এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৪ ]
এই শ শ বছৰৰ ভিতৰত বাল-গোপালৰ পূজাত সেই দিনা কি জানি অলপ খুত ৰল।
* * *
এই দৰে দিন যায়। সহস্ৰ মধুৰ স্মৃতিয়ে শোক উদগাই দিয়ে; সহস্ৰ সহস্ৰ অনাদৰ আৰু উপেক্ষাৰ নিকৰুণ সুৰে প্ৰাণৰ অন্তস্তলত শোকৰ ৰাগিনী তোলে।
পূজাৰিণীএ কান্দে⸺ সমস্ত শৰীৰ আৰু মনৰ সেই কান্দন, তাত অশ্ৰু নাই, বিলাপৰ হাহাকাৰ নাই।
পূজাৰীএ সান্তনা দিয়ে— “শোক নকৰিবা। প্ৰভু গোপালে শৰীৰ ধৰি যি কেইদিন আমাৰ লগত দুখ খাই গল, সেয়ে যথেষ্ট কৃপা নহয় নে?”