এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮২
বহল ব্যাকৰণ।
| খণ্ডবাক্য। | ভাঙনি। | |
| কাণ সৰালি মাৰ | নুশুনা ভাও জুৰি মনে মনে থাক। | |
| কাণ বাগৰা | লোকৰ মুখে শুনা। | |
| ১০। চকু সংজ্ঞা শব্দৰে গঠিত। | ||
| খণ্ডবাক্য। | ভাঙ্গনি। | |
| চকু দে | পাবলৈ অভিলাষ কৰি চা, সাৱধান ল। | |
| চকু কৰ | সাৱধান ল। | |
| চকুত লাগ | মন খা, দেখিবলৈ ভাল লাগ। | |
| চকুত পৰ | দৃষ্টিৰ গোচৰ হ, মন আকৰ্ষণ কৰ। | |
| চকু পৰ | দেখিবলৈ পা। | |
| চকু লাগ | টোপনিত চকু মুদ যা। | |
| চকু মুদ | প্ৰাণ এৰ, মৰ। | |
| চকু ফুৰা | অলপকৈ চা, ওপৰে ওপৰে চা। | |
| চকুৰ কুটা | অপ্ৰিয়, শত্ৰু। | |
| চকুৰ কুটা, দাঁতৰ শাল | অপ্ৰিয়, শত্ৰু। | |
| চকু চৰহা | লোকৰ ভাল দেখি বেজাৰ পোৱা। | |
| চকুত লগা | দেখনিয়াৰ শুৱনি। | |
| ১১। দাঁত সংজ্ঞা শব্দৰে গঠিত। | ||
| খণ্ডবাক্য। | ভাঙনি। | |
| দাঁত লাগ | মুখ লাগ, লোকৰ চকু পৰাত অমঙ্গল হ। | |
| দাঁত লগা | লোকৰ ভাল হোৱাত বেজাৰ পাই | |
| অমঙ্গল কৰ, মুখ লগা। | ||
| দাঁতে ওঠে নালাগ | সমূলি দন্দবাদ নালাগ। | |