পৃষ্ঠা:দদাইৰ পজা.pdf/১২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১০
দদাইৰ পজা

মুৰ ঘুৰাল। ক'লে, “ই সম্ভৱ নে, এনে কথা হব পাৰে নে? এই বুলি ওচৰত বহি ক'লে, “টম দদাই, টম দদাই, মোৰ বন্ধু।”

 এই মিঠা মাত টমৰ কাণত সোমাল। টমে লাহেকৈ মুৰটো জৰ্জৰ ফালে লৈ গৈ অলপ হাঁহিলে।

 “টম্ দদাই, উঠা, এবাৰ কথা কোৱাচোন্। তোমাৰ মাষ্টৰ জৰ্জ আহিছে, তোমাৰ নিজৰ মাষ্টৰ জৰ্জ। মোক চিনি পোৱা নাই নে?”

 আচৰিত হৈ ক'লে, “মাষ্টৰ জৰ্জ! মাষ্টৰ জৰ্জ।” এই বুলি অলপ পৰ তলকা মাৰি ভাবিলে, চালে, চাই ক'লে, “ধন্য ভগবান! হয়, হয়, হয়, মই যি বিচাৰিছিলোঁ তাকে পালোঁ। তেওঁলোকে মোক পাহৰা নাই। তেনেহলে মোৰ কি আনন্দ। মই এতিয়া সুখেৰে মৰিম। ধন্য ভগবান, ধন্য ভগবান।”

 জৰ্জে কলে,“তুমি নমৰা, তোমাক মৰিবলৈ নিদিওঁ আমি। তোমাক ঘৰলৈ লৈ যাবলৈ আহিছোঁ টম দদাই ”

 “মাষ্টৰ জৰ্জ, এতিয়া আৰু নোৱাৰোঁ। বহুত পাছত আহিলা তুমি। এতিয়া আৰু সময় নাই। প্ৰভুয়ে মোক কিনিছে, আৰু মোক নিজা ঘৰলৈ লৈ যাবলৈ ওলাইছে। মই যাবলৈ ৰং মনেৰে বাট চাই আছোঁ, মাষ্টৰ জৰ্জ।”

 জৰ্জক দেখি যি আনন্দ হৈছিল, এতিয়া সেই আনন্দ কমি আহিল। টমৰ বল লাহে লাহে কমি আহিল।