পখিলা/মহিলাৰ মহা-সভা
[ ২৭ ]
মহিলাৰ মহা-সভা
[ গ্ৰীক নাটৰ সাধু; ৩৯২ খৃঃ পূঃ ]
পুৰণি গ্ৰীচদেশত এথেন্স নামে এখন ৰাজ্য আছিল। তাৰ শাসন-পদ্ধতি বৰ্তমান আমাৰ আইন সভাৰ দৰে পৰিষদৰ দ্বাৰা চলোৱা হৈছিল। আইন সভাই নানা তৰহৰ শাসন-ৰীতি পৰীক্ষা কৰি চালে; কিন্তু কোনোটোৱেই ফলৱতী নহয়, তেতিয়া মহিলাসকলে থিৰ কৰিলে যে শাসনভাৰ তেওঁলোকে হাতত লোৱা উচিত। এই আন্দোলনৰ নায়িকা হ'ল প্ৰাক্চাগোৰা নামৰ মহিলা এগৰাকী।
নিৰ্দিষ্ট দিনা দোকমোকালিৰ আগতেই প্ৰাক্চাগোৰাই চাকি এটি হাতত লৈ নগৰৰ উপকণ্ঠত উপস্থিত হ’ল। আটাইবোৰ বিপ্লৱী সঙ্গিনী তাত গোট খোৱাৰ কথা আছিল। প্ৰাক্চাগোৰাই চাৰিওফালে এন্ধাৰত চাকিৰ পোহৰত কাকো নেদেখি আচৰিত হ'ল।
“মোৰ বান্ধৈসকলৰ কোনো আহি নাপালে দেখোন! ইফালে ৰাতিপুৱায় হে লাগে! আমি আগেয়ে গৈ সভা-মণ্ডপ অধিকাৰ কৰি নেথাকিলে ৰাতিপুৱাতে সভ্যসকল আহি ওলাব। কিবা আকৌ অঘটন ঘটিলনেকি? নে সঙ্গিনীসকলে ডাঢ়ি-গোঁফ যোগাৰ কৰিব পৰা নাই, নে গিৰিয়েকসকলৰ পোছাক চুৰ কৰিব পৰা নাই। প্ৰাক্চাগোৰাই নিজেই কোৱা-মেলা কৰিলে।
এনেতে কেইগৰাকীমান মহিলা আহি উপস্থিত হ’লহি। এজনীয়ে ক’লে—গিৰিয়েকে এপোহামান ভজা মিছা মাছ বাকলিৰে সৈতে খোৱাত পেট চলিছিল। শেষ নিশাহে টোপনিত পৰিছে। আন এজনীয়ে ক’লে—ওৰে দিনটো ৰ’দত থিয় হৈ কাম কৰিছে, ৰ’দৰ তাপ লাগি গাটোত কিজানিবা অলপ পুৰুষালি ৰং ধৰেই! আৰু এজনীয়ে প্ৰকাণ্ড লাঠি এডাল জোকাৰি, সেইডাল চাঁচি-চুঁচি লওঁতে পলম হ’ল বুলি ক’লে; ইত্যাদি।[ ২৮ ] আইন সভাত কেনেকৈ বক্তৃতা কৰি প্ৰস্তাৱ দাঙি ধৰিব লাগে তাৰ আখৰা চলিল। প্ৰথমতে আলোচনাৰ বিষয় হ’ল, সভ্যসকলক কি বুলি সম্বোধন কৰা হ’ব — “মহিলা নে ভদ্ৰ মহোদয়া?” এগৰাকীয়ে মাত লগালে—“মহিলা”! প্ৰাক্চাগোৰাই মুখ ওন্দোলাই ভেকাহি মাৰি ক’লে—“এইবোৰেই আকৌ ৰাজ্য খাবলৈ আগবাঢ়ে।” কথাষাৰ কৈয়ে সমূহ মহিলাৰ মতামত বা ভোটলৈ অপেক্ষা নকৰি প্ৰাক্চাগোৰাই মহিলা সভাক সম্বোধন কৰি বক্তব্য আৰম্ভ কৰিলে—
“ভদ্ৰ মহোদয়সকল, এই ৰাজ্যখন আপোনালোকৰ যেনে প্ৰিয়, মোৰো তেনে প্ৰিয়। দেশৰ গতিবিধি দেখি মোৰ বুকু ফাটি গৈছে। কেনেকৈ এনে হ’বলৈ পালে? আচলতে আপোনালোকৰ লীডাৰ নাই। পুৰুষ লীডাৰে এদিন সজ বুদ্ধিৰে চলিবৰ ভাও দেখুৱাই যিখিনি নিজৰ স্বাৰ্থৰ লোকচান কৰে, দহ দিনৰ অপকৰ্মৰে পিছত তাৰ শোধ তুলি লয়। ভদ্ৰ মহোদয়সকল, দোষ আপোনালোকৰেই; নায়কৰ অভাৱত আপোনালোকৰ উমৈহতীয়া ধনে মাথোন কেইগৰাকীমানৰ মোনাত থিতাপি লৈছে। কোনেও ৰাজ্যৰ মঙ্গললৈ চিন্তা কৰা নাই, চিন্তা কৰিছে মাথোন নিজৰ মোনাৰ গধুৰত্বলৈহে। দেশ ৰসাতললৈ যাব লাগিছে, ইয়াৰ প্ৰতিকাৰ নাইনে? আছে, নিশ্চয় আছে। দেশৰ ভাৰ মহিলাসকলৰ হাতত সঁপি দিয়ক। তেওঁলোকে ঘৰ চলাব পাৰে, ৰাজ্য চলাব নোৱাৰিব কিয়? তেওঁলোকেই আমাৰ যুঁজাৰু চিপাহীবোৰৰ মাক নহয়নে? অবাবতে নিজ পুত্ৰ চিপাহীবোৰক যুঁজত মৰিবলৈ বা ভোকত খীণাবলৈ তেওঁলোকে এৰি নিদিয়ে। তেওঁলোক সুলক্ষ সাঁচনিয়াৰ; নিজেই ছল-ছন্দত পাকৈত; গতিকে কোনেও তেওঁলোকক ঠগিব নোৱাৰে। আৰু সৰহ কোৱাৰ সকাম নাই। মোৰ উপদেশ মানি লওক, দেশলৈ সুখ-শান্তি উভতি আহিব।”
বক্তব্যৰ ওৰ পৰিল। এজনীয়ে টপৰাই মাত লগালে, “হওঁতে উপদেশকেৰি ভালেই দিছা; পিছে তুমিনো এনেকৈ ক’বলৈ শিকিলা ক’ত?”[ ২৯ ] প্ৰাক্চাগোৰাই উত্তৰ দিলে—“নেজানানে পুৰুষৰ বল বাহুত, তিৰোতাৰ বল জিভাত। তাৰ উপৰিও বিদেশীয়ে এবাৰ দেশ আক্ৰমণ কৰাত ঘৰ এৰি থৈ আইন পৰিষদৰ ওচৰত বাহ লৈ আছিলো। ৰাজনৈতিকসকলৰ ভাৱৰীয়াৰ বক্তৃতাৰ ভঙ্গি দেখি জিভাখন নিভাঁজ কৰি লৈছো।”
সভ্যা— “তেন্তে তুমিয়েই আমাৰ পহিলা প্ৰধানমন্ত্ৰী হোৱা। কিন্তু, কেনেকৈ তোমাক আইনসঙ্গতভাৱে বাছিব লাগে মোকোলাই কোৱা।”
প্ৰাক্চাগোৰা—“সেইটো বৰ সহজ কথা নহয়; কিন্তু অসাধ্যও নহয়। কঁকালত টানকৈ চুৰিয়াখন মেৰাই লোৱাহঁক; ভৰিত বুট-জোতাযোৰ আৰু মুখত কৃত্ৰিম ডাঢ়িযোৰ এঠাৰে লগাই লোৱা। গাত গিৰিয়েৰাসকলৰ ওভাৰ কোটবোৰ পিন্ধি, লাখুটি লৈ সমদলে আইন মণ্ডপলৈ যাত্ৰা কৰা। সাৱধান, সূৰুয ওলোৱাৰ পূৰ্বতেই যেন সভা-মণ্ডপ দখল কৰাহি।”
আনফালে তিৰোতাসকলৰ নিজ নিজ ঘৰত অনুপস্থিতিৰ কাৰণে বেমেজালি ঘটিবলৈ ধৰিলে। প্ৰাক্চাগোৰাৰ গিৰিয়েক ব্লেপিৰাচে সাৰ পাই, বিমোৰত পৰি গোৰগোৰাবলৈ ধৰিলে, “ঘৈণীজনী ক’ত? চুৰিয়াখনো দেখোন নাই!”
নিৰুপায় হৈ ঘৈণীয়েকৰ মেখেলা-চাদৰকেই মেৰাই ল’লে; ফুলাম নাগেৰী চেণ্ডলযোৰা ভৰিত পিন্ধিলে। “মোক নো কিহে পাইছিল এই বয়সত আৰু এজনী চপাই ল’বলৈ! যি হওক, পৰিষদত ঠিক সময়ত হাজিৰা দিবলৈ পালে, দিনটোৰ জোখাৰে তেও ভাটাখিনি পাওঁ।”
যাবলৈ বুলি ওলাইছে। আন এজন আইন সভ্যই মাত লগালে— “সেইটো ব্লেপিৰাচ নেকি অ’। গাত দেখোন মেখেলা-চাদৰ মেৰাই লৈছ!”
ব্লেপি—এইখন ঘৈণীৰ।[ ৩০ ] সভ্য—তোৰ চুৰিয়া-চোলা একা?
ব্লেপি—ক’বই নোৱাৰো ক’লৈ উৰি গ’ল! বিচাৰি-খোচাৰি নেপালো।
সভ্য—ঘৈণীয়েৰক নুসুধিলি কিয়?
ব্লেপি—ঘৈণীও ঘৰত নাই। ক’ৰবালৈ পুলুকা মাৰিছে।
সভ্য—মোৰো ঘৰত একেখন ভাওনা। ঘৈণীয়ে জোতা, চুৰিয়া সকলোকে আঁতৰ কৰিছে। কোনোবা বন্ধুৰ ঘৰত ভোজ খাবলৈ যোৱা যেন মনে গোন্ধাইছে।
ব্লেপি—হ’বও পাৰে। ইমান দিনে কোনো ভাল-মন্দ কাণত পৰা নাই দেখোন। এনেতে আইন মণ্ডপৰ ফালৰপৰা ক্ৰেমিচ নামে সভ্য এজন বেগেৰে আহিছে। ব্লেপিৰাচে সুধিলে—“আইন সভা ইমান সোনকালে ভাগিলনে? তোৰ দৈনিক ভাটা পালি জানো?”
ক্ৰেমিচ—মোৰ যোৱাত পলম হ’ল। সভাঘৰ লোকাৰণ্য! কেতবোৰ শেঁতামুৱা ঘৰৰ ভিতৰত কাম কৰা বহুৱাই হ’বলা সভাঘৰ দখল কৰি আছে। ভাটা নেপালো। আমাৰ অইন কোনো সভ্যয়ে পোৱা নাই।
ব্লেপি—ময়ো নেপাম তেন্তে! শেঁতামুৱাবোৰে নো কি আলোচনা কৰিছে?
ক্ৰেমিচ—দেশৰ নিৰপত্তা সম্বন্ধে। এজন মাইকীমুৱা ডেকাই প্ৰস্তাৱ কৰিলে, শাসনভাৰ হেনো মহিলাসকলক চমজাই দিব লাগে। বনুৱাসকলে চিঞৰিলে, “শুনা শুনা”—আনবোৰে প্ৰতিবাদ কৰিলে, “হ’বই নোৱাৰে, হ’বই নোৱাৰে।” এওঁলোক কিন্তু ভোটত হাৰিল। ডেকাজনে তিৰোতাৰ গুণাৱলী কীৰ্তন কৰিলে। তেওঁলোক হেনো সাধাৰণ জ্ঞানৰ ভঁৰাল, পইছা সাঁচিব জানে আৰু গুপুত কথা প্ৰাণ গ’লেও নকয়।
ব্লেপি—শেহত কিটো ৰ’লগৈ?
ক্ৰেমিচ—শাসনভাৰ তিৰোতাৰ হাতত দিব লাগে বুলি প্ৰস্তাৱ গৃহীত হ’ল।[ ৩১ ]
ব্লেপি—আইনে মানি ল’লেনে?
ক্ৰেমিচ—আইনত পৰিণত হ’ল।
ব্লেপি—―তেনেহ’লে আজিৰপৰা ঘৈণীয়েহে মেল-মোকৰ্দমা বিচাৰ-বিবেচনা কৰিব, আমি নহয়!
ক্ৰেমিচ—ঘৈণীয়েৰাৰ হৈ তুমি ৰান্ধনি-ঘৰ চম্ভালিব লাগিব।
ব্লেপি—ভয়ানক ঘটনা!
এনেতে বিপ্লৱী মহিলাসকলে গীতৰ ছেৱে ছেৱে সমদলে ঘৰলৈ বুলি খোজ কাঢ়ি আহিছে।
ব্লেপিৰাচে ঘৈণীয়েকক সুধিলে—“ৰাতিনো ক’লৈ যোৱা হৈছিল?”
প্ৰাক্চা—এগৰাকী বন্ধুৰ নৰিয়া। পৰ দিবলৈ গৈছিলো।
ব্লেপি—যোৱাৰ কথা মোক দেখোন নক’লা।
প্ৰাক্চা—তেনেহ’লে যাব নেলাগিছিলনেকি?
ব্লেপি—যাব লাগে গৈছা। মোৰ চোলা-চুৰিয়া নিলা কিয়?
প্ৰাক্চা—ইমান চেঁচা। তাতে গাৱো বৰ ভাল নহয়। তোমাক কঁথা-কম্বল দি গৈছিলো নহয়।
ব্লেপি—মোৰ বুটযোৰা আৰু লাখুটিডাল আকৌ নিছিলা কিয়?
প্ৰাক্চা—বাহিৰত ভয় লাগে দেখি! ঠিক তোমাৰ দৰে পুৰুষ সাজি ওলাইছিলো।
ব্লেপি–তোমাৰ কাৰণেই এদিনৰ ভাটা মৰা পৰিল। শুনিছানে সভ্যসকলে হেনো তিৰোতাক শাসনভাৰ গতাই দিলে?
প্ৰাক্চা—আই ৰতি দেৱী, তোমাৰ স্বামী কামদেৱৰ দৰে দেশখনকো পুনৰ উদ্ধাৰ কৰিলা।
ব্লেপি—কেনেকৈ?
প্ৰাক্চা—অসজ পুৰুষে আৰু দেশখন লুটি খাব নোৱাৰে। আঁৰ-বজাৰৰ জইন মৰিল।
ব্লেপি—হঁয়ে কৱ কি? আঁৰ-বজাৰৰ লগে লগে ভাত-মুঠিৰো জইন মৰিল![ ৩২ ] প্ৰাক্চা—শুনা মোৰ বীৰ-পুৰুষ। ঘৈণীয়েৰাক ক’বলৈ দিয়া। আগলৈ আৰু চোৰ আঁৰ, মিছা বিবৃতি, দাৰিদ্ৰ্য, পৰনিন্দা আৰু আত্মশ্লাঘাৰ অৱকাশ নেথাকিব।
এনেতে আন আন মহিলাসকলে আগবাঢ়ি আহি নায়িকা প্ৰাক্চাগোৰাক বেঢ়ি ধৰিলে। প্ৰাক্চাগোৰাই অনুপ্ৰেৰণা পাই কমিউনিষ্ট নেতাৰ সুৰেৰে ঘোষণা কৰিলে –
“মোৰ কৰ্মতালিকাৰ পহিলা দফাই হৈছে সমান অধিকাৰ। কোনোবা ধনী, কোনোবা দুখীয়া, কাৰোবাৰ বিস্তৰ জমিদাৰী, কাৰোবাৰ নিজৰ মৰাশ পুৰিবৰ ঠাই নাই, কাৰোবাৰ অগণন বন্দী-বেটী, কাৰোবাৰ এন্ধাৰত খোজ কঢ়াত সঙ্গী নাই — এনেবোৰ অসাম্য মোৰ শাসনত থাকিবলৈ নিদিওঁ। ভূমি, ধন আৰু আন আন সা-সম্পত্তিত সকলো নাগৰিকৰেই সমান স্বত্ব থাকিব। আমি তিৰোতাই হিছাপ-নিকাছ কৰি ৰাজ্য চলাব জানো। যাৰ যিহৰ অভাৱ, সেই সেই অভাৱ পূৰণ কৰা হ’ব!”
ব্লেপি—বাৰু, কাৰোবাৰ মাটি নাই, কিন্তু পুতি থোৱা সোণ আছে; তাৰ কেনেকৈ সন্ধান পাবা?
প্ৰাক্চা——দেশত যেতিয়া দাৰিদ্ৰ্য নেথাকে, আৰু ইচ্ছা কৰিলেই অভাৱ মোচন হয়, তেতিয়া গোপনে মানুহে সোণ সাঁচিব কিয়?
ব্লেপি—কোনে হাল বাব?
প্ৰাক্চা—নিকিনা গোলামবোৰে। তোমালোকে কেৱল ধুনীয়া সাজ-পাৰ পিন্ধি ঘড়ীৰ কাঁটা চাই খোৱা ঘৰত সোমাবহে লাগিব।
ব্লেপি—কোনে কাপোৰ যোগাব?
প্ৰাক্চা—বৰ্তমানৰ জোখাৰে সাজ-পাৰ আছে। পিছলৈ আমি তিৰোতাসকলেই কাপোৰ বই উলিয়াম।
ব্লেপি— বাৰু, কাৰোবাৰ বিৰুদ্ধে ঋণৰ বাবে যদি ডিক্ৰী জাৰি হয়, সি ক’ৰপৰা ঋণ পৰিশোধ কৰিব? উমৈহতীয়৷ ভঁৰালৰপৰা টকা পাবনে?[ ৩৩ ] প্ৰাক্চা—ধাৰৰ ডিক্ৰী? ধাৰ দিবলৈ মহাজনে ক’ৰপৰা টকা পালে? সকলো উমৈহতীয়া।
ব্লেপি—বাৰু, মৰামৰিৰ বাবে যদি কাৰোবাৰ জৰিমনা হয়, টকা ক’ত পাব?
প্ৰাক্চা—জগৰীয়াক দুসাজ খাবলৈ নিদিবা, তেতিয়া হ’লে আৰু জগৰত নপৰে।
ব্লেপি—ডকাইতি নেথাকিবনে?
প্ৰাক্চা—তোমাৰ চোলাটো যদি কোনোবাই বলাৎকাৰ কৰি নিয়ে, তেন্তে উমৈহতীয়া ভঁৰালৰপৰা আন এটি পাবা।
ব্লেপি—খোৱা-বোৱা ঠাই ক’ত হ’ব?
প্ৰাক্চা—কাছাৰী ঘৰত। বিচাৰ-বিবেচনাৰ আৰু প্ৰয়োজন নহ’ব।
ব্লেপি—আইন সভাৰ সভাপতিৰ ওখ মঞ্চখনৰ কি হ’ব?
প্ৰাক্চা—তাত মদৰ হাড়ী আৰু পানীৰ কলহ থাকিব। গায়ন ল’ৰাবোৰে তাত থিয় হৈ বীৰ পুৰুষসকলৰ কীৰ্তি ঘোষণা কৰিব। তাকে শুনি কাপুৰুষবোৰে লাজত মুখ লুকুৱাই পলাব।
ব্লেপি–কি সৌভাগ্য? সকলোৱে মোৰ ফালে ঈৰ্ষাৰ চকুৰে চাই শলাগিব—“দেখিছা নে ঔ! সেইটো মহিলা সমিতিৰ প্ৰধান নায়িকাৰ গিৰিয়েক।”