ব্লেপি—আইনে মানি ল’লেনে?
ক্ৰেমিচ—আইনত পৰিণত হ’ল।
ব্লেপি—―তেনেহ’লে আজিৰপৰা ঘৈণীয়েহে মেল-মোকৰ্দমা বিচাৰ-বিবেচনা কৰিব, আমি নহয়!
ক্ৰেমিচ—ঘৈণীয়েৰাৰ হৈ তুমি ৰান্ধনি-ঘৰ চম্ভালিব লাগিব।
ব্লেপি—ভয়ানক ঘটনা!
এনেতে বিপ্লৱী মহিলাসকলে গীতৰ ছেৱে ছেৱে সমদলে ঘৰলৈ বুলি খোজ কাঢ়ি আহিছে।
ব্লেপিৰাচে ঘৈণীয়েকক সুধিলে—“ৰাতিনো ক’লৈ যোৱা হৈছিল?”
প্ৰাক্চা—এগৰাকী বন্ধুৰ নৰিয়া। পৰ দিবলৈ গৈছিলো।
ব্লেপি—যোৱাৰ কথা মোক দেখোন নক’লা।
প্ৰাক্চা—তেনেহ’লে যাব নেলাগিছিলনেকি?
ব্লেপি—যাব লাগে গৈছা। মোৰ চোলা-চুৰিয়া নিলা কিয়?
প্ৰাক্চা—ইমান চেঁচা। তাতে গাৱো বৰ ভাল নহয়। তোমাক কঁথা-কম্বল দি গৈছিলো নহয়।
ব্লেপি—মোৰ বুটযোৰা আৰু লাখুটিডাল আকৌ নিছিলা কিয়?
প্ৰাক্চা—বাহিৰত ভয় লাগে দেখি! ঠিক তোমাৰ দৰে পুৰুষ সাজি ওলাইছিলো।
ব্লেপি–তোমাৰ কাৰণেই এদিনৰ ভাটা মৰা পৰিল। শুনিছানে সভ্যসকলে হেনো তিৰোতাক শাসনভাৰ গতাই দিলে?
প্ৰাক্চা—আই ৰতি দেৱী, তোমাৰ স্বামী কামদেৱৰ দৰে দেশখনকো পুনৰ উদ্ধাৰ কৰিলা।
ব্লেপি—কেনেকৈ?
প্ৰাক্চা—অসজ পুৰুষে আৰু দেশখন লুটি খাব নোৱাৰে। আঁৰ-বজাৰৰ জইন মৰিল।
ব্লেপি—হঁয়ে কৱ কি? আঁৰ-বজাৰৰ লগে লগে ভাত-মুঠিৰো জইন মৰিল!