সমললৈ যাওক

পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫২ ]


 পূজাৰী চক্‌মক্‌ খাই সাৰি পাই উঠি গোপাল বিষ্ণু ৰাম স্মৰণ কৰি কলে, “শুনিছা, ইমান দিনৰ মূৰত গোপালৰ দয়া হল কি জানি। মই এতিয়াই সপোনত দেখিলোঁ, বাল-গোপালে ৰহস্যময় হাঁহি মাৰি মোৰ গলত্‌ সাবট মাৰি ধৰিছে।”

 পূজাৰিণীএ স্বামীৰ ভৰিত পৰি সেৱা কৰি কলে, “প্ৰভুৰ কৃপা; ময়ো ঠিক এই সপোনটোকে দেখি সাৰ পালোঁ।”

 সেই দিনা বাল-গোপালৰ পূজাত আনন্দ আৰু আকাঙক্ষাৰ নতুন কিৰণ এছাটিএ খেলি গল। স্বৰ্ণ-কমলৰ দৰে মূৰ্তিৰ বদন-কমল মৃদু-হাস্যেৰে উদ্ভাসিত হৈ উঠিল।

(8)

 বাল-গোপালৰ থানত নন্দনৰ আনন্দ ধ্বনি ফুটিল। শিশুৰ হাঁহি-কান্দন নাচন-বাগনত থানত যেন প্ৰকৃত গোপালৰ আবিৰ্ভাব হল।

 পূজাৰী পূজাত বহে—কিন্তু মনটো থাকে, মূৰ্তি গোপালত নহয়, সেই জীৱন্ত গোপালত, যাৰ হাঁহি, যাৰ কান্দন, যাৰ আধা ফুটা মাতে পূজাৰী-পূজাৰিণী আৰু থানৰ যাত্ৰী- বিলাকৰ অন্তৰ-আত্মাত আনন্দৰ হিল্লোল তুলি দিয়ে। আসন পাতি ধ্যান কৰিবলৈ বিচাৰে, বাল-গোপালৰ মূৰ্তি; ধ্যানৰ সংযমন হই আহি এই জীৱন্ত গোপালত।