পৃষ্ঠা:পখিলা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহিলাৰ মহা-সভা

[ গ্ৰীক নাটৰ সাধু; ৩৯২ খৃঃ পূঃ ]

 পুৰণি গ্ৰীচদেশত এথেন্স নামে এখন ৰাজ্য আছিল। তাৰ শাসন-পদ্ধতি বৰ্তমান আমাৰ আইন সভাৰ দৰে পৰিষদৰ দ্বাৰা চলোৱা হৈছিল। আইন সভাই নানা তৰহৰ শাসন-ৰীতি পৰীক্ষা কৰি চালে; কিন্তু কোনোটোৱেই ফলৱতী নহয়, তেতিয়া মহিলাসকলে থিৰ কৰিলে যে শাসনভাৰ তেওঁলোকে হাতত লোৱা উচিত। এই আন্দোলনৰ নায়িকা হ'ল প্ৰাক্‌চাগোৰা নামৰ মহিলা এগৰাকী।

 নিৰ্দিষ্ট দিনা দোকমোকালিৰ আগতেই প্ৰাক্‌চাগোৰাই চাকি এটি হাতত লৈ নগৰৰ উপকণ্ঠত উপস্থিত হ’ল। আটাইবোৰ বিপ্লৱী সঙ্গিনী তাত গোট খোৱাৰ কথা আছিল। প্ৰাক্‌চাগোৰাই চাৰিওফালে এন্ধাৰত চাকিৰ পোহৰত কাকো নেদেখি আচৰিত হ'ল।

 “মোৰ বান্ধৈসকলৰ কোনো আহি নাপালে দেখোন! ইফালে ৰাতিপুৱায় হে লাগে! আমি আগেয়ে গৈ সভা-মণ্ডপ অধিকাৰ কৰি নেথাকিলে ৰাতিপুৱাতে সভ্যসকল আহি ওলাব। কিবা আকৌ অঘটন ঘটিলনেকি? নে সঙ্গিনীসকলে ডাঢ়ি-গোঁফ যোগাৰ কৰিব পৰা নাই, নে গিৰিয়েকসকলৰ পোছাক চুৰ কৰিব পৰা নাই। প্ৰাক্‌চাগোৰাই নিজেই কোৱা-মেলা কৰিলে।

 এনেতে কেইগৰাকীমান মহিলা আহি উপস্থিত হ’লহি। এজনীয়ে ক’লে—গিৰিয়েকে এপোহামান ভজা মিছা মাছ বাকলিৰে সৈতে খোৱাত পেট চলিছিল। শেষ নিশাহে টোপনিত পৰিছে। আন এজনীয়ে ক’লে—ওৰে দিনটো ৰ’দত থিয় হৈ কাম কৰিছে, ৰ’দৰ তাপ লাগি গাটোত কিজানিবা অলপ পুৰুষালি ৰং ধৰেই! আৰু এজনীয়ে প্ৰকাণ্ড লাঠি এডাল জোকাৰি, সেইডাল চাঁচি-চুঁচি লওঁতে পলম হ’ল বুলি ক’লে; ইত্যাদি।