এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৌৰভৰ নাহিকে ঠাই।
কলীয়া ভোমোৰা ফুলৰ মাজে মাজে
চুপি চুপি উৰি ফুৰে।
ৰই ৰই ৰই কুলিয়ে মাতিছে
মলয়া বহিছে ধীৰে।
নিৰ্ম্মল গগনে উদিছে চন্দ্ৰমা
শীতল কিৰণ ঢালি।
মোৰ মন প্ৰাণ কিয় উত্ৰাৱল.
এই দৰে গীত গোৱা শেষ হলত ডেকা জনে লাহেকৈ খালৈটো আৰু বৰশীটো লই উঠি ঘৰমুৱা হল! বাটতে তেওঁ পদুম আইদেউক সেইদৰে ফুলত পানী দি ফুৰা দেখি মাত লগালে :—পদুম কি কৰিছা”?
পদুম - “এই ফুল কেই জুপিত পানী দিছোঁ। তুমিনো আজি মাছ কিমান পালা চাওঁ”। এই বুলি পদুমী কাষলৈ গল। ডেকাজনে খালৈটো দেখুৱাই লাহেকৈ কলে —‘পদুম! আজি কালি দেখোন তুমি মোক দেখিলেই সাউত কৰে পলোৱা, আগৰ দৰে দেখোন ওলাই সোমাই কথা নোকোৱা। কাৰণটো কি? কিবা দায় জগৰ লগালো নেকি?
পদুম—“একো দায় জগৰ লগোৱা নাই” এইবাৰ