পৃষ্ঠা:পখিলা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুলসীদাস

 য়ুৰোপ, আমেৰিকা আদি মহাদেশৰ প্ৰত্যেকটো খণ্ড জাতিয়েই সমগ্ৰ মহাদেশৰ সাহিত্য-সংস্কৃতি আদিক নিজ নিজ জাতিৰ সাধনাৰ বস্তু বুলি ভাবে। কিয়নো ব্যাপকভাৱে খণ্ড জাতিবোৰে সমস্ত মহাদেশৰেই সংস্কৃতিৰ উত্তৰাধিকাৰী বুলি মানি লয়। সেই কাৰণে ইংলেণ্ড আদি দেশত ফৰাচী, জাৰ্মানী আদি দেশৰ সাহিত্য আৰু সংস্কাৰৰ আলোচনাৰ কিতাপ অলেখ। ইংৰাজৰ আমোলৰ ৰাজনৈতিক ব্যৱধানৰ কাৰণে অনুৰূপভাৱে ভাৰতৰ খণ্ড জাতিবোৰৰ ভিতৰত প্ৰচাৰ লাভ কৰিব পৰা নাই। সেই কাৰণে আন আন প্ৰদেশৰ মানসিক আৰু আত্মিক সাধনাৰ বস্তুবোৰ আমি নিজৰ নিজৰ বুলি ভাবিবলৈ এতিয়াও শিকা নাই। এই দৃষ্টিকোণৰপৰ৷ চালে তুলসীদাসৰ সাধনা আমাৰ ভাৰতবাসীৰ পূৰ্বপুৰুষসকলৰ সাধনাৰ এটি অধ্যায় মাথোন।

 তুলসীদাসৰ জন্ম হয় মহাভাৰতৰ বিখ্যাত হস্তিনাপুৰ নগৰত। জম্ম চন খ্ৰীষ্টীয় ১৫৩২। তেওঁ কুলত কনৌজী ব্ৰাহ্মণ। বাপেকৰ নাম আত্মাৰাম আৰু মাকৰ নাম হুলাগী। তেওঁৰ নিজৰ নাম আছিল— ৰাম বোলা। তুলসীদাস তেওঁৰ ভক্ত জীৱনৰ নাম। তেওঁৰ গুৰু আছিল ৰামানন্দ পন্থী নৰহৰি দাস আৰু বিদ্যাশিক্ষা আৰম্ভ কৰে সুকৰ-খেত বোলা ঠাইত।

 তুলসীদাসৰ ভক্ত জীৱনলৈ পৰিৱৰ্তনৰ গুৰিত এটি ভাবিবলগীয়া ক্ষুদ্ৰ পাৰিবাৰিক ঘটনা আছিল। ডেকা তুলসীদাস অতিমাত্ৰাই তিৰোতা- সেৰুৱা আছিল। তেওঁ এখন্তেকো গাভৰু ঘৈণীয়েকক নেদেখাকৈ থাকিব নোৱাৰিছিল। এদিনাখন তুলসীদাস ঘৰত নথকাত ঘৈণীয়েকে ওচৰৰ বাপেকৰ ঘৰলৈ বুলি গৈছিল। তুলসীদাসে সন্ধিয়া পৰত ঘৰলৈ আহি ঘৈণীয়েকক নেদেখি পিছে পিছে খেদি গ’ল। বাটতে আছিল নৈ এখন। তুলসীদাসে এন্ধাৰত বাৰিষাৰ ভৰ নৈ সাঁতুৰি