পৃষ্ঠা:পখিলা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
পখিলা


 এয়ে তুলসীদাসৰ চৰিত্ৰৰ মাহাত্ম্য। যিজন পুৰুষে অতিশয় তিৰোতা-সেৰুৱা হিছাপে জীৱন আৰম্ভ কৰে, তেওঁ অতীন্দ্ৰিয় প্ৰেমভক্তিৰ মাহাত্ম্য প্ৰচাৰ কৰি কোটি কোটি জন-প্ৰাণীৰ শান্তিৰ পথ মুকলি কৰি দিছে।

 আমাৰ দেশত শঙ্কৰদেৱৰ ভক্ত-জীৱনৰ কবিত্ব প্ৰতিভা, গীত, পদ, ভাওনা আদিত যেনেকৈ ফুটি ওলাইছে, তুলসীদাসৰ বহুমুখী প্ৰতিভায়ো নানান ছন্দত ৰাম চৰিত্ৰৰ পুখুৰীত অৱগাহন কৰিছে।

 তুলসীদাসে কোনে৷ ধৰ্ম-সম্প্ৰদায় স্থাপনা কৰা নাই। কিম্বা কোনো নতুন দাৰ্শনিক সত্য উদ্ঘাটন কৰা নাই। কিন্তু তেওঁৰ ৰচনাই স্বৰ্গৰ প্ৰেম-ভক্তিৰ দুৱাৰ মোকলাই দি অলেখ নৰ-নাৰীৰ হৃদয়ত শান্তিৰ পানী ছটিয়াই দিছে।