পৃষ্ঠা:পখিলা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পখিলা


ৰামায়ণ বাল্মীকি ৰামায়ণৰ হুবহু অনুবাদ নহয়। ঘটনাৰ চকৰি দুখনতেই একেদৰে ঘূৰিলেও দুয়ো কবিৰেই দৃষ্টিকোণত আকাশ- পাতালৰ প্ৰভেদ আছে। বাল্মীকিৰ ৰামায়ণত ৰামচন্দ্ৰ এজন বীৰ পুৰুষ, তথাপি তেওঁ এজন মানুহহে। সাধাৰণ মানুহৰ দৰে তেৱোঁ শোক-দুখত অভিভূত হৈ পৰে। তুলসীদাসী ৰামায়ণত ৰামচন্দ্ৰ এজন অৱতাৰী পুৰুষ, তেওঁৰ ঐহিক জীৱন কেৱল লীলাময়। তেওঁৰ জীৱনৰ ঘটনাৰ চকৰি কেৱল ধৰ্ম-চক্ৰৰ সূক্ষ্ম গতিৰ পৰিদৃশ্যমান প্ৰয়োগ। ভক্তিপ্ৰৱণ হিন্দুস্থানৰ জন-সমাজত “ৰাম চৰিত-মানস” গ্ৰন্থই প্ৰবল আলোড়নৰ সৃষ্টি কৰিলে। সৰ্বসাধাৰণৰ মাজত তুলসীদাসী ৰামায়ণে বেদতকৈও ডাঙৰ আসন আৰু মৰ্যাদা লাভ কৰিলে। পণ্ডিত মহল আতঙ্কিত হৈ উঠিল। সংস্কৃত বচনৰ যাদুকৰী শক্তি নোহোৱা হ’ল! লগে লগে পণ্ডিতৰো বজাৰত মোল কমিল। পণ্ডিতসকলে প্ৰচাৰ কৰিলে তুলসীদাসৰ পুথি বজৰুৱা ভাষাত বজৰুৱা মানুহৰ বাৰে ৰচিত, তাত শাস্ত্ৰীয় কথা নাই। তুলসীদাসে উত্তৰ দিলে, “মোৰ সামাজিক অৱস্থা হীন, কিন্তু আকাঙ্ক্ষা ওখ। জ্ঞানীসকলে মোৰ ৰচনাত আনন্দ পাব আৰু মূৰ্খসকলে হাঁহিব। মূৰ্খৰ হাঁহিত মোৰ আনন্দ; সেই হাঁহিয়ে কেৱল ব্যঞ্জনা কৰিব সিহঁতৰ কাব্যৰ প্ৰতি অৰুচি আৰু ৰামভক্তিৰ প্ৰতি অৱহেলা। মোৰ ঘৰুৱা মাত আৰু অপইতা শক্তি যদি অৱজ্ঞাৰ বস্তু, সিহঁতে অৱজ্ঞা কৰক; সেইটো মোৰ দোষ নহয়। সিহঁতৰ ভগৱন্তপ্ৰীতি নাই, মোৰ ৰচনাত সিহঁতে সোৱাদ নেপায়, কিন্তু হৰি-হৰৰ ভক্তসকলৰ মনত ৰঘুপতি ৰাঘৱৰ কাহিনীয়ে মৌ বৰষিব।”

 সমসাময়িক কবিসকলে ৰাধা-কৃষ্ণ লীলাৰ আলম লৈ বহুত সুৰুচিপূৰ্ণ কাব্য আৰু কবিতা ৰচনা কৰিছিল। ভজা বুট মাহৰ দৰে সেইবোৰৰ অবাৰিত চলতি। সেইবোৰক লক্ষ্য কৰি তুলসীদাসে এঠাইত কৈছে যে তেওঁৰ কাব্যৰ নাম হৈছে “ৰাম-চৰিত-মানস”। মানস শব্দৰ অৰ্থ পুখুৰী। বগলী-কাউৰীৰ দৰে ইন্দ্ৰিয়াসক্ত জীৱসকলৰ