এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮২
বহল ব্যাকৰণ।
খণ্ডবাক্য। | ভাঙনি। | |
কাণ সৰালি মাৰ | নুশুনা ভাও জুৰি মনে মনে থাক। | |
কাণ বাগৰা | লোকৰ মুখে শুনা। | |
১০। চকু সংজ্ঞা শব্দৰে গঠিত। | ||
খণ্ডবাক্য। | ভাঙ্গনি। | |
চকু দে | পাবলৈ অভিলাষ কৰি চা, সাৱধান ল। | |
চকু কৰ | সাৱধান ল। | |
চকুত লাগ | মন খা, দেখিবলৈ ভাল লাগ। | |
চকুত পৰ | দৃষ্টিৰ গোচৰ হ, মন আকৰ্ষণ কৰ। | |
চকু পৰ | দেখিবলৈ পা। | |
চকু লাগ | টোপনিত চকু মুদ যা। | |
চকু মুদ | প্ৰাণ এৰ, মৰ। | |
চকু ফুৰা | অলপকৈ চা, ওপৰে ওপৰে চা। | |
চকুৰ কুটা | অপ্ৰিয়, শত্ৰু। | |
চকুৰ কুটা, দাঁতৰ শাল | অপ্ৰিয়, শত্ৰু। | |
চকু চৰহা | লোকৰ ভাল দেখি বেজাৰ পোৱা। | |
চকুত লগা | দেখনিয়াৰ শুৱনি। | |
১১। দাঁত সংজ্ঞা শব্দৰে গঠিত। | ||
খণ্ডবাক্য। | ভাঙনি। | |
দাঁত লাগ | মুখ লাগ, লোকৰ চকু পৰাত অমঙ্গল হ। | |
দাঁত লগা | লোকৰ ভাল হোৱাত বেজাৰ পাই | |
অমঙ্গল কৰ, মুখ লগা। | ||
দাঁতে ওঠে নালাগ | সমূলি দন্দবাদ নালাগ। |