সমললৈ যাওক

বহল ব্যাকৰণ/ত্ৰয়োদশ অধ্যায়

ৱিকিউৎসৰ পৰা
[ ২৬৯ ]

ত্ৰয়োদশ অধ্যায়।
⸺:✱:⸺
অসমীয়া ভাষাৰ জতুৱা ঠাচ। (Idiom)

 মনৰ ভাব কথাৰে প্ৰকাশ কৰিবলৈ প্ৰত্যেক ভাষাৰ এটা লগত ওপজা ধৰণ আছে। সেই ধৰণ এৰি আনধৰণত কথা কলেও লগৰ মানুহে বুজিব পাৰে, কিন্তু কোনেও সেই ধৰণ সলাই কথা নকয়।

 দেশে দেশে যেনে ভাষা ভিন, সেইদৰে ভাষাই ভাষাই ভাব প্ৰকাশ কৰিবৰ ধৰণ ভিন। যি ভাষাৰ যেনে ধৰণ, তাক নিশিকিলে, সেই ভাষা শিকা নহয়। ভাষা এটাৰ শব্দবিলাক শিকি ললে, আৰু তাৰ শব্দবিভক্তি আৰু ক্ৰিয়াবিভক্তি আদি কিছুমান কথা জানি ললে, সেই ভাষাত কথা কব আৰু লিখিব পৰা যায়। কিন্তু সেই ভাষাৰ ভাব প্ৰকাশ কৰিবৰ সুকীয়া ধৰণটো নাজানিলে, ভাষাটো যথাৰ্থৰূপে শিকা নহয়। এক দেশৰ ভাষা আন দেশৰ মানুহে শিকিলে, ভাষাৰ সেই সুকীয়া ধৰণটো আয়ত্ত কৰি লবলৈ টান পায়। ইংৰাজী ভাষা শিকোঁতে আমাৰ মানুহে তাৰ সকলোখিনি শিকে, কিন্তু তাৰ ভাব প্ৰকাশ কৰিবৰ যিটো [ ২৭০ ] সুকীয়া ধৰণ, তাৰ আচল তত্ত্ব লাভ কৰিব নোৱাৰে৷ সেই দেখি আমাৰ মানুহে লিখা ইংৰাজী ইংৰাজে লিখা ইংৰাজীৰ নিচিনা প্ৰায় নহয়।

 ভাব প্ৰকাশ কৰিবলৈ আন আন ভাষাৰ যেনে এটা সুকীয়া ধৰণ আছে, সেইদৰে, অসমীয়া ভাষাৰো এটা সুকীয়া ধৰণ আছে। সেই ধৰণটোক তাৰ জতুৱা ঠাচ বোলা হৈছে। সেই ঠাচত কথা নকলে বা নিলিখিলে, সি যথাৰ্থ অসমীয়া নহয়। অসমীয়াত বৰষুণ আনিছে বোলে, জ্বৰ উঠিছে বোলে। এই কথা দুটা আন প্ৰকাৰেও প্ৰকাশ কৰিব পাৰি। যেনে, বৰষুণ দিছে, বৰষুণ পৰিছে, জ্বৰ আহিছে। কিন্তু সেই কথা কেইটা সকলোৱে বুজিব পৰা হলেও, অসমীয়া ঠাচৰ নহল। আজিকালি অসমীয়া মানুহৰ মুখত এনেকুৱা কথা বহুত শুনা যায়। সেই দেখি অসমীয়া ভাষাৰ জতুৱা ঠাচ মতে কি কি বিশেষ্যৰ লগত কি কি ক্ৰিয়া ব্যৱহাৰ হয় তাৰ কিছুমান উদাহৰণ তলত দিয়া হল।

১। ভিন ভিন বিশেষ্যৰ লগত জতুৱা ঠাচৰ ক্ৰিয়া।

ভোক গুচে বা পলায়
পিয়াহ গুচে বা পলায়
জাৰ পলায়
জহ গুচে

   

ভোক, পিয়াহ, জাৰ, জহ লাগে
জুই লাগে
জুই উঠে
জুই ধৰে

[ ২৭১ ]

জ্বাল দিয়ে
জ্বাল মাৰে
জ্বাল নিয়ে
জ্বাল নুমায়
বৰষুণ আনে
ৰদ দিয়ে
ৰদ লয়
জুই পুৱায়
চাকি লগায়
খৰি লগায়
আশা পাল
ধান দায়
ধিকাৰ লাগে
ধিকাৰ ছাৰে
পিয়াহ মাৰে
ভোক মাৰে
টোপনি বা ঘুমতি মাৰে
মাত মাতে
বচন বোলে
বাক্য বোলে
কথা কয়
দন্দ লাগে

   

দন্দ ভাগে
দন্দ কৰে
খং উঠে
খং কৰে
কঠ ঢাৰি পাৰে
কাপোৰ পাতে
কোঁচ পাতে
নাম পাতে
নাম ধৰে
মিতিৰ পাতে
মিতিৰ কৰে
বাট বুলে
খোজ কাঢ়ে
আঠু কাঢ়ে
আঠু লয়
বজাৰ কৰে
দোকান পোহাৰ দিয়ে
হাঁহি মাৰে
হুমুনিয়াহ পেলায় বা কাঢ়ে
মেঘ দিয়ে
মেঘ কৰে
পানী উতলায়

[ ২৭২ ]

গাখীৰ পগায়
সাজ পিন্ধে
চেলেং লয় বা উৰে
মূৰ মেলায়
সেওঁতা ফালে
গৰু ছাগলী পোহে
হাতী ঘোৰা ৰাখে
চাকৰ গোলাম বায়
কোৰ কুঠাৰ পাৰে
পোহন পালন কৰে
পোহ পাল দিয়ে
ফল পাৰে
ফুল তোলে
শত্ৰু শালে
পোটক তোলে
ভোজ পাতে বা দিয়ে
গাৰী ডকায়
হালৰ গৰুকো ডকায়
ৰথ ডকায়
লাজ ভাগে বা গুচে
লৰা পায়
লৰা ফুকায়

   

তেল বা ঘিউ মাৰে
বাজনা বায়
নাও বা জাল বায়
পাৰি বা খোৱা দিয়ে
স্কুল কচাৰি বা অফিচ কৰে
ধুন মাৰে
ধুন পেচ কৰে
ভয় কৰে
ভয় লাগে
ভয় ভাগে
সম্বন্ধ ছিগে
বতাহ আহে বা দিয়ে
দেৱতা লম্ভে
পাত ওলায় বা ধৰে
গুটি লাগে বা ধৰে
নৰিয়া সকাহ পৰে
নৰিয়াই সকাহ পায়
নৰিয়াই শাম কাটে
ঢেকি দিয়ে
হাঁহি কাহ মাৰে
গধূলি হয়
সাঁজ লাগে

[ ২৭৩ ]

ব্যাধি জাৰে
পানী কাটে
ধান বানে
চাউল কাঁৰে
চিৰা বা সান্দহ খুন্দে
শপত খায় বা কাঢ়ে
সৈ লয় বা কাঢ়ে
নাম কাঢ়ে
ঈশ্বৰৰ নাম লয়
চুৰ কৰে
ডকা দিয়ে
সখী বান্ধে
থিয় দিয়ে বা হয়

   

হাতী ঘোৰা মাৰে ( উঠে)
টকা হয়
টকা কৰে
গুণ দিয়ে
অগুণ কৰে
ফাঁকি দিয়ে
ছল কৰে
জুৰ লয় বা গায়
ধান, মাহ, শৰিয়হ বয় (সিচে)
দাবি, হুকি, গালি খায়
মন সামৰে বা বান্ধে
মন মেলে

২। কিছুমান প্ৰচলিত অশুদ্ধ বাক্য আৰু
সিহঁতৰ শুদ্ধ ভাঙনি।

অশুদ্ধ—ডাঙৰ বিষয়াৰ কথাই নকওঁ, কনিষ্টবলেই মোৰ মনত ৰজা।
শুদ্ধ—ডাঙৰ বিষয়াৰ কথাই নকওঁ, কনিষ্ট বলেই মোৰ মানত ৰজা।
অঃ—যা হওক মূৰকত সি আহি ওলাল।
শুঃ—সি যিকি নহওক, বা সি যি নহওক, মূৰকত সি আহি ওলাল। [ ২৭৪ ] অঃ—মনে কৰাঁ, সি যেন তোমাৰ ৰূপ কেই টকা নিদিলে।
শুঃ—ধৰাঁ, বা ধৰি লোৱাঁ, সি যেন তোমাৰ ৰূপ কেই টকা নিদিলে।
 বা
বিবেচনা কৰাঁ বা ভাৱাঁ, সি যেন তোমাৰ ৰূপ কেই টকা নিদিলে।
অঃ—এই কিতাপখন মোৰ কি কামত আহিব?
শুঃ—এই কিতাপখন মোৰ কি কামত লাগিব?
অঃ—কলিকতালৈ যোৱা গাৰী দুপৰীয়া চাৰে এটাত এৰে।
শুঃ—কলিকতালৈ যোৱা গাৰী দুপৰীয়া ডেৰটা বজাত যায় বা মেলে।
অঃ—অসমীয়াৰ মনত ফুট্‌বলৰ খেলা লৰাৰ একচেতীয়া (একস্বত্তীয়া)।
শুঃ—অসমীয়াৰ মানত ফুট্‌বলৰ খেলা লৰাৰ এদনীয়া।
অঃ—মোটৰ ওপৰত কব ললে, তাৰ বিলাতলৈ যোৱাটো নহল।
শুঃ—মুঠৰ ওপৰত কব লাগিলে, তাৰ বিলাতলৈ যোৱাটো নহল।
অঃ—হৰিক ১৹৲, গোপালক ১৹৲, মোটত ২৹৲ টকা দিয়া হৈছে।
শুঃ—হৰিক ১৹৲, গোপালক ১৹৲ , মুঠত ২৹৲ দিয়া হৈছে৷
অ—কালিৰ পৰা তাৰ সোঁ চকুটো উঠিছে।

[ ২৭৫ ] শুঃ—কালিৰ পৰা তাৰ সোঁ চকুটো নামিছে।
অঃ—সি যি কৰক, মই তাৰ কি ধাৰ ধাৰোঁ?
শুঃ—সি যিকি নকৰক, মই তাৰ কি ধাৰ খাওঁ?
অঃ—খাচিয়াবিলাকৰ মাইকীৰ সাজপোষাক সুন্দৰ।
শুঃ—খাচিয়াবিলাকৰ মাইকীৰ সাজপাৰ সুন্দৰ।
অঃ—লাম্‌ডিঙত গাৰী প্ৰায় আধা ঘণ্টা থামে।
শুঃ—লাম্‌ডিঙত গাৰী প্ৰায় আদঘণ্টা ৰয়।
অঃ—লৰাটোৰ টোপনি আহিছে, হাই নকৰিবি সি সাৰি পাব।
শুঃ—লৰাটো টোপনি গৈছে, হাই নকৰিবি, সাৰ পাব।
অঃ—তাৰ ৰোজ আবেলি তিনি বজাত জ্বৰ আহে।
শুঃ –তাৰ নিতৌ আবেলি তিনি বজাত জ্বৰ উঠে।
অঃ—সি কালি শিৱসাগৰলৈ যাব।
শুঃ—সি কালিলৈ শিৱসাগৰলৈ যাব।
অঃ — সি অথনি যাব।
শুঃ—সি অথনিকৈ যাব।
অঃ—তেওঁৰ ডাঙৰ ভায়েকৰ আজিকালি ৰুজিৰোজকাৰ নাই।
শুঃ—তেওঁৰ ককায়েকৰ আজিকালি জীৱিকাৰ একো উপায় নাই।
 বা
তেওঁৰ ককায়েকৰ আজিকালি একো উপাৰ্জ্জন নাই।
অঃ—শেৱালী ফুল ৰাতি ফুটে পুৱা সৰে।

[ ২৭৬ ] শুঃ—-শেৱালী ফুল ৰাতি ফুলে পুৱা সৰে।
অঃ—পূজাৰ পাচত আহিনৰ ২১এ তাৰিখে আমাৰ স্কুল খুলিব।
শুঃ—পূজাৰ পাচত আহিনৰ ২১ তাৰিখে আমাৰ স্কুল বহিব বা হব।
অঃ—সি ঠেহ পাতি বিছনাত শুই আছে।
শুঃ—সি ঠেহ পাতি পাটীত শুই আছে।
অঃ—চিঁৰি উঠা নমা কৰিলে ততালিকে ভাগৰ ধৰে।
শুঃ—খট্‌খটি উঠা নমা কৰিলে ততালিকে ভাগৰ লাগে।
অঃ—সোঁচা কথা কব গলে, ময়েই তাক কথাটো কোৱা হয়।
শুঃ—সঁচা কথা কব লাগিলে, ময়েই তাক কথাটো কোৱা হয়।
অঃ—মোক বাৰ বাৰ এইদৰে বেজাৰ নকৰিবা।
শুঃ—মোক বাৰেবাৰে এইদৰে আমনি নকৰিবা।
অঃ—ইয়াত অতি উত্তম মুগা ও এৰী কাপোৰ পোৱা যায়।
শুঃ—ইয়াত অতি উত্তম মুগা আৰু এৰীৰ কাপোৰ পোৱা যায়।
অঃ—তেহেলৈ যি হওক, মই আৰু তাক নামাতোঁ।
শুঃ—তেহেলৈ যিকি নহওক, মই আৰু তাক নামাতোঁ।
অঃ—তাক ইমানকৈ গালি দিছ কেলৈ?
শুঃ--তাক ইমানকৈ গালি পাৰিছ কেলৈ?
অঃ—লৰাটোক এনেকৈ গালি শপনি নিদিবি।
শুঃ—লৰাটোক এনেকৈ গালি শপনি নকৰিবি।

[ ২৭৭ ] অঃ—মই তোমাৰ কিতাপখন আনিবলৈ ভুলি আহিলোঁ।
শুঃ—মই তোমাৰ কিতাপখন আনিবলৈ পাহৰি আহিলোঁ৷
অঃ—সি কিতাপখন নিবলৈ চায়ছে।
শুঃ—সি কিতাপখন নিব খুজিছে।
অঃ—একাদশীত ভাত খাবলৈ নাপায়।
শুঃ—একাদশীত ভাত খাব নাপায়।
অঃ—সি কামৰ পৰা আহি ভাত খাব ধৰিছে।
শুঃ—সি কামৰ পৰা আহি ভাত খাবলৈ ধৰিছে।
অঃ—খৰচৰ অভাৱত সি পঢ়িব এৰিছে।
শুঃ—খৰচৰ অভাৱত সি পঢ়িবলৈ এৰিছে।

খণ্ডবাক্য।

 ৩। এটা পূৰ্ণ বাক্যত অনেক খণ্ডবাক্য থাকিব পাৰে। ভিন ভিন খণ্ডবাক্যৰ ভিন ভিন অৰ্থ। সেই এটাইবিলাক অৰ্থ গোট খাই পূৰ্ণ বাক্যটোৰ কথা পূৰ হয়। যেনে, “বাপেক মৰিলত তাৰ পঢ়াৰ খৰচ দিবলৈ কেও সন্মত নহল, সেই নিমিত্তে, সি পঢ়াশুনা একেবাৰে এৰি দিবলৈ বাধ্য হল।” এই এটা পূৰ্ণ বাক্য। ইয়াত ছটা সৰু সৰু খণ্ডবাক্য আছে। যেনে:—

 ১। বাপেক মৰিলত
 ২। (তাৰ) পঢ়াৰ খৰচ দিবলৈ
 ৩। (কেও) সন্মত নহল [ ২৭৮ ]  ৪। সেই নিমিত্তে
 ৫। ( সি পঢ়াশুনা একেবাৰে ) এৰি দিবলৈ
 ৬। বাধ্য হল
 ৪৷ এই খণ্ডবাক্যবিলাকত যিবিলাক শব্দ ব্যৱহাৰ হৈছে, সিহঁতৰ সাধাৰণ চলিত অৰ্থই আছে। সেই দেখি সিহঁতক সাধাৰণ খণ্ডবাক্য বা বাক্যাংশ বোলে।
 আকৌ চোৱা :— “বাপেকে চকু মুদিলত তাৰ পঢ়াৰ খৰচ দিবলৈ কেও গাত নললে, সেই নিমিত্তে, সি পঢ়াশুনাৰ ফালে একেবাৰে পিঠি দিবলৈ বাধ্য হল।”
 এই বাক্যটোৰ আৰু ওপৰত দিয়া বাক্যটোৰ অৰ্থ একে। ইয়াত সাতোটা খণ্ডবাক্য আছে। যেনে:—

 ১। (বাপেকে ) চকু মুদিলত
 ২। (তাৰ) পঢ়াৰ খৰচ দিবলৈ
 ৩। (কেও) গাত নললে৷
 ৪। সেই নিমিত্তে
 ৫। (সি) পঢ়াশুনাৰ ফালে
 ৬। (একেবাৰে) পিঠি দিবলৈ
 ৭৷ বাধ্য হল
 ৫। এই খণ্ডবাক্যবিলাকৰ ভিতৰত ব্যৱহাৰ হোৱা সকলো শব্দৰ সাধাৰণ চলিত অৰ্থ নাই। ওপৰৰ প্ৰথম খণ্ডবাক্যত “মৰিলত” শব্দ ব্যৱহাৰ কৰা হৈছে, ইয়াৰ চলিত অৰ্থ এটা আৰু তাক সকলোৱে জানে। তলৰ প্ৰথম খণ্ড [ ২৭৯ ] বাক্যত “মৰিলত” কথাৰ সলনি “চকু মুদিলত” ব্যৱহাৰ কৰা হৈছে। “চকু মুদিলত” কথাৰ সাধাৰণ অৰ্থ “চকু জপালত” কিন্তু সেই অৰ্থত “মুদিলত” কথা ব্যৱহাৰ হোৱা নাই। ইয়াত “চকু মুদিলত” কথাৰ অৰ্থ হৈছে মৰিলত। এইটো মুদিলত কথাৰ বিশেষ অৰ্থ, সাধাৰণ অৰ্থ নহয়৷ এই অৰ্থত মুদিলত কথা কেৱল “চকু মুদিলত” খণ্ডবাক্যতহে ব্যৱহাৰ হয়। সেইদৰে, ওপৰৰ তৃতীয় খণ্ডবাক্য “সন্মত নহল” কথাৰ সলনি তলৰটোৰ তৃতীয় খণ্ডবাক্য “গাত নললে” কথা ব্যৱহাৰ হৈছে; আৰু ওপৰৰটোৰ পঞ্চম খণ্ডবাক্যৰ “এৰি দিবলৈ” কথাৰ ঠাইত তলৰটোৰ ষষ্ঠ খণ্ডবাক্যত “পিঠি দিবলৈ” কথা ব্যৱহাৰ হৈছে। সিহঁতৰো ইয়াত সাধাৰণ অৰ্থ নাই; সিহঁত বিশেষ অৰ্থত ব্যৱহাৰ হৈছে। এই কাৰণে এনেকুৱা খণ্ডবাক্যবিলাকক ভাষাৰ বিশেষ বা জতুৱা খণ্ডবাক্য বোলা যায় আৰু জতুৱা খণ্ডবাক্যত ব্যৱহাৰ হোৱা শব্দৰ সলনি আন শব্দৰ ব্যৱহাৰ কৰিলে খণ্ডবাক্যটোৰ আচল অৰ্থ নাথাকে। যেনে, “চকু মুদিলত” কথাৰ ঠাইত “চকু জপালত” কথা ব্যৱহাৰ কৰিলে কেতিয়াও মৰা নুবুজায়। বিশেষ খণ্ডবাক্যৰ শব্দ লৰচৰ কৰিব নোৱাৰি। এতেকে,

 ৬। যি খণ্ডবাক্যৰ শব্দবিলাকে সিহঁতৰ সাধাৰণ অৰ্থ মাথোন প্ৰকাশ কৰে, তাক সাধাৰণ খণ্ডবাক্য বা বাক্যাংশ বোলে, আৰু যি খণ্ডবাক্যৰ শব্দবিলাকে সিহঁতৰ সাধাৰণ অৰ্থ এৰি আন অৰ্থ প্ৰকাশ কৰে, তাক জতুৱা খণ্ডবাক্য বোলে। [ ২৮০ ]  অসমীয়া ভাষাত জতুৱা খণ্ডবাক্য অনেক। খণ্ডবাক্য কোষত সকলো খণ্ডবাক্য পোৱা যায়। কিন্তু কিছুমান জতুৱা খণ্ডবাক্যৰ মূলত কোনো এটা বিশেষ সংজ্ঞা শব্দ থাকে আৰু তাৰেই খণ্ডবাক্যটো গঠিত। সেই শ্ৰেণীৰ খণ্ডবাক্যৰ কিছুমান উদাহৰণ তলত দিয়া গল।

জতুৱা খণ্ডবাক্য।

৭। মূৰ সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য
ঘূৰ খা
মুৰ মৰ
মূৰ মাৰ
মূৰ দে
মূৰ দি উঠ
মূৰ দোঁৱা
মূৰে শপ
মূৰ ঘুমা
মূৰ পাত
মৰামূৰি

   

ভাঙনি।
মৰমৰ মানুহৰ মৰণ দেখ।
আগলৈ সুচল নাইকিয়া হ, আগলৈ নাইকিয়া হ।
আগলৈ নাইকিয়া কৰ, বা সুচল নাইকিয়া কৰ৷
আগন্তুক হ, নেদেখা অৱস্থাৰ পৰা দেখা হ।
উদ্‌গতি কৰ, ডাঙ্গৰ হ।
সেৱা কৰ, মান্য কৰ।
মৰমৰ কোনোবা মৰক বুলি আনক গালি পাৰ।
টোপনিয়া।
ওলাবৰ বা হবৰ আগন্তুক।
লগা খিনি, ঠিক জোখৰ খিনি।

[ ২৮১ ]

৮৷ কপাল সংজ্ঞা শব্দৰে গঠিত৷

খণ্ডবাক্য।
কপাল ফুল
কপাল ফুট
কপাল ধো
কপাল নাই
কপাল খা

   

 ভাঙনি।
সুভাগ্য উপস্থিত হ।
দুৰ্ভাগ্য উপস্থিত হ।
আশা এৰ৷
ভাগ্য নাই৷
সুচল হেৰুৱা বা দুৰ্ভাগ্য উপস্থিত হ৷

৯। কাণ সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য।
কাণ কটা
কাণ দে
কাণ কৰ
কাণে কাণে
কণাকণি কৰ
কাণে কাণমাৰি
কাণত পৰ
কাণত পেলা
কাণ থিয় কৰ
কাণ সাৰ এৰ
কাণ পাত
কাণ সমনীয়া
কাণত ধৰি ক
কাণ ছুই থ

   

 ভাঙনি।
টেঙ্গৰ, নিলাজ।
মন দি শুন।
মন দে।
ফুচফুচাই ক।
ফুচফুচাই ক।
কোনো মতে।
অনিচ্ছাত বা শুনিবলৈ যত্ন নকৰিও শুন।
শুনা, ছল কৰি শুনা।
শুনিবলৈ আগ্ৰহ বৰ, শুনি আচৰিত হ।
সম্পৰ্ক এৰ, এৰি দে।
শুনিবলৈ সাজু হ।
ডাঙ্গৰ দীঘল, ডেকা।
ডবিয়াই ক, লাজ দি ক।
আগলৈ পোতক তুলিবলৈ বা হেকান পাৰিবলৈ মনত ৰাখ।

[ ২৮২ ]
খণ্ডবাক্য।   ভাঙনি।
কাণ সৰালি মাৰ নুশুনা ভাও জুৰি মনে মনে থাক।
কাণ বাগৰা লোকৰ মুখে শুনা।
১০। চকু সংজ্ঞা শব্দৰে গঠিত
খণ্ডবাক্য। ভাঙ্গনি।
চকু দে পাবলৈ অভিলাষ কৰি চা, সাৱধান ল।
চকু কৰ সাৱধান ল।
চকুত লাগ মন খা, দেখিবলৈ ভাল লাগ।
চকুত পৰ দৃষ্টিৰ গোচৰ হ, মন আকৰ্ষণ কৰ।
চকু পৰ দেখিবলৈ পা।
চকু লাগ টোপনিত চকু মুদ যা।
চকু মুদ প্ৰাণ এৰ, মৰ।
চকু ফুৰা অলপকৈ চা, ওপৰে ওপৰে চা।
চকুৰ কুটা অপ্ৰিয়, শত্ৰু।
চকুৰ কুটা, দাঁতৰ শাল অপ্ৰিয়, শত্ৰু।
চকু চৰহা লোকৰ ভাল দেখি বেজাৰ পোৱা।
চকুত লগা দেখনিয়াৰ শুৱনি।
১১। দাঁত সংজ্ঞা শব্দৰে গঠিত
খণ্ডবাক্য। ভাঙনি।
দাঁত লাগ মুখ লাগ, লোকৰ চকু পৰাত অমঙ্গল হ।
দাঁত লগা লোকৰ ভাল হোৱাত বেজাৰ পাই
 অমঙ্গল কৰ, মুখ লগা।
দাঁতে ওঠে নালাগ সমূলি দন্দবাদ নালাগ।
[ ২৮৩ ]

১২। মুখ সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য।
মুখ নাই

মুখৰ কথা

মুখলৈ চাই
মুখ মাৰ
মুখ বান্ধ
মুখত দে
একে মুখে ক
মুখ স লা
মুখৰ ওপৰত ক
মুখ ফালি ক
মুখ নাপা

মুখ লাগ

বৰ মুখ

   

 ভাঙনি।
গঢ় লগাই কথা কব নাজানে, হেতু নাই বা
 সাহ নাই।
মিছা আশ্বাস দিয়া কথা, মনৰ পৰা নোকোৱা
 কথা, প্ৰমাণ নোহোৱা কথা।
এৰাব নোৱাৰি, বা হিতৰ নিমিত্তে।
ভাল বস্তু নাখা, নিকৰুৱাকৈ খা।
বাচি খা।
খা, বা চাক।
আনে কোৱা কথাকে ক
সদায় থোৱা বস্তু এৰি আন বস্তু খা।
ভয় নকৰাকৈ বা মান নকৰাকৈ সমুখতে ক
খোৰ ভাঙ্গি ক, পেটত নাৰাখি স্পষ্টকৈ ক।
মান্তি হোৱাৰ বা সহায় কৰাৰ আশা নাপা বা
 আগন্তুক নেদেখ
চকু চৰহা লোক চকুত পৰাৰ বাবে শ্ৰীহীন হ
 বা নষ্ট হ।
গঢ় লগাই কব জনা।

১৩। হাত সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য।
হাত কৰ
হাত মাৰ

   

 ভাঙনি।
নিজৰ আয়ত্বাধীন কৰ।
সুচলৰ বা ছেগৰ পৰা লাভ কৰ।

[ ২৮৪ ]

খণ্ডবাক্য।
হাত লৰা
হাত দীঘল
হাত দে
হাতত ল
বৰ হাত
হাত ধো
হাত থাক
হাত উঠ
হাত পৰ

   

 ভাঙনি।
চোৰ স্বভাৱৰ।
ক্ষমতাশালী।
কৰিবলৈ ধৰ, ছো।
কৰিবলৈ আৰম্ভ কৰ।
দানী।
সম্পৰ্ক এৰ৷
ক্ষমতা থাক বা স্বত্ত্ব থাক।
ব্যৱসায়ত ক্ৰমে ক্ৰমে কৃতকাৰ্য্য হ।
ব্যৱসায়ত ক্ৰমে ক্ৰমে অৱনতি হ।

১৪৷ গা সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য।
গা ৰ
গা হ
গাত ল
গাত দে

গা পাতি ল
গা নৰিয়া
গা ছো
গা এৰা দে
গা কৰ
গা ধৰ

   

 ভাঙনি।
কোনোমতে ৰক্ষা পৰ।
কোনো কাৰ্য্যৰ ভাৰ ল।
মান্তি হ, সৈ কাঢ়।
বদনাম কৰ, কোনো কথা লোকৰ ওপৰত
 আৰোপ কৰ।
মান্তি হ, লোকৰ কাৰ্য্য নিজৰ বুলি ক।
গৰ্ভৱতী।
মাৰ।
সম্পৰ্ক ৰাখিবলৈ অমান্তি হ।
উদ্গতি কৰ।
গাৰ মঙ্গহ বাঢ়, শকত হয়।

[ ২৮৫ ]

খণ্ডবাক্য।
গা তঙ্গা

গা ব
গা বন্ধ হ
গা তোল
গা উঠ
গা চাই ফুৰ
গা মাৰি যা
গা সাৰ
গা আছে
গা নাই
গা মূৰ ধো
গা খৰা
গা ঘেলা
গা নচুৱাই ফুৰ
গা জুৰা
গা টেঙ্গা
গা দুখা
গা থা
গা দাং
গা দাঙ্গি ক
গা দে বা গা দি উঠ
গা ৰাখ

   

ভাঙনি।
নৰিয়াৰ পৰা বা বিপদৰ পৰা অলপ অলপকৈ
 ভাল হ।
পনীয়াকৈ শৌচ হ।
গৰ্ভৱতী হ।
উঠ, উদ্‌গাই দে।
কোনো কামত ব্যগ্ৰ হ।
ধুন মাৰি ফুৰ।
গা কোচাই কাৰো গাত নলগাকৈ যা।
কোনো মতে টানৰ পৰা উদ্ধাৰ হ।
শকত, লোদোৰা।
ছেৰেলা, কেটেঙ্গা।
ৰজস্বলা অৱস্থাৰ পৰা গা ধুই শুচি হ।
বহুমূত্ৰ ৰোগ হ।
বন নকৰি ধুন মাৰি ফুৰ।
বন নকৰি ধেমালি কৰি ফুৰ।
সন্তোষ পা বা দে।
বেজাৰ পা বা দে।
বেজাৰ পা।
পানীত থাউনি পা।
নৰিয়াৰ পৰা উঠ।
সাহ কৰি ক।
ডাঙ্গৰ হৈ আৰ্জ্জনৰ যোগ্য হ।
হানি বা কষ্টৰ পৰা নিজক ৰক্ষা কৰ।

[ ২৮৬ ]

খণ্ডবাক্য।
গা লগাই কৰ
গা সৰ

   

ভাঙনি।
মন দি কৰ।
সন্তান প্ৰসৱৰ বিষ আৰম্ভ হ

১৫। পেট সংজ্ঞা শব্দবে গঠিত।

খণ্ডবাক্য।
পেট পা
পেট ল
পেটে ভাতে খা
পেট ভাটৌ

পেট দে
পেট পেলাই থাক

   

 ভাঙনি।
মনৰ গুপ্ত ভাব বা আশয় জান।
ছল কৰি মনৰ গুপ্ত কথা জান।
কোনো মতেৰে নসঁচাকৈ খাই থাক।
মুখেৰে প্ৰকাশ নকৰি পেটত বহুত কথা লৈ
 থকা মানুহ।
মনৰ গুপ্ত আশয় জানিবলৈ দে।
খাবলৈ দিব বুলি আশা কৰি থাক, খাবলৈ
 নাপাই শুই থাক।


১৬। কঁকাল সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য।
কঁকাল ভাগ
কঁকাল ভাঙ্গ
কঁকাল পৰ
কঁকাল বান্ধ
কঁকাল পাৰ

   

ভাঙনি।
দুৰ্ব্বল হ।
বলৰ প্ৰধান কাৰণ নষ্ট কৰ।
দুৰ্ব্বল হ, বুঢ়া হ।
যুজলৈ সাজু হ।
বলৰ প্ৰধান কাৰণ নষ্ট কৰ।

১৭৷ আঁঠু সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য।
আঁঠু ল

   

 ভাঙনি।
সম্মান দেখাবলৈ আঁঠু কোঁচাই বহ।

[ ২৮৭ ]

খণ্ডবাক্য।
আঁঠু চোঙ্গা

আঁঠু কাঢ়

   

ভাঙনি।
সম্মান দেখাবলৈ আঁঠু কোঁচাই অলপকৈ
 মাটিত লগা।
আঁঠুৰে বুল।

১৮। মন সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য।
মন কৰ
মনত কৰ
মন পা
মন চা
মন দে
মন যা
মন মাৰ
মনত পৰ
মন বান্ধ
মন মেল
মন সামৰ
মন পৰ
মন বহ
মন পুতি
মনে ধৰে
মনে চিতে
মনে মনে

   

ভাঙনি।
মনযোগ দে।
সোঁৱৰ।
আশয় পা বা অভিপ্ৰায় বুজ।
ছল কৰি অভিপ্ৰায় বুজ।
মনযোগ দে, আশয় বুজিবলৈ দে।
ইচ্ছা যা।
উৎসাহ এৰ, আমন জিমন কৰি থাক।
পাহৰা কথাৰ সোৱৰণ হ।
মন তাপৰ, আকাঙ্খা এৰ।
ইচ্ছা কৰ, পাবলৈ যত্ন কৰ।
মন তাপৰ, আকাঙ্খা এৰ।
ইচ্ছা যা, ভাল পা।
ভাল পা, বেয়া নলগা হ।
মনযোগ দি।
বিশ্বাস হয়।
অন্তৰেৰে সৈতে।
গোপনে, আনে নজনাকৈ।

[ ২৮৮ ]

১৯৷ ঘৰ সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য।
ঘৰ পাত
ঘৰ ভাঙ্গ

ঘৰ দে

ঘৰ খা

ঘৰ ল


ঘৰ কৰ
ঘৰ জোঁৱাই

ঘৰ জীয়া ( কামৰূপ )

ঘৰ গিৰী
ঘৰ গোনা
ঘৰ চুৰি কৰ
ঘৰ খেদ

   

ভাঙনি।
তিৰোতা বিয়া কৰাই দে, যোত্ৰৱন্ত হ৷
তিৰী মুনিহৰ ভিতৰত দন্দ লগাই গৃহস্থিত
 বেমেজালি লগাই দে।
গিৰিয়েক ঘৈনীয়েকক বেলেগ ঘৰত
 থাকিবলৈ দে।
(নকৈ বিয়া কৰা তিৰোতাৰ) গিৰিয়েকৰ
 ঘৰ ভাল পা, গৃহস্থালিত মন লগা।
(পোহনীয়া জন্তু) গিৰিহঁতৰ ঘৰ নেৰা বা
 গিৰিহঁতৰ ঘৰৰ পৰা নোযোৱা হ, ন
 ঘৰত বাস কৰিবলৈ আৰম্ভ কৰ।
তিৰোতাৰ সৈতে গৃহস্থালি কৰ।
শহুৰেকৰ ঘৰত ছোৱালীলৈ চাপি থকা মানুহ,
 চপনীয়া।
   
ঘৰ চলাওঁতা।
সদাই ঘৰত থকা।
ঘৰৰ পৰা বস্তু চুৰ কৰ।
ঘৰলৈকে খেদি যা।

২০। পানী সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য
পানী কৰ

   

ভাঙনি।
নষ্ট কৰ, বুজিবলৈ সুৱলা কৰ।

[ ২৮৯ ]

খণ্ডবাক্য।
পানী হ
পানীত পৰ
সৰু পানী ছো
পানী উঠ
পানী লাগ
পানীৰ মিঠে
পানী দুৱাৰ
জোলোকে জোলোকে
 পানী খুৱা
পানী চলা
পানী ল
পানী কাট

   

ভাঙনি।
নষ্ট হ।
অথলে যা, হানি হ।
মূত্ৰ ত্যাগ কৰ।
নষ্ট হয়।
নাকেৰে পানী বোৱা ৰোগ হ।
সজাই কোৱা গপিয়াল মিছা কথা।
পানী সুমাবলৈ বাট।
হিংসা কৰি দুখ দে বা নানা ৰকম বিপদত
পেলা।
ছুই দিয়া পানী খাব পৰা, ভাল কুলীয়া।
শৌচ বা ক্ষুদ্ৰ শৌচ কৰি পানীৰে ধো।
মন্ত্ৰ পঢ়ি পানী জাৰ।


২১৷ ভাত সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য।
ভাত মৰ
ভাত মাৰ
ভাত উঠ
ভাতে ভঁড়ালে খা
ভাতৰ ভতুৱা

   

ভাঙনি।
জীৱিকাৰ উপায় নাইকিয়া হ।
জীৱিকাৰ উপায় নষ্ট কৰ।
আয়ুস্ শেষ হ।
ভঁড়ালত সাঁচি ৰাখি খা।
খোৱাত কাজী কিন্তু কাম নজনা, অবালচন্দ,
 আলাই জাবৰি।

২২। মাটি সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য
মাটি কৰ

   

ভাঙনি।
নষ্ট কৰ, পানী কৰ।

[ ২৯০ ]

খণ্ডবাক্য।
মাটি হ
মাটি খা
মাটি দে
মাটি ল বা মাটি পানী ল

মাটিৰ মানুহ
মাটি নাপা

   

ভাঙনি৷
নষ্ট হ, পানী হ৷
মাটি দখল কৰ৷
মৰিলে কবৰ দে৷
শৌচৰ পাচত হাতত মাটি সানি পানীৰে ধুই
 শুদ্ধ কৰ৷
নিচেই হোজা মানুহ, সৰল মানুহ।
মৰিলে কবৰ নোপোৱা৷


২৩। কিছুমান খণ্ডবাক্যৰ মূলত কোনো বিশেষ

সংজ্ঞা শব্দ নাই। সেই শ্ৰেণীৰ খণ্ডবাক্যৰ

উদাহৰণ তলত দিয়া গল।

চিলিম ছিগ
হাৰ পেলা
চাউল সিজোৱা ধৰ বা ল
মুখৰ ছাই গুচা
মৰোঁ জীওঁ সোঁ আধিকৈ
চাহ এৰ
চাউল ঢুকা
বিধি পথালি কৰ

তৰা বোল দে
বাট চা
টুপাই বুৰ মাৰ

   

আশা কৰিবৰ হেতু নাইকিয়া হ, মুদা মৰ।
মৰ, প্ৰাণ এৰ।
ভাত খা৷
মৰা মানুহৰ শৰাধ কৰি শুচি হ।
বৰ যত্নেৰে, প্ৰাণ উচৰ্গি, প্ৰাণক টাকি।
ক্ৰমে ক্ৰমে এৰি দে, অলপ কৰি এৰি দে।
আয়ুস্ ঢুকা, জীৱনৰ ওৰ পৰ৷
কামত বিঘিনি বা বাধা জন্মা, আসোৱাঁহ
 উলিয়া।
ৰাতি তৰাৰে আকাশ বোলা, তৰা ওলা।
কোনো মানুহ আহিব বুলি অপেক্ষা কৰি থাক।
সমূলে আসৈ মাত, অস্বীকাৰ কৰ।

[ ২৯১ ]

খৰি দে
দুখ বোটল

পাচ ধৰ

পাচ ল
পাচ লাগ

বালিৰ বান্ধ
কলা মুখ কৰ
ন দি ক
ৰং লগাই ক
ধোদৰ পচলা

কথা বান্ধ
গুৰু সমুখ হ
পাচ ভৰি হ
পেটতে হাত ভৰি লুকা
জুলুকি জুলুকি কৰ
দোলা মাৰ
পাও মেল
গাই বাই চা
পেটে ভাতে খা

ভাতে ভড়ালে খা
বাটকুৰি বা
নাকনি কাননি কৰ

   

মৰা মানুহ দাহন কৰ।
আন এজনৰ লগত দুখ খা বা কষ্ট পা।

পাচে পাচে যা

দুৰ্ব্বল বাধা, মিছা বাধা।
খং দেখুৱা, কেটেৰা জেঙেৰা কৰ।
ডঢ়াই ক, ডাঠি ক।
নলগা কথা জোৰা দি কথা ক।
দেখাত শকত আৱত কিন্তু কামত আপৈণত।
 অকামিলা, অবালচন্দ, এলেহুৱা৷
আৰি মাৰ, বন্ধবস্ত কৰ।
গুৰুত শৰণ ল, মন্ত্ৰ ল।
কোনো বিষয়ত পাচ হোঁহঁক, আগ নাবাঢ়।
আচৰিত হ, স্তম্ভিত হ, কথা শুনি বেজাৰ পা।
অতিশয় ৰূপে যাতনা বা কষ্ট দে।
মৰ, সি পুৰিলৈ যাত্ৰা কৰ।
মৰ, ইহ জগতৰ পৰা বিদায় ল।
কিছু পৰিমাণে যত্ন কৰি চা।
মূৰামূৰিকৈ কোনো মতে খাই জীৱন ধাৰণ
 কৰ।
ধন সম্পত্তি কৰি খাই বৈ থাক।
ঘনে পতি অহা যোৱা কৰ।
কষ্ট বা যাতনা দি অস্থিৰ কৰ।

[ ২৯২ ]

কাঠ সংস্কাৰ কৰ
বোল মাত খা বা কৰ
খাই পাত ফাল

   

মৰা মানুহক দাহন কৰ।
গালি বা তিৰস্কাৰ খা বা গালি পাৰ বা খা
খাই অশলাগ কৰ, উপকাৰ অস্বীকাৰ কৰ।