আখৰো আঠোটা আছে। কেৱল সিহঁতক ক্ৰম লৰাই লিখা
হৈছে মাথোন। আকৌ চোৱা “ইটো, বিধিৰ নিৰ্ব্বন্ধ”।
এই ফাঁকি কথাত ছন্দ হৈছে। কিন্তু ছন্দ হৈছে ইটো
শব্দৰ পাচত যতি দিয়াৰ নিমিত্তে। সেই যতিয়ে বিৰাম
বুজাইছে, অৰ্থাৎ পঢ়োঁতাই তাত অলপ পৰ ৰব লাগিব,
ৰলে উচ্চাৰণৰ যি বঢ়া-টুটা হয় সি মিলি যাব। আৰু চোৱা,
“কি কৰিলোঁ, কি কৰিলোঁ,
ভকতি নকৰি।”
ইয়াত ছন্দ আছে৷ ইয়াৰ প্ৰথম শাৰীত আঠোটা আৰু দ্বিতীয় শাৰীত ছটা আখৰ আছে। কিন্তু কথা ফাঁকি যদি এই দৰে লিখা যায়। যেনে,
“কৰিলোঁ কি, কৰিলোঁ কি,
ভকতি নকৰি।”
তেনেহলে ওপৰৰ ফাঁকিৰ ছন্দ পঢ়ণৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ “কৰি—লোঁকি, কৰি—লোঁকি” এই দৰে পঢ়িলে ছন্দ হব। “কৰিলোঁ কি, কৰিলোঁ কি” এইদৰে পঢ়িলে ছন্দ নাথাকিব৷ ইয়াৰ কাৰণ কথা ফাঁকিৰ লঘু আৰু গুৰু আখৰৰ ঠাই অযথা লৰচৰ হৈছে। কিন্তু “কি কৰিলোঁ৷ কি কৰিলোঁ” ফাঁকি যি দৰেই কি নপঢ়ক তাত ছন্দ থাকিবই। “কি কৰিলোঁ, কি কৰিলোঁ” বুলিলে কাণত যেনে লাগে, “কিক–ৰিলোঁ কিক—ৰিলোঁ” বুলিলেও কাণত তেনে লাগে। তলৰ ফাঁকি অৰ্থাৎ “ভকতি নকৰি” এই ফাঁকি