পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
বহল ব্যাকৰণ।


তৃতীয়ত দহোটাকৈ আখৰ থাকে। দুয়ো ফাঁকিৰ শেষ আখৰ মিলে। ইয়াত সৰ্ব্বমুঠ বাৱনটি আখৰ আৰু ছটা চৰণ থাকে৷

ঊষা বোলে প্ৰাণ সখি  সপ্নত আছিলো দেখি
 পুৰুষেক ত্ৰৈলোক্য মোহন।
চাৰু শ্যাম কলেৱৰ  দিব্য পীতবস্ত্ৰধৰ
 ৰুচিকৰ কমল লোচন॥

ঊষা হৰণ।

৯। লেছাৰী।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকি তিনি চৰণ, প্ৰথম আৰু দ্বিতীয় চৰণত দহোটাকৈ আখৰ থাকে আৰু দুয়োৰো শেষ আখৰ মিলে। তৃতীয়ত চৈধ্যটাকৈ আখৰ থাকে। দুয়ো ফাঁকিৰ শেষ আখৰ মিলে। ইয়াত সৰ্ব্বমুঠ ৬৮টা আখৰ আৰু ছটা চৰণ থাকে।

দশ দিন যুজি দেৱব্ৰত, শৰৰ শয্যাত পড়িলন্ত,
 শুনি নগৰৰ যত সুকুমলী নাৰী।
পাট নেত শাৰী পিন্ধি গই,  দুৰ্ব্বাক্ষত পুষ্প কোচে লই,
 বিদ্যাধৰী সম সব গৈলা কাছি পাৰি।

মহাভাৰত৷

১০। ঝুনা বা একাৱলী।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকিত ১১টাকৈ আখৰ আৰু দুটা চৰণ থাকে৷ দুয়ো ফাঁকিৰ শেষ