পৃষ্ঠা:পখিলা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
পখিলা


 আইন সভাত কেনেকৈ বক্তৃতা কৰি প্ৰস্তাৱ দাঙি ধৰিব লাগে তাৰ আখৰা চলিল। প্ৰথমতে আলোচনাৰ বিষয় হ’ল, সভ্যসকলক কি বুলি সম্বোধন কৰা হ’ব — “মহিলা নে ভদ্ৰ মহোদয়া?” এগৰাকীয়ে মাত লগালে—“মহিলা”! প্ৰাক্‌চাগোৰাই মুখ ওন্দোলাই ভেকাহি মাৰি ক’লে—“এইবোৰেই আকৌ ৰাজ্য খাবলৈ আগবাঢ়ে।” কথাষাৰ কৈয়ে সমূহ মহিলাৰ মতামত বা ভোটলৈ অপেক্ষা নকৰি প্ৰাক্‌চাগোৰাই মহিলা সভাক সম্বোধন কৰি বক্তব্য আৰম্ভ কৰিলে—

 “ভদ্ৰ মহোদয়সকল, এই ৰাজ্যখন আপোনালোকৰ যেনে প্ৰিয়, মোৰো তেনে প্ৰিয়। দেশৰ গতিবিধি দেখি মোৰ বুকু ফাটি গৈছে। কেনেকৈ এনে হ’বলৈ পালে? আচলতে আপোনালোকৰ লীডাৰ নাই। পুৰুষ লীডাৰে এদিন সজ বুদ্ধিৰে চলিবৰ ভাও দেখুৱাই যিখিনি নিজৰ স্বাৰ্থৰ লোকচান কৰে, দহ দিনৰ অপকৰ্মৰে পিছত তাৰ শোধ তুলি লয়। ভদ্ৰ মহোদয়সকল, দোষ আপোনালোকৰেই; নায়কৰ অভাৱত আপোনালোকৰ উমৈহতীয়া ধনে মাথোন কেইগৰাকীমানৰ মোনাত থিতাপি লৈছে। কোনেও ৰাজ্যৰ মঙ্গললৈ চিন্তা কৰা নাই, চিন্তা কৰিছে মাথোন নিজৰ মোনাৰ গধুৰত্বলৈহে। দেশ ৰসাতললৈ যাব লাগিছে, ইয়াৰ প্ৰতিকাৰ নাইনে? আছে, নিশ্চয় আছে। দেশৰ ভাৰ মহিলাসকলৰ হাতত সঁপি দিয়ক। তেওঁলোকে ঘৰ চলাব পাৰে, ৰাজ্য চলাব নোৱাৰিব কিয়? তেওঁলোকেই আমাৰ যুঁজাৰু চিপাহীবোৰৰ মাক নহয়নে? অবাবতে নিজ পুত্ৰ চিপাহীবোৰক যুঁজত মৰিবলৈ বা ভোকত খীণাবলৈ তেওঁলোকে এৰি নিদিয়ে। তেওঁলোক সুলক্ষ সাঁচনিয়াৰ; নিজেই ছল-ছন্দত পাকৈত; গতিকে কোনেও তেওঁলোকক ঠগিব নোৱাৰে। আৰু সৰহ কোৱাৰ সকাম নাই। মোৰ উপদেশ মানি লওক, দেশলৈ সুখ-শান্তি উভতি আহিব।”

 বক্তব্যৰ ওৰ পৰিল। এজনীয়ে টপৰাই মাত লগালে, “হওঁতে উপদেশকেৰি ভালেই দিছা; পিছে তুমিনো এনেকৈ ক’বলৈ শিকিলা ক’ত?”