চতুৰ্দ্দশ অধ্যায়।
⸺:০:⸺
পদ্য প্ৰকৰণ৷
ছন্দ।
১। যি ফাঁকি কথাত লয় থাকে অৰ্থাৎ যাৰ শব্দবিলাক - পৰস্পৰ খাই ধৰে, আৰু যাক ফুটাই পঢ়িলে শুনিবলৈ কাণত ভাল লাগে তাক ছন্দ বোলা যায়।
আখৰৰ সংখ্যা আৰু শব্দৰ উচ্চাৰণ অনুসাৰে কথাত লয় ওপজে। কিমান আখৰ থাকিলে বা কোন শব্দৰ কেনেকুৱা উচ্চাৰণ হলে কথা লনি হয় তাৰ কোনো সাধাৰণ নিয়ম নাই৷ কথাৰ অৰ্থাৎ বাক্যৰ বা বাক্যাংশৰ লয় বুজা ক্ষমতা মানুহৰ লগত ওপজা গুণ। এই গুণক ছন্দ বোধ বোলে। মানুহ মাত্ৰে গীতৰ সুৰৰ ভাল মন্দ বুজিব পাৰে, ই কেৱল লগত ওপজা ছন্দবোধৰ গুণত। দুটা বা সৰহ শব্দ কোনো এটা বিশেষ ক্ৰমত লিখিলে ছন্দ হয়। কিন্তু সেই কেইটা শব্দকে ক্ৰম লৰাই ভিন ভিন ঠাইত লিখিলে ছন্দ ভঙ্গ হয়। যেনে, “বিধিৰ নিৰ্ব্বন্ধ ইটো।” এই ফাঁকি কথাত যে ছন্দ আছে তাক আমি সহজ জ্ঞানেৰেই বুজিব পাৰোহঁক। কিন্তু “বিধিৰ ইটো নিৰ্ব্বন্ধ বা ইটো বিধিৰ নিৰ্ব্বন্ধ”, এই দুই ফাঁকি কথাত ছন্দ নাই, অথচ শব্দ সেই তিনটাই আৰু