পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৬ ]

অসংখ্য লোক-লস্কৰ-তাম্বু ইত্যাদি। শেঠৰ লগত ঘৈণীয়েক আৰু সৰু লৰা এটাও আছিল। ৰেল বান্ধা আড্ডাত ৰাজা আহাৰ দৰে ধুম-ধাম।

 এদিন লৰাটোৱে তাম্বুৰ বাহিৰত খেলা কৰি আছিল। এনেতে পাগলা কুকুৰ এটাই কৰবাৰ পৰা তাক কামুৰিবলৈ খেদি আহিল।

 বেল্টু-মণি আছিল ওচৰতে। সি “খালে ঐ, খালে ঐ” বুলি চিঞৰি লৰাটোক কোলাত তুলি ললে। কুকুৰটো 'আহি বেণ্টুমণিৰ ভৰিত এটা কামোৰ মাৰিলে। এনেতে অসংখ্য মানুহ লৰি আহিল। সকলোৱে ধৰি কুকুৰটোক মাৰিলে।

 শেঠৰ ঘৈণীয়েকে লৰাটিক সুস্থ অৱস্থাতে পাই স্বৰ্গ ঢুকি পোৱা যেন হল।

 বেল্টুমণিক কুকুৰে কামুৰিলে; তাক চিকিৎসা কৰিব লাগে। তাৰ মাক-বাপেকৰ খবৰ কৰিলে, কোন গাওঁৰ খবৰ কৰিলে, কোনোৱে নাজানে। সেই দেখি শেঠে ঠিক কৰিলে, তেৱেঁই তাক চিকিৎসা কৰিবৰ কাৰণে কচৌলিলৈ লৈ যাব। তেতিয়া ছিলঙত পগলা কুকুৰে খোৱা চিকিৎসাৰ হস্পিতাল হোৱা নাই।

 তাৰ পিচদিনাই শেঠ ঘৰলৈ গল। লগত বেল্টু-মণিকো লৈ গল।