণপীঠত তেতিয়া বাণ নামে এজন ৰজা প্ৰখ্যাত হৈ উঠিছিল। তেওঁৰ ৰাজধানীৰ নাম শোণিতপুৰ আছিল। এতিয়া তাক তেজপুৰ বোলা হৈছে। বাণ ৰজাৰ বহু পুত্ৰ আৰু এটি মাথোন কন্যা আছিল। কন্যাটিৰ নাম ঊষা। ঊষাদেবী অতি ৰূপহী আৰু গুণৱতী ছোৱালী। তেওঁ যুৱতী হলত, পিতাক বাণ ৰজাই তেওঁৰ সয়ম্বৰ পাতিবলৈ দিহা কৰিছিল; পিচে, এনেতে সখীয়েক চিত্ৰলেখাৰ বুদ্ধি-কৌশলত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ কুমাৰৰে সৈতে ঊষাদেবীৰ গান্ধৰ্ব্ব-বিয়া হল। সেই কথাত ৰুষ্ট হৈ, বাণ ৰজাই অনিৰুদ্ধ কুমাৰক বন্দী কৰে, আৰু সেই আপাহতে শ্ৰীকৃষ্ণৰ সৈতে তেওঁ এখন তয়াময়া ৰণ পাতে। ৰণত বাণ-ৰজা ঘাটিল, আৰু অলেখ মানুহ পৰিল। এনে কি, মানুহৰ তেজেৰে নৈ বৈ গৈছিল। সেই কাৰণে, ঊষা-নগৰক শোণিতপুৰ বোলা হৈছিল। এতিয়া সেই একে অৰ্থতে, তাৰ নাম তেজপুৰ হৈছে; আৰু এতিয়া য’ত