বলিও দিলে। সকলোৱে নিজৰ লৰা-ছোৱালীক আৰু ভালকৈ অৱৰক্ষণ কৰাৰ দিহা কৰিলে; কিন্তু বেল্টু-মণিৰ খবৰ কেৱে নললে বা নাপালে।
মাক-বাপেকে তাক কোনো নাম দিয়া নাছিল বা দিছিল যদিও তাক কোনোৱে কব নোৱাৰে। কোনোবা এদিন কোনোবা এজনে কিবা কাৰণত খং কৰি মাতিলে বেল্টু-মণি বুলি। সেই দিনাৰ পৰা তাৰ নাম হল বেল্টু-মণি।
যি দৰে অনাদৰ কৰি তাক গাওঁৰ মানুহে এনেকুৱা অশ্ৰদ্ধাৰ নাম দিছিল, সেই অশ্ৰদ্ধাৰ বা এলাহৰ কাৰণেই গাওঁৰ মানুহে তাৰ আৰু বিচাৰ নকৰিলে।
( ২ )
কেনেকৈ যে বেল্টুমণি আহি সেইখিনি পালে নোৱাৰি। কিন্তু তাৰ গাঁৱৰপৰা বহুত মাইল দূৰত বেল আলি নতুনকৈ হব ধৰিছে, এনে এখন ঠাইত কিবা প্ৰকাৰে সি ওলাল গৈ। কুলি-মালি, ঠিকাদাৰ-দোকানী, এই বিলাক অনেক মানুহ। সকলোৰে কাষে কাষ সি হাত পাতি ফুৰে, আৰু সকলোৱে তাক অলপ-অচৰপ খাবলৈ দিয়ে।
এনেকৈ থাকোঁতে এদিন ৰেলৰ বৰ ঠিকাদাৰ জন আহিল। তেওঁক সকলোৱে শেঠ বুলি কয়। সোণৰ গুণাৰ কাম কৰা পাগুৰি, সেই দৰৰ ছোলা, জোতা, পায়জামা। লগত