পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
বহল ব্যাকৰণ।


মিলিতান্ত :—


ৰঙা মুখে ৰঙা বেলি মাগিলে বিদায়
দেখা দিয়ে নিমিষতে সন্ধিয়া লুকায়।

প্ৰতিমা৷

অমিলিতান্ত :—


লক্ষ্মণ সীতাৰ সহ, পিতৃ সত্য পালি,
দাশৰথি ৰঘুপতি, পঞ্চবটী বনে
তপস্বীৰ বেশে, ভক্ষি বন্য ফল মূল
তপস্বী আহাৰ, যেবে ছিলা বনবাসে,

সীতাহৰণ কাব্য।

 ৫৷ পদ্যৰ একোটা ভাগকে পদ বা চৰণ বোলা যায়। যেনে, ওপৰত দিয়া পদৰ প্ৰথম ফাঁকি অৰ্থাৎ “ৰঙ্গা মুখে ৰঙা বেলি” এক চৰণ, দ্বিতীয় ফাঁকি অৰ্থাৎ “মাগিলে বিদায়” এক চৰণ। এইদৰে তলৰ শাৰীতো দুই চৰণ।

 অসমীয়া ভাষাত সকলো প্ৰকাৰ ছন্দ পোৱা নাযায়। যিবিলাক পোৱা যায়, সিহঁতৰ নাম আৰু লক্ষণ তলত দিয়া হল।

৬৷ পদ।

 এই ছন্দত দুফাঁকি কথা থাকে, প্ৰত্যেক ফাঁকিত চৈধ্যটা আখৰ আৰু দুটা চৰণ থাকে। দুয়ো ফাঁকিৰ শেষ আখৰ মিলে। আগৰ আৰু শেষৰ ফাঁকিৰ প্ৰথম আঠোটা আখৰ