পৃষ্ঠা:পখিলা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
মহিলাৰ মহা-সভা


 প্ৰাক্‌চাগোৰাই উত্তৰ দিলে—“নেজানানে পুৰুষৰ বল বাহুত, তিৰোতাৰ বল জিভাত। তাৰ উপৰিও বিদেশীয়ে এবাৰ দেশ আক্ৰমণ কৰাত ঘৰ এৰি থৈ আইন পৰিষদৰ ওচৰত বাহ লৈ আছিলো। ৰাজনৈতিকসকলৰ ভাৱৰীয়াৰ বক্তৃতাৰ ভঙ্গি দেখি জিভাখন নিভাঁজ কৰি লৈছো।”

 সভ্যা— “তেন্তে তুমিয়েই আমাৰ পহিলা প্ৰধানমন্ত্ৰী হোৱা। কিন্তু, কেনেকৈ তোমাক আইনসঙ্গতভাৱে বাছিব লাগে মোকোলাই কোৱা।”

 প্ৰাক্‌চাগোৰা—“সেইটো বৰ সহজ কথা নহয়; কিন্তু অসাধ্যও নহয়। কঁকালত টানকৈ চুৰিয়াখন মেৰাই লোৱাহঁক; ভৰিত বুট-জোতাযোৰ আৰু মুখত কৃত্ৰিম ডাঢ়িযোৰ এঠাৰে লগাই লোৱা। গাত গিৰিয়েৰাসকলৰ ওভাৰ কোটবোৰ পিন্ধি, লাখুটি লৈ সমদলে আইন মণ্ডপলৈ যাত্ৰা কৰা। সাৱধান, সূৰুয ওলোৱাৰ পূৰ্বতেই যেন সভা-মণ্ডপ দখল কৰাহি।”

 আনফালে তিৰোতাসকলৰ নিজ নিজ ঘৰত অনুপস্থিতিৰ কাৰণে বেমেজালি ঘটিবলৈ ধৰিলে। প্ৰাক্‌চাগোৰাৰ গিৰিয়েক ব্লেপিৰাচে সাৰ পাই, বিমোৰত পৰি গোৰগোৰাবলৈ ধৰিলে, “ঘৈণীজনী ক’ত? চুৰিয়াখনো দেখোন নাই!”

 নিৰুপায় হৈ ঘৈণীয়েকৰ মেখেলা-চাদৰকেই মেৰাই ল’লে; ফুলাম নাগেৰী চেণ্ডলযোৰা ভৰিত পিন্ধিলে। “মোক নো কিহে পাইছিল এই বয়সত আৰু এজনী চপাই ল’বলৈ! যি হওক, পৰিষদত ঠিক সময়ত হাজিৰা দিবলৈ পালে, দিনটোৰ জোখাৰে তেও ভাটাখিনি পাওঁ।”

 যাবলৈ বুলি ওলাইছে। আন এজন আইন সভ্যই মাত লগালে— “সেইটো ব্লেপিৰাচ নেকি অ’। গাত দেখোন মেখেলা-চাদৰ মেৰাই লৈছ!”

 ব্লেপি—এইখন ঘৈণীৰ।