পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 অসমীয়া ভাষাত জতুৱা খণ্ডবাক্য অনেক। খণ্ডবাক্য কোষত সকলো খণ্ডবাক্য পোৱা যায়। কিন্তু কিছুমান জতুৱা খণ্ডবাক্যৰ মূলত কোনো এটা বিশেষ সংজ্ঞা শব্দ থাকে আৰু তাৰেই খণ্ডবাক্যটো গঠিত। সেই শ্ৰেণীৰ খণ্ডবাক্যৰ কিছুমান উদাহৰণ তলত দিয়া গল।

জতুৱা খণ্ডবাক্য।

৭। মূৰ সংজ্ঞা শব্দৰে গঠিত।

খণ্ডবাক্য
ঘূৰ খা
মুৰ মৰ
মূৰ মাৰ
মূৰ দে
মূৰ দি উঠ
মূৰ দোঁৱা
মূৰে শপ
মূৰ ঘুমা
মূৰ পাত
মৰামূৰি

   

ভাঙনি।
মৰমৰ মানুহৰ মৰণ দেখ।
আগলৈ সুচল নাইকিয়া হ, আগলৈ নাইকিয়া হ।
আগলৈ নাইকিয়া কৰ, বা সুচল নাইকিয়া কৰ৷
আগন্তুক হ, নেদেখা অৱস্থাৰ পৰা দেখা হ।
উদ্‌গতি কৰ, ডাঙ্গৰ হ।
সেৱা কৰ, মান্য কৰ।
মৰমৰ কোনোবা মৰক বুলি আনক গালি পাৰ।
টোপনিয়া।
ওলাবৰ বা হবৰ আগন্তুক।
লগা খিনি, ঠিক জোখৰ খিনি।