পখিলা/তুলসীদাস

ৱিকিউৎসৰ পৰা

[  ]

তুলসীদাস

 য়ুৰোপ, আমেৰিকা আদি মহাদেশৰ প্ৰত্যেকটো খণ্ড জাতিয়েই সমগ্ৰ মহাদেশৰ সাহিত্য-সংস্কৃতি আদিক নিজ নিজ জাতিৰ সাধনাৰ বস্তু বুলি ভাবে। কিয়নো ব্যাপকভাৱে খণ্ড জাতিবোৰে সমস্ত মহাদেশৰেই সংস্কৃতিৰ উত্তৰাধিকাৰী বুলি মানি লয়। সেই কাৰণে ইংলেণ্ড আদি দেশত ফৰাচী, জাৰ্মানী আদি দেশৰ সাহিত্য আৰু সংস্কাৰৰ আলোচনাৰ কিতাপ অলেখ। ইংৰাজৰ আমোলৰ ৰাজনৈতিক ব্যৱধানৰ কাৰণে অনুৰূপভাৱে ভাৰতৰ খণ্ড জাতিবোৰৰ ভিতৰত প্ৰচাৰ লাভ কৰিব পৰা নাই। সেই কাৰণে আন আন প্ৰদেশৰ মানসিক আৰু আত্মিক সাধনাৰ বস্তুবোৰ আমি নিজৰ নিজৰ বুলি ভাবিবলৈ এতিয়াও শিকা নাই। এই দৃষ্টিকোণৰপৰ৷ চালে তুলসীদাসৰ সাধনা আমাৰ ভাৰতবাসীৰ পূৰ্বপুৰুষসকলৰ সাধনাৰ এটি অধ্যায় মাথোন।

 তুলসীদাসৰ জন্ম হয় মহাভাৰতৰ বিখ্যাত হস্তিনাপুৰ নগৰত। জম্ম চন খ্ৰীষ্টীয় ১৫৩২। তেওঁ কুলত কনৌজী ব্ৰাহ্মণ। বাপেকৰ নাম আত্মাৰাম আৰু মাকৰ নাম হুলাগী। তেওঁৰ নিজৰ নাম আছিল— ৰাম বোলা। তুলসীদাস তেওঁৰ ভক্ত জীৱনৰ নাম। তেওঁৰ গুৰু আছিল ৰামানন্দ পন্থী নৰহৰি দাস আৰু বিদ্যাশিক্ষা আৰম্ভ কৰে সুকৰ-খেত বোলা ঠাইত।

 তুলসীদাসৰ ভক্ত জীৱনলৈ পৰিৱৰ্তনৰ গুৰিত এটি ভাবিবলগীয়া ক্ষুদ্ৰ পাৰিবাৰিক ঘটনা আছিল। ডেকা তুলসীদাস অতিমাত্ৰাই তিৰোতা- সেৰুৱা আছিল। তেওঁ এখন্তেকো গাভৰু ঘৈণীয়েকক নেদেখাকৈ থাকিব নোৱাৰিছিল। এদিনাখন তুলসীদাস ঘৰত নথকাত ঘৈণীয়েকে ওচৰৰ বাপেকৰ ঘৰলৈ বুলি গৈছিল। তুলসীদাসে সন্ধিয়া পৰত ঘৰলৈ আহি ঘৈণীয়েকক নেদেখি পিছে পিছে খেদি গ’ল। বাটতে আছিল নৈ এখন। তুলসীদাসে এন্ধাৰত বাৰিষাৰ ভৰ নৈ সাঁতুৰি [  ] পাৰ হৈ ঘৈণীয়েকক লগ ধৰিলে। ঘৈণীয়েকে লাজ পাই তেওঁক ভৰ্ৎসনা কৰি ক’লে, “তুমি মোৰ বাবে যেনেকৈ বলিয়া হৈছা, ৰামৰ ভক্তিত যদি তেনে হ’লাহেঁতেন, পৃথিৱীখনেই তোমাৰ মানত সোণালী হ’লহেঁতেন।” তুলসীদাসৰ মন তিৰোতাৰ আসক্তিৰপৰা তৎক্ষণাৎ ঈশ্বৰৰ আসক্তিলৈ বাগৰি গ’ল। ৰাতিপুৱাৰ লগে লগে তেওঁ ৰাম নামত দীক্ষা ল’লে আৰু কাশীত থান ল’লে।

 তিৰোতাৰ কদৰ্থনাত কেতবোৰ মানুহ অঘৰী হয়; কেতবোৰ বা ব্যভিচাৰী হয় আৰু কেতবোৰে বা দুবাৰ-তিনিবাৰকৈ বিয়াৰ ভাওনাৰ ভাৱৰীয়া হয়। কিন্তু, ইন্দ্ৰিয়ৰ ধাউতিৰপৰা অতীন্দ্ৰিয় ধাউতিলৈ পৰিৱৰ্তন মহানুভৱ পুৰুষসকলৰ পক্ষেহে সম্ভৱ। তেওঁলোকৰ সংখ্যাও বিৰল। ইটালীৰ মহাকবি ডাণ্টেও এই পৰ্যায়ৰ সাধক। ডেকা কালত তেওঁ বিয়েট্ৰিচ্ বুলি এজনী সুন্দৰী ছোৱালীৰ প্ৰেমত পৰিছিল।

 ছোৱালীজনীৰ আনৰ লগত বিয়া হৈছিল আৰু কম বয়সতেই ঢুকায়। কিন্তু, কবি ডাণ্টেৰ মনৰপৰা প্ৰেমৰ উচ্ছ্বাস মাৰ নগ’ল। গোটেই জীৱন ধ্যান কৰি “Divine Comedy” – “স্বৰ্গীয় মহাকাব্য” নাম দি কাব্য এখনি ৰচনা কৰে। সেই মহাকাব্যৰ নায়িকা— তেওঁৰ প্ৰেমৰ পাত্ৰী বিয়েট্ৰিচ্। মহাকাব্যত বিয়েট্ৰিচ্ পাৰ্থিব প্ৰেমৰ বস্তু নহয়—তাত তেওঁ ডাণ্টেৰ স্বৰ্গীয় মোক্ষৰ পথ দেখুৱাওঁতী। মহাত্মা গান্ধীৰ জীৱনতো ৰাম-নামত আসক্তি আৰু সহধৰ্মিণীৰ প্ৰতি আসক্তিত সমান ভাবৰ খেলা এটি আছে যেন লাগে। অন্তৰত প্ৰেমৰ প্ৰবল উৎস থাকিলে ক্ষেত্ৰ ভেদে তাৰ প্ৰকাশ বেলেগ বেলেগ হয়।

 ভক্ত জীৱনৰ আকাংক্ষা, ধাউতি আদি অতীন্দ্ৰিয় অনুভূতিৰ প্ৰকাশ হয় তুলসীদাসৰ মহাকাব্য “ৰাম-চৰিত-মানস” গ্ৰন্থত। দুকুৰি তিনি বছৰ বয়সত অৰ্থাৎ ১৫৭৫ খ্ৰীষ্টীয় শকত তেওঁ এই গ্ৰন্থ ৰচনা আৰম্ভ কৰে। ৰামায়ণৰ কথা হিন্দুস্থানত সৰ্বজনবিদিত আছিল। বাল্মীকিৰ সংস্কৃত ৰামায়ণ পণ্ডিত মহলত চলতি আছিল। কিন্তু, স্থানীয় অৱধী ভাষাত তেওঁ ৰামায়ণৰ কথাৰ প্ৰচাৰ কৰিলে। তুলসীদাসী [  ] ৰামায়ণ বাল্মীকি ৰামায়ণৰ হুবহু অনুবাদ নহয়। ঘটনাৰ চকৰি দুখনতেই একেদৰে ঘূৰিলেও দুয়ো কবিৰেই দৃষ্টিকোণত আকাশ- পাতালৰ প্ৰভেদ আছে। বাল্মীকিৰ ৰামায়ণত ৰামচন্দ্ৰ এজন বীৰ পুৰুষ, তথাপি তেওঁ এজন মানুহহে। সাধাৰণ মানুহৰ দৰে তেৱোঁ শোক-দুখত অভিভূত হৈ পৰে। তুলসীদাসী ৰামায়ণত ৰামচন্দ্ৰ এজন অৱতাৰী পুৰুষ, তেওঁৰ ঐহিক জীৱন কেৱল লীলাময়। তেওঁৰ জীৱনৰ ঘটনাৰ চকৰি কেৱল ধৰ্ম-চক্ৰৰ সূক্ষ্ম গতিৰ পৰিদৃশ্যমান প্ৰয়োগ। ভক্তিপ্ৰৱণ হিন্দুস্থানৰ জন-সমাজত “ৰাম চৰিত-মানস” গ্ৰন্থই প্ৰবল আলোড়নৰ সৃষ্টি কৰিলে। সৰ্বসাধাৰণৰ মাজত তুলসীদাসী ৰামায়ণে বেদতকৈও ডাঙৰ আসন আৰু মৰ্যাদা লাভ কৰিলে। পণ্ডিত মহল আতঙ্কিত হৈ উঠিল। সংস্কৃত বচনৰ যাদুকৰী শক্তি নোহোৱা হ’ল! লগে লগে পণ্ডিতৰো বজাৰত মোল কমিল। পণ্ডিতসকলে প্ৰচাৰ কৰিলে তুলসীদাসৰ পুথি বজৰুৱা ভাষাত বজৰুৱা মানুহৰ বাৰে ৰচিত, তাত শাস্ত্ৰীয় কথা নাই। তুলসীদাসে উত্তৰ দিলে, “মোৰ সামাজিক অৱস্থা হীন, কিন্তু আকাঙ্ক্ষা ওখ। জ্ঞানীসকলে মোৰ ৰচনাত আনন্দ পাব আৰু মূৰ্খসকলে হাঁহিব। মূৰ্খৰ হাঁহিত মোৰ আনন্দ; সেই হাঁহিয়ে কেৱল ব্যঞ্জনা কৰিব সিহঁতৰ কাব্যৰ প্ৰতি অৰুচি আৰু ৰামভক্তিৰ প্ৰতি অৱহেলা। মোৰ ঘৰুৱা মাত আৰু অপইতা শক্তি যদি অৱজ্ঞাৰ বস্তু, সিহঁতে অৱজ্ঞা কৰক; সেইটো মোৰ দোষ নহয়। সিহঁতৰ ভগৱন্তপ্ৰীতি নাই, মোৰ ৰচনাত সিহঁতে সোৱাদ নেপায়, কিন্তু হৰি-হৰৰ ভক্তসকলৰ মনত ৰঘুপতি ৰাঘৱৰ কাহিনীয়ে মৌ বৰষিব।”

 সমসাময়িক কবিসকলে ৰাধা-কৃষ্ণ লীলাৰ আলম লৈ বহুত সুৰুচিপূৰ্ণ কাব্য আৰু কবিতা ৰচনা কৰিছিল। ভজা বুট মাহৰ দৰে সেইবোৰৰ অবাৰিত চলতি। সেইবোৰক লক্ষ্য কৰি তুলসীদাসে এঠাইত কৈছে যে তেওঁৰ কাব্যৰ নাম হৈছে “ৰাম-চৰিত-মানস”। মানস শব্দৰ অৰ্থ পুখুৰী। বগলী-কাউৰীৰ দৰে ইন্দ্ৰিয়াসক্ত জীৱসকলৰ [  ] বাবে এই পুখুৰীত ঠাই নাই। কিয়নো ইয়াত এনে কোনো কাহিনী নাই যিহে ইন্দ্ৰিয়কে উত্তেজিত কৰে বা তাক মোহিনী-শক্তিৰে মুগ্ধ কৰে। যিবোৰে কুমজেলুকা, ভেকুলী বা শেলুৱৈ বিচাৰে সেইবোৰে এই পুখুৰীলৈ আহিলে নিৰাশ হ’ব। তুলসীদাসৰ এই নৈতিক উক্তিত পণ্ডিত-অপণ্ডিত সকলো মহল নিমাত হ’ল। সেই দিন ধৰি আজিলৈকে হিন্দুস্থানী অঞ্চলত তুলসীদাসী ৰামায়ণে খ্ৰীষ্টান সমাজৰ বাইবেলতকৈ ওখ আসন গ্ৰহণ কৰি আছে। হিন্দুস্থানী কওঁতা এনে কোনো নিৰক্ষৰ মানুহ নাই যি দুআষাৰ তুলসীদাসৰ পদ আওৰাব নোৱাৰে।

 কেৱল ভক্তি-গ্ৰন্থ হিছাপেই তুলসীদাসী ৰামায়ণৰ সমাদৰ হোৱা নাই। য়ুৰোপীয় পণ্ডিতসকলেও কাব্য হিছাপে ইয়াক সমাদৰ কৰে। “ৰাম-চৰিত-মানস”ৰ কেতিয়াবাই ইংৰাজ পণ্ডিত Growse-অৰ ইংৰাজী ভাঙনি ওলাইছে। তেওঁলোকে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ হোমাৰ, ভাৰ্জিল, ডাণ্টে আদিৰ মহাকাব্যৰ শাৰীতে তুলসীদাসী গ্ৰন্থৰ আসন নিৰ্দেশ কৰে।

 অসমীয়া মানুহে তুলসীদাসৰ ৰামায়ণৰ প্ৰতি আদৰৰ জোখ পাব; আমাৰ দেশৰ “কীৰ্তন” পুথিৰ প্ৰতি অসমীয়া মানুহৰ আদৰৰ পৰা। অসমীয়া গাঁৱলীয়া সমাজত নিৰক্ষৰ গৃহস্থয়ো “কীৰ্তন” পুথি এখনি চিলিঙাত ৰাখি গুৰু-সেৱাৰ সময়ত সেইখনক আগত ৰাখি গুৰুৰ প্ৰতীক বুলি সেইফালে মান দেখুৱায়। যি গৃহস্থৰ ঘৰত কীৰ্তন পুথি নাই সেই গৃহস্থৰ ঘৰক মেলেছৰ ঘৰ বুলি কোৱাও শুনা যায়। কিন্তু হিন্দুস্থানী কওঁতা মানুহৰ সংখ্যা অলেখ। ৰাজ্য অতিশয় বহল। হিন্দুস্থানী মানুহো সৰ্বভাৰতত সিঁচৰতি হৈ আছে। সেই কাৰণে তুলসীদাসৰ নাম সৰ্বভাৰতবিদিত। কিন্তু আধুনিক ভাষাত লিখা এই তিনিখন পুথিয়ে দেৱতাৰ আসন গ্ৰহণ কৰিছে :

 (১) তুলসীদাসৰ “ৰামায়ণ”, (২) শিখসকলৰ “গ্ৰন্থছাহেব”, (৩) অসমীয়াৰ “কীৰ্তন” পুথি। কিন্তু ওপৰত কোৱা কাৰণত তুলসীদাসৰ প্ৰভাৱ অতুলনীয়। মহাত্মা গান্ধীৰ ধৰ্ম-জীৱন গঠনত তুলসীদাসৰ প্ৰভাৱ গীতা শাস্ত্ৰৰ তলতেই।

[ ১০ ]  এয়ে তুলসীদাসৰ চৰিত্ৰৰ মাহাত্ম্য। যিজন পুৰুষে অতিশয় তিৰোতা-সেৰুৱা হিছাপে জীৱন আৰম্ভ কৰে, তেওঁ অতীন্দ্ৰিয় প্ৰেমভক্তিৰ মাহাত্ম্য প্ৰচাৰ কৰি কোটি কোটি জন-প্ৰাণীৰ শান্তিৰ পথ মুকলি কৰি দিছে।

 আমাৰ দেশত শঙ্কৰদেৱৰ ভক্ত-জীৱনৰ কবিত্ব প্ৰতিভা, গীত, পদ, ভাওনা আদিত যেনেকৈ ফুটি ওলাইছে, তুলসীদাসৰ বহুমুখী প্ৰতিভায়ো নানান ছন্দত ৰাম চৰিত্ৰৰ পুখুৰীত অৱগাহন কৰিছে।

 তুলসীদাসে কোনে৷ ধৰ্ম-সম্প্ৰদায় স্থাপনা কৰা নাই। কিম্বা কোনো নতুন দাৰ্শনিক সত্য উদ্ঘাটন কৰা নাই। কিন্তু তেওঁৰ ৰচনাই স্বৰ্গৰ প্ৰেম-ভক্তিৰ দুৱাৰ মোকলাই দি অলেখ নৰ-নাৰীৰ হৃদয়ত শান্তিৰ পানী ছটিয়াই দিছে।