পৃষ্ঠা:দদাইৰ পজা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
দদাইৰ পজা

ধাৰ্ম্মিক গোলাম তই, নহয় নে? তই গিৰ্জালৈ যাৱ, নহয় নে?”

 “হয়, প্ৰভু।”

 “এনে ভাৰ তোৰ কিমান দিন থাকে চাম। মই এনে কথা “বৰদাস্ত” নকৰোঁ। মোৰ নিগাৰবোৰ, নাম গোৱা, ঈশ্বৰৰ নাম লোৱা, পূজা কৰা বিধৰ মানুহ নহয়, বুজিলি নে?” ভৰিৰে দপ্‌দপাই আৰু চকু পকাই এই কেআষাৰ কথা ক'লে, আৰু ক'লে, “মইয়ে তোৰ এতিয়া গিৰ্জ্জা, বুজিলি নে? মই যি কওঁ তোৰ তাকেই শুনিব লাগিব আৰু যেনে হবলৈ কওঁ ঠিক তেনেই হব লাগিব। বুজিলি নে?”

 টমে শুনিলে। টমৰ অন্তৰত কোনোবা এজনে সেই কথাৰ উত্তৰ “কেতিয়াও নহয়” বুলি দিছিল। আৰু কোনো- বাই যেন অন্তৰত ক'লে,“ভয় নাই, মই তোমাক মুক্তি দিছোঁ মই তোমাৰ নাম কাঢ়ি মাতিছোঁ, তুমি মোৰ।” (এই ফাঁকি বাইবেলৰ আইজাইয়া বুলি কিতাপখনৰ কথা।) লেগ্ৰীয়ে কোনোমাত শুনা নাছিল। সি এনে মাত নুশুনেও কেতিয়া। সি কিছু পৰ টমৰ ফালে চকু পকাই চাই সেই ঠাই এৰি গুছি গল।

 এখন সৰু নগৰ পোৱাত লেগ্ৰী আৰু তাৰ লগৰীয়া সকল নামিল। এখন ৱেগনত লেগ্ৰী আৰু মালপত্ৰ। মালপত্ৰৰ সিফালে দুজনী হাতকড়া বন্ধা গোলামনী। আনবোৰ খোজ কাঢ়ি লেগ্ৰীৰ কপাহৰ বাগিচাৰ ফালে খোজ ল'লে।