সমললৈ যাওক

বহল ব্যাকৰণ/চতুৰ্দশ অধ্যায়

ৱিকিউৎসৰ পৰা

চতুৰ্দ্দশ অধ্যায়।

⸺:০:⸺

পদ্য প্ৰকৰণ৷

ছন্দ।

 ১। যি ফাঁকি কথাত লয় থাকে অৰ্থাৎ যাৰ শব্দবিলাক - পৰস্পৰ খাই ধৰে, আৰু যাক ফুটাই পঢ়িলে শুনিবলৈ কাণত ভাল লাগে তাক ছন্দ বোলা যায়।

 আখৰৰ সংখ্যা আৰু শব্দৰ উচ্চাৰণ অনুসাৰে কথাত লয় ওপজে। কিমান আখৰ থাকিলে বা কোন শব্দৰ কেনেকুৱা উচ্চাৰণ হলে কথা লনি হয় তাৰ কোনো সাধাৰণ নিয়ম নাই৷ কথাৰ অৰ্থাৎ বাক্যৰ বা বাক্যাংশৰ লয় বুজা ক্ষমতা মানুহৰ লগত ওপজা গুণ। এই গুণক ছন্দ বোধ বোলে। মানুহ মাত্ৰে গীতৰ সুৰৰ ভাল মন্দ বুজিব পাৰে, ই কেৱল লগত ওপজা ছন্দবোধৰ গুণত। দুটা বা সৰহ শব্দ কোনো এটা বিশেষ ক্ৰমত লিখিলে ছন্দ হয়। কিন্তু সেই কেইটা শব্দকে ক্ৰম লৰাই ভিন ভিন ঠাইত লিখিলে ছন্দ ভঙ্গ হয়। যেনে, “বিধিৰ নিৰ্ব্বন্ধ ইটো।” এই ফাঁকি কথাত যে ছন্দ আছে তাক আমি সহজ জ্ঞানেৰেই বুজিব পাৰোহঁক। কিন্তু “বিধিৰ ইটো নিৰ্ব্বন্ধ বা ইটো বিধিৰ নিৰ্ব্বন্ধ”, এই দুই ফাঁকি কথাত ছন্দ নাই, অথচ শব্দ সেই তিনটাই আৰু আখৰো আঠোটা আছে। কেৱল সিহঁতক ক্ৰম লৰাই লিখা হৈছে মাথোন। আকৌ চোৱা “ইটো, বিধিৰ নিৰ্ব্বন্ধ”। এই ফাঁকি কথাত ছন্দ হৈছে। কিন্তু ছন্দ হৈছে ইটো শব্দৰ পাচত যতি দিয়াৰ নিমিত্তে। সেই যতিয়ে বিৰাম বুজাইছে, অৰ্থাৎ পঢ়োঁতাই তাত অলপ পৰ ৰব লাগিব, ৰলে উচ্চাৰণৰ যি বঢ়া-টুটা হয় সি মিলি যাব। আৰু চোৱা,

“কি কৰিলোঁ,   কি কৰিলোঁ,
  ভকতি নকৰি।”

 ইয়াত ছন্দ আছে৷ ইয়াৰ প্ৰথম শাৰীত আঠোটা আৰু দ্বিতীয় শাৰীত ছটা আখৰ আছে। কিন্তু কথা ফাঁকি যদি এই দৰে লিখা যায়। যেনে,

“কৰিলোঁ কি,   কৰিলোঁ কি,
  ভকতি নকৰি।”

 তেনেহলে ওপৰৰ ফাঁকিৰ ছন্দ পঢ়ণৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ “কৰি—লোঁকি, কৰি—লোঁকি” এই দৰে পঢ়িলে ছন্দ হব। “কৰিলোঁ কি, কৰিলোঁ কি” এইদৰে পঢ়িলে ছন্দ নাথাকিব৷ ইয়াৰ কাৰণ কথা ফাঁকিৰ লঘু আৰু গুৰু আখৰৰ ঠাই অযথা লৰচৰ হৈছে। কিন্তু “কি কৰিলোঁ৷ কি কৰিলোঁ” ফাঁকি যি দৰেই কি নপঢ়ক তাত ছন্দ থাকিবই। “কি কৰিলোঁ, কি কৰিলোঁ” বুলিলে কাণত যেনে লাগে, “কিক–ৰিলোঁ কিক—ৰিলোঁ” বুলিলেও কাণত তেনে লাগে। তলৰ ফাঁকি অৰ্থাৎ “ভকতি নকৰি” এই ফাঁকি কথাত সদাই ছন্দ থাকিব। “নকৰি ভকতি বা ভকতি নকৰি” দুয়োটা ক্ৰমতেই লঘু আৰু গুৰু আখৰৰ ঠাই ঠিক আছে আৰু শব্দ দুটাৰ আখৰৰ সংখ্যাও সিমান।

 ওপৰত কোৱা কথাৰ পৰা এনে বোধ হব পাৰে যে ছন্দ সম্বন্ধে কোনো নিৰ্দ্ধাৰিত নিয়ম নাই, কিন্তু তেনে নহয়। কেতবিলাক ছন্দৰ আখৰ আৰু শব্দৰ লেখ-জোখ থিক হৈ গৈছে। এই বিলাক ছন্দত কথা লিখিবলৈ হলে সেই লেখ- জোখ অনুসাৰে লিখিলেই ছন্দ হয়। এনে বিলাক ছন্দতেই সৰ্ব্বসাধাৰণ কবিয়ে পদ্য লিখে, আৰু সেই বিলাক ছন্দৰ ভিন ভিন নামো হৈছে। কোনো কোনো অসাধাৰণ ক্ষমতা থকা কবিয়ে প্ৰচলিত ছন্দৰ বাহিৰেও অন্য ছন্দ গঢ়ি কবিতা লিখে, তেতিয়া সেই এটা নতুন ছন্দৰ উদ্ভব হয়। এইদৰে অতীজত নানা কবিয়ে নানাবিধ ছন্দ গঢ়িছে। সেই দেখি সংস্কৃত ভাষাত ছন্দৰ সংখ্যা বহুত। সেই ছন্দ এটাই বিলাকৰ নিয়ম প্ৰণালী স্থিৰ হৈ গৈছে। আৰু সংস্কৃত ব্যাকৰণত সিহঁতৰ সবিশেষ বিবৰণ লিখা আছে।

 ২। ছন্দত কথা লিখিলে তাক পদ্য বোলা হয়।
 ৩৷ পদ্য দুবিধ— মিলিতান্ত, অমিলিতান্ত।
 ৪৷ মিলিতান্ত আৰু অমিলিতান্ত পদ্য :– যি ছন্দৰ প্ৰথম শাৰীৰ বা চৰণৰ শেষ আখৰ দ্বিতীয় শাৰী বা চৰণৰ শেষ আখৰৰে সৈতে মিলে তাক মিলিতান্ত পদ্য বোলে। যাৰ তেনেকৈ নিমিলে তাক অমিলিতান্ত পদ্য বোলে। যেনে,

মিলিতান্ত :—


ৰঙা মুখে ৰঙা বেলি মাগিলে বিদায়
দেখা দিয়ে নিমিষতে সন্ধিয়া লুকায়।

প্ৰতিমা৷

অমিলিতান্ত :—


লক্ষ্মণ সীতাৰ সহ, পিতৃ সত্য পালি,
দাশৰথি ৰঘুপতি, পঞ্চবটী বনে
তপস্বীৰ বেশে, ভক্ষি বন্য ফল মূল
তপস্বী আহাৰ, যেবে ছিলা বনবাসে,

সীতাহৰণ কাব্য।

 ৫৷ পদ্যৰ একোটা ভাগকে পদ বা চৰণ বোলা যায়। যেনে, ওপৰত দিয়া পদৰ প্ৰথম ফাঁকি অৰ্থাৎ “ৰঙ্গা মুখে ৰঙা বেলি” এক চৰণ, দ্বিতীয় ফাঁকি অৰ্থাৎ “মাগিলে বিদায়” এক চৰণ। এইদৰে তলৰ শাৰীতো দুই চৰণ।

 অসমীয়া ভাষাত সকলো প্ৰকাৰ ছন্দ পোৱা নাযায়। যিবিলাক পোৱা যায়, সিহঁতৰ নাম আৰু লক্ষণ তলত দিয়া হল।

৬৷ পদ।

 এই ছন্দত দুফাঁকি কথা থাকে, প্ৰত্যেক ফাঁকিত চৈধ্যটা আখৰ আৰু দুটা চৰণ থাকে। দুয়ো ফাঁকিৰ শেষ আখৰ মিলে। আগৰ আৰু শেষৰ ফাঁকিৰ প্ৰথম আঠোটা আখৰ আৰু বাকী ছটা আখৰে একোটি চৰণ হয়। ইয়াত সৰ্ব্বমুঠ ২৮টা আখৰ আৰু চাৰি চৰণ থাকে।

সৰোবৰ চয় চাৰু জলে আছে ভৰি।
চাৰিয়ো কাষৰে সুবৰ্ণৰ খাটখৰি॥
ফুলিয়াছে সুগন্ধ কমল উতপল।
মধু লোভে ভ্ৰমৰে কৰয় কোলাহল॥

ৰুক্মিণী হৰণ।

৭। দুলৰি।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকিত তিনি চৰণ, প্ৰথম আৰু দ্বিতীয় চৰণত ছটাকৈ আখৰ থাকে আৰু সিহঁতৰ শেষ আখৰ মিলে, নিমিলিবও পাৰে৷ তৃতীয় চৰণত আঠোটাকৈ আখৰ থাকে আৰু দুয়ো ফাঁকিৰ শেষ আখৰ মিলে৷ ইয়াত সৰ্ব্বমুঠ চল্লিশটি আখৰ আৰু ছয় চৰণ থাকে।

যত দিব্য পক্ষী  ফল ফুল ভক্ষি
 কাঢ়য় সুস্বৰ ৰাৱ।
কুহু কুহু ধ্বনি  কোকিলৰ শুনি
 বহয় মলয় বাৱ॥

কীৰ্ত্তন।

৮৷ ছবি।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকিত তিনি চৰণ, প্ৰথম আৰু দ্বিতীয় চৰণত আঠোটাকৈ আখৰ আৰু, তৃতীয়ত দহোটাকৈ আখৰ থাকে। দুয়ো ফাঁকিৰ শেষ আখৰ মিলে। ইয়াত সৰ্ব্বমুঠ বাৱনটি আখৰ আৰু ছটা চৰণ থাকে৷

ঊষা বোলে প্ৰাণ সখি  সপ্নত আছিলো দেখি
 পুৰুষেক ত্ৰৈলোক্য মোহন।
চাৰু শ্যাম কলেৱৰ  দিব্য পীতবস্ত্ৰধৰ
 ৰুচিকৰ কমল লোচন॥

ঊষা হৰণ।

৯। লেছাৰী।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকি তিনি চৰণ, প্ৰথম আৰু দ্বিতীয় চৰণত দহোটাকৈ আখৰ থাকে আৰু দুয়োৰো শেষ আখৰ মিলে। তৃতীয়ত চৈধ্যটাকৈ আখৰ থাকে। দুয়ো ফাঁকিৰ শেষ আখৰ মিলে। ইয়াত সৰ্ব্বমুঠ ৬৮টা আখৰ আৰু ছটা চৰণ থাকে।

দশ দিন যুজি দেৱব্ৰত, শৰৰ শয্যাত পড়িলন্ত,
 শুনি নগৰৰ যত সুকুমলী নাৰী।
পাট নেত শাৰী পিন্ধি গই,  দুৰ্ব্বাক্ষত পুষ্প কোচে লই,
 বিদ্যাধৰী সম সব গৈলা কাছি পাৰি।

মহাভাৰত৷

১০। ঝুনা বা একাৱলী।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকিত ১১টাকৈ আখৰ আৰু দুটা চৰণ থাকে৷ দুয়ো ফাঁকিৰ শেষ আখৰ মিলে। আগৰ আৰু শেষৰ ফাঁকিৰ প্ৰথম ছটা আখৰ আৰু বাকী পাঁচটা আখৰে একোটি চৰণ হয়। কেতিয়াবা ফাঁকিত ১২টাকৈও আখৰ থাকিব পাৰে।

শুনিয়া হাঁসি চাহি চক্ৰপাণি।
নোহন্ত আদিত্য বুলিলা বাণী॥
মণিৰ ৰশ্মি হুৱা প্ৰকাশিত।
গৃহক লাগি আসে সত্ৰাজিত॥

শ্যমন্ত হৰণ।

১১। ঝুমুৰি বা গজগতি।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰতি ফাঁকিত আঠোটাকৈ আখৰ থাকে আৰু দুয়ো ফাঁকিৰ শেষ আখৰ মিলে।

বলভদ্ৰে জৰাসন্ধে।
যুজিলন্ত মাল বন্ধে।
প্ৰহাৰে অনেক ভাৱে।
ছান্দি ধৰি পাৱে পাৱে।

কীৰ্ত্তন।

১২। কুসুমমালা ছন্দ।

 এই ছন্দত চাৰি ফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকিত ছটাকৈ আখৰ থাকে আৰু চাৰিয়োটাৰে শেষ আখৰ

মিলে।

অদ্ভূত বালক
ৰত্নৰ তিলক
হসিত বয়ন
ৰুচিৰ দশন

   

কুটিল অলক।
শোভে কপোলক॥
কমল নয়ন।
পীত বসন॥

কৃষ্ণ গুণমালা।

১৩। হংসমালা।

 এই ছন্দত দুফাঁকি কথা থাকে৷ প্ৰত্যেক ফাঁকিত ১৮টাকৈ আখৰ থাকে আৰু দুয়ো ফাঁকিৰ শেষ আখৰ মিলে।

দিবসে বিষয় বিয়াকুল নিশি শয়নে গোৱাঁই।
মনে ধন খোজি বিমুহিত তেৰি আৰতি নাপাই॥
হৃদয় কমলে হৰি বৈঠহ চিন্তো চৰণ না তেৰি।
কৰল গৰল যচ ভোজন হামো অমিয়া হেৰি॥

বৰগীত।

 ওপৰত দিয়া ছন্দবিলাকৰ বাজেও পিকাৱলী, মালতি, চম্পক, বিধুমালা, অনুষ্টুপ, তোটয়, চপয় আদি অনেক ছন্দ সংস্কৃতত আৰু ব্ৰজভাষাত আছে, কিন্তু সেইবিলাকৰ উদাহৰণ অসমীয়া সাহিত্যত বিচাৰি পাবলৈ টান। অসমীয়া গীতি সাহিত্যত কিন্তু চপয়ৰ ব্যৱহাৰ কোনো কোনো ঠাইত দেখা যায়।

১৪। চপয়।

 এই ছন্দত চাৰি ফাঁকি থাকে। ৰাগ অনুসাৰে ইয়াৰ প্ৰত্যেক ফাঁকিত দহ, এঘাৰ, বাৰ, তেৰলৈকে বা তাতোকৈ সৰহ আখৰ থাকিব পাৰে। দুই ফাঁকিৰ শেষ আখৰ পদৰ দৰে মিলে। যেনে :—

(১)

(হামাকু?) কুণ্ডিন নগৰী অনুপাম।
আছে কন্যা এক ৰুকমিনী নাম॥
ভীষ্মক-ৰাজ-নন্দিনী বৰ বালা।
বাঢ়য় নব জিনি চান্দক কলা॥

কি কহব ৰমণীক ৰূপ প্ৰচুৰ।
বদনক হেৰি চান্দ ভেল দূৰ॥
নয়নক পেখি পাই বড়ি লাজ।
কৰল ঝম্প কমল জল মাঝ॥

(২)

শুন শুন ৰুকমিনী মাই।
কৃষ্ণ গুণ কহন নযাই॥
মুখ ইন্দু কোটি পৰকাশ।
দশন মোতিম মন্দ হাস॥

নয়ন পঙ্কজ নব পাতা।
কৰতল উত্পল ৰাতা॥
মদনক ধনু ভ্ৰূব ভঙ্গ।
ভুজযুগ বলিত ভুজঙ্গ॥

অলঙ্কাৰ।

 ১৫। নানা উপায় অৱলম্বন কৰি যেনেকৈ মানুহৰ শৰীৰৰ সৌন্দৰ্য্য বঢ়াব পাৰি, সেইদৰে উপায় কৰি ভাষাৰ মাধুৰ্য্যও বঢ়াব পাৰি। এতেকে যি উপায়েৰে ভাষা মধুৰ আৰু মনোগ্ৰাহী কৰা যায় তাক ভাষাৰ অলঙ্কাৰ বোলে।

 ১৬। অলঙ্কাৰ দুবিধ :—শব্দালঙ্কাৰ আৰু অৰ্থালঙ্কাৰ।

 ১৭৷ শব্দালঙ্কাৰ— অনুপ্ৰাস, যমক, ইত্যাদি।

 ১৮। অনুপ্ৰাস—এবিধ বৰ্ণ বাৰে বাবে উল্লেখ হলে তাক অনুপ্ৰাস বোলা যায়। যেনে,

পৰম পুৰুষ, পুৰাতন পাপী, পাৱন ঈশ্বৰ দেৱ।
ব্ৰহ্মা ৰুদ্ৰ আদি দিকপাল, যাকু কৰত নিত্য সেৱ॥
যক্ষ ৰক্ষ বিপক্ষ লক্ষ, লক্ষ ক্ষয়ঙ্কাৰী।
দুষ্ট দৈত্য দানৱ দলন, দীন দৰিদ্ৰ দুঃখ ভয়হাৰী॥
অঘ বক কুবলয়, ধেনুক কেশী কংসনাশী বনমালী।
গোপী পীন পয়োধৰ ঘৰিষণ, চঞ্চল কৰযুগশালী॥

 ওপৰত দিয়া কথাৰ প্ৰথম শাৰীত প, তৃতীয়ত ক্ষ, চতুৰ্থত দ, পঞ্চমত ক, ষষ্ঠত প বৰ্ণ বাৰে বাৰে উল্লেখ হৈছে।

 ১৯। যমক:-—এটা শব্দক একে ঠাইতে ভিন ভিন অৰ্থত ব্যৱহাৰ কৰিলে তাক যমক বোলে। যেনে,—

অপাৰ সংসাৰ সিন্ধু আৰ  বিষ্ণুসে পৰম পাৰ যত
 পাৰ আছে তাত পৰম্পৰমাত্মা ৰূপে।
তেন্তে তুমি জানা ব্ৰহ্ম পাৰ  পৰ পাৰ ভূত যত পাৰ
 তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে।

নামঘোষা ।

 ২০। অৰ্থালঙ্কাৰ— উপমা, মালোপমা, ৰূপক ইত্যাদি।

 ২১। উপমা—ভিন ভিন জাতিৰ দুটা বস্তুৰ সাদৃশ্য দেখুৱাই বৰ্ণনা কৰিলে তাক উপমা বোলা যায়।

 ২২। যাৰে সৈতে তুলনা কৰা যায় তাক উপমান আৰু যাক তুলনা কৰা যায় তাক উপমেয় বোলে। যেনে,

জৰাসন্ধ আদি কৰি যতেক নৃপতি আছে
 তোমাৰ লগত যেন তৃণ।
প্ৰচণ্ড বাঘৰ আগে  যেন গাৱ ঘেলাৱয়
 অতি ক্ষুদ্ৰ মৃগ যে হৰিণ॥

 প্ৰথম ফাঁকিত নৃপতিক তৃণৰ লগত আৰু দ্বিতীয় ফাঁকিত মৃগৰ লগত তুলনা কৰা হৈছে।

 ২৩৷ মালোপমা :—এটা উপমেয়ৰ বহুত উপমান থাকিলে তাক মালোপমা বোলে। যেনে,

প্ৰশংসা বচনে মোক আৰাধিয়া তুমি।
কিসক খুজিলা অল্প তিনি পদ ভূমি॥
যেন ভাগ্য ৰহিত দৰিদ্ৰ কোন জন।
কুবেৰক পায়া সিতো খোজে খুদ কণ॥

ৰত্ন দ্বীপো পায়া যেন পাইলেক বিবুদ্ধি।
বালিক নাৱত তোলে ৰত্নক নুশুধি॥
সেহি মতে মোত তিনি পদ ভূমি খোজা।
ষিবা দেয় যিবা লৱে দুইৰো মহালজ্জা॥

বলিছলন৷

 ২৪। ৰূপক—উপমেয়ক উপমানৰ নিচিনা অভেদ ৰূপে নিৰ্দ্দেশ কৰিলে তাক ৰূপক অলঙ্কাৰ বোলে। যেনে,

পৰমাত্মা শুকে জীৱ নৃপত কহয়।
ভকতি বাৰিষা ঋতু ভৈলন্ত উদয়॥
মাধৱৰ ভকতি নিকৰ দিনকৰ।
নানা কান্তি ভাতি আতি অণ্ডৰ ভিতৰ॥
বিষয় বতাস হাস লাস জ্ঞান হৰে৷
ভক্তি শক্তি চানি বানি তৰ্ক মেঘে কৰে॥

দশম স্কন্ধ।


অন্ত