এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫১ ]
নিৰ্মল শান্তিত বাল-গোপালৰ থান বৈকুণ্ঠ-পুৰৰপৰা উভালি আনা এটা খণ্ডৰ দৰে শোভা পাই থাকে।
(২)
এই দৰে দিন যায়। কিন্তু অশান্তিৰ কাম-ছায়া দেখা নেদেখাকৈ হঠাৎ পৰে⸺ঘৈণীৰ অত দিনে কোনো সন্তান নাই; পূজাৰীৰ পাচত সাতাম পুৰুষীয়া বিগ্ৰহৰ পূজা বন্ধ হয় নে কি।
পতি পত্নীৰ মনত দুখ। দিনে দিনে পূজাৰ সময়ত, গধূলি গধূলি আৰতিৰ পৰত, স্বামী-স্ত্ৰী নীৰৱে দেৱতাত প্ৰাৰ্থনা জনায়⸺‘গোপাল এটি তোমাৰ সেৱক, তোমাৰ দাসানুদাস দান কৰা। মূৰ্তি গোপালৰ মুখ যেন হাঁহিত দীপ্তি পাই উঠে।’
দৰ্শনাৰ্থী যাত্ৰী, কল-গোপাল-ভোগ আনা লোক সকলোএ নিজে আশীৰ্বাদ লোৱাৰ পাছত গোপালক খাটনি ধৰে, “প্ৰভু গোপাল, কৃপা কৰা, তোমাৰ সেৱা যত্ন চলি থাকাৰ এটা বিধান কৰা।”
মূৰ্তি গোপালৰ মুখ যেন কিবা ৰহস্যত প্ৰকাশিত হৈ উঠে।
(৩)
ক্ষীণ আলোক ৰেখাই ৰাতি-পুৱাৰ আগজাননী দি গল।