বাবে এই পুখুৰীত ঠাই নাই। কিয়নো ইয়াত এনে কোনো কাহিনী
নাই যিহে ইন্দ্ৰিয়কে উত্তেজিত কৰে বা তাক মোহিনী-শক্তিৰে মুগ্ধ
কৰে। যিবোৰে কুমজেলুকা, ভেকুলী বা শেলুৱৈ বিচাৰে সেইবোৰে
এই পুখুৰীলৈ আহিলে নিৰাশ হ’ব। তুলসীদাসৰ এই নৈতিক উক্তিত
পণ্ডিত-অপণ্ডিত সকলো মহল নিমাত হ’ল। সেই দিন ধৰি আজিলৈকে
হিন্দুস্থানী অঞ্চলত তুলসীদাসী ৰামায়ণে খ্ৰীষ্টান সমাজৰ বাইবেলতকৈ
ওখ আসন গ্ৰহণ কৰি আছে। হিন্দুস্থানী কওঁতা এনে কোনো
নিৰক্ষৰ মানুহ নাই যি দুআষাৰ তুলসীদাসৰ পদ আওৰাব নোৱাৰে।
কেৱল ভক্তি-গ্ৰন্থ হিছাপেই তুলসীদাসী ৰামায়ণৰ সমাদৰ হোৱা নাই। য়ুৰোপীয় পণ্ডিতসকলেও কাব্য হিছাপে ইয়াক সমাদৰ কৰে। “ৰাম-চৰিত-মানস”ৰ কেতিয়াবাই ইংৰাজ পণ্ডিত Growse-অৰ ইংৰাজী ভাঙনি ওলাইছে। তেওঁলোকে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ হোমাৰ, ভাৰ্জিল, ডাণ্টে আদিৰ মহাকাব্যৰ শাৰীতে তুলসীদাসী গ্ৰন্থৰ আসন নিৰ্দেশ কৰে।
অসমীয়া মানুহে তুলসীদাসৰ ৰামায়ণৰ প্ৰতি আদৰৰ জোখ পাব; আমাৰ দেশৰ “কীৰ্তন” পুথিৰ প্ৰতি অসমীয়া মানুহৰ আদৰৰ পৰা। অসমীয়া গাঁৱলীয়া সমাজত নিৰক্ষৰ গৃহস্থয়ো “কীৰ্তন” পুথি এখনি চিলিঙাত ৰাখি গুৰু-সেৱাৰ সময়ত সেইখনক আগত ৰাখি গুৰুৰ প্ৰতীক বুলি সেইফালে মান দেখুৱায়। যি গৃহস্থৰ ঘৰত কীৰ্তন পুথি নাই সেই গৃহস্থৰ ঘৰক মেলেছৰ ঘৰ বুলি কোৱাও শুনা যায়। কিন্তু হিন্দুস্থানী কওঁতা মানুহৰ সংখ্যা অলেখ। ৰাজ্য অতিশয় বহল। হিন্দুস্থানী মানুহো সৰ্বভাৰতত সিঁচৰতি হৈ আছে। সেই কাৰণে তুলসীদাসৰ নাম সৰ্বভাৰতবিদিত। কিন্তু আধুনিক ভাষাত লিখা এই তিনিখন পুথিয়ে দেৱতাৰ আসন গ্ৰহণ কৰিছে :
(১) তুলসীদাসৰ “ৰামায়ণ”, (২) শিখসকলৰ “গ্ৰন্থছাহেব”, (৩) অসমীয়াৰ “কীৰ্তন” পুথি। কিন্তু ওপৰত কোৱা কাৰণত তুলসীদাসৰ প্ৰভাৱ অতুলনীয়। মহাত্মা গান্ধীৰ ধৰ্ম-জীৱন গঠনত তুলসীদাসৰ প্ৰভাৱ গীতা শাস্ত্ৰৰ তলতেই।