পৃষ্ঠা:পখিলা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তুলসীদাস


পাৰ হৈ ঘৈণীয়েকক লগ ধৰিলে। ঘৈণীয়েকে লাজ পাই তেওঁক ভৰ্ৎসনা কৰি ক’লে, “তুমি মোৰ বাবে যেনেকৈ বলিয়া হৈছা, ৰামৰ ভক্তিত যদি তেনে হ’লাহেঁতেন, পৃথিৱীখনেই তোমাৰ মানত সোণালী হ’লহেঁতেন।” তুলসীদাসৰ মন তিৰোতাৰ আসক্তিৰপৰা তৎক্ষণাৎ ঈশ্বৰৰ আসক্তিলৈ বাগৰি গ’ল। ৰাতিপুৱাৰ লগে লগে তেওঁ ৰাম নামত দীক্ষা ল’লে আৰু কাশীত থান ল’লে।

 তিৰোতাৰ কদৰ্থনাত কেতবোৰ মানুহ অঘৰী হয়; কেতবোৰ বা ব্যভিচাৰী হয় আৰু কেতবোৰে বা দুবাৰ-তিনিবাৰকৈ বিয়াৰ ভাওনাৰ ভাৱৰীয়া হয়। কিন্তু, ইন্দ্ৰিয়ৰ ধাউতিৰপৰা অতীন্দ্ৰিয় ধাউতিলৈ পৰিৱৰ্তন মহানুভৱ পুৰুষসকলৰ পক্ষেহে সম্ভৱ। তেওঁলোকৰ সংখ্যাও বিৰল। ইটালীৰ মহাকবি ডাণ্টেও এই পৰ্যায়ৰ সাধক। ডেকা কালত তেওঁ বিয়েট্ৰিচ্ বুলি এজনী সুন্দৰী ছোৱালীৰ প্ৰেমত পৰিছিল।

 ছোৱালীজনীৰ আনৰ লগত বিয়া হৈছিল আৰু কম বয়সতেই ঢুকায়। কিন্তু, কবি ডাণ্টেৰ মনৰপৰা প্ৰেমৰ উচ্ছ্বাস মাৰ নগ’ল। গোটেই জীৱন ধ্যান কৰি “Divine Comedy” – “স্বৰ্গীয় মহাকাব্য” নাম দি কাব্য এখনি ৰচনা কৰে। সেই মহাকাব্যৰ নায়িকা— তেওঁৰ প্ৰেমৰ পাত্ৰী বিয়েট্ৰিচ্। মহাকাব্যত বিয়েট্ৰিচ্ পাৰ্থিব প্ৰেমৰ বস্তু নহয়—তাত তেওঁ ডাণ্টেৰ স্বৰ্গীয় মোক্ষৰ পথ দেখুৱাওঁতী। মহাত্মা গান্ধীৰ জীৱনতো ৰাম-নামত আসক্তি আৰু সহধৰ্মিণীৰ প্ৰতি আসক্তিত সমান ভাবৰ খেলা এটি আছে যেন লাগে। অন্তৰত প্ৰেমৰ প্ৰবল উৎস থাকিলে ক্ষেত্ৰ ভেদে তাৰ প্ৰকাশ বেলেগ বেলেগ হয়।

 ভক্ত জীৱনৰ আকাংক্ষা, ধাউতি আদি অতীন্দ্ৰিয় অনুভূতিৰ প্ৰকাশ হয় তুলসীদাসৰ মহাকাব্য “ৰাম-চৰিত-মানস” গ্ৰন্থত। দুকুৰি তিনি বছৰ বয়সত অৰ্থাৎ ১৫৭৫ খ্ৰীষ্টীয় শকত তেওঁ এই গ্ৰন্থ ৰচনা আৰম্ভ কৰে। ৰামায়ণৰ কথা হিন্দুস্থানত সৰ্বজনবিদিত আছিল। বাল্মীকিৰ সংস্কৃত ৰামায়ণ পণ্ডিত মহলত চলতি আছিল। কিন্তু, স্থানীয় অৱধী ভাষাত তেওঁ ৰামায়ণৰ কথাৰ প্ৰচাৰ কৰিলে। তুলসীদাসী