পৃষ্ঠা:দদাইৰ পজা.pdf/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৮
দদাইৰ পজা

 বাট দীঘল। জঙ্গলীয়া। সেই দিন সেই মানুহ সকলৰ মন যেনে আছিল বাটও তেনে আছিল—মানুহবিলাকৰ (লেগ্ৰীব নহয়) মনত বেজাৰ! বাটও অশুৱনী। দীঘল বাটৰো অন্ত আছে। আমাৰ এই বাটৰুৱা সকলৰ বাটৰো অন্ত হ’ল। লেগ্ৰীৰ বাগিচা পঁহুছোতেই তিনটা কি চাৰিটা দেখিলেই ভয় লগা কুকুৰ আহি টম আৰ লগৰীয়া- বোৰক খাঁও খাঁও বুলি ল'ৰি আহি বেৰি ধৰিলেহি। কুকুৰ কেটাৰ পাছে পাছে অহা মানুহ কেটাই হাক নিদিয়া হ'লে সিহঁতে টমহঁতৰ মঙ্গহ টুকুৰাটুকুৰে চিঙ্গি পেলালেহেতেন।

 লেগ্ৰীয়ে কুকুৰ কেটাৰ গাত ৰংমনেৰে হাত বুলাবলৈ ধৰিলে আৰু কিনি অনা গোলাম কেজনক কলে, “দেখিছ নে? তহঁতে যদি পলাব খোজ এই কুকুৰকেটাই তহঁতৰ গাৰ মঙ্গহ ডোখোৰাডোখৰ কৰিব। ইহঁতক নিগাৰ ধৰিবলৈকে বিশেষকৈ শিকোৱা হৈছে। খবৰদাৰ। স্যাম্বো, কিবা বা বাতৰি আছে নে? মই ইয়াত নথকা কেদিন সকলো কাম ভালকৈ চলি আছিল তো?” স্যাম্বোই উত্তৰ দিলে “বৰ ভালকৈ, প্ৰভু”। স্ব্যাম্বো লেগ্ৰীৰ এটা লিগিৰা⸺কাপোৰ কাণি ফটা। স্ব্যাম্বোৰ সৈতে কথা কওঁতে লেগ্ৰীৰ ফালে আৰু এটা নীগ্ৰো চাকৰে একে থিৰে চাই লেগ্ৰীৰ আজ্ঞালৈ বাট চাই আছিল।

 “কুইম্বো মই যি যি কৈ গৈছিলোঁ তই সেই সেই কাম কৰিছিলি তো?”