পৃষ্ঠা:দদাইৰ পজা.pdf/১১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৯
দদাইৰ পজা

বিচাৰি বিচাৰি টমক নেপালে। অকস্মাৎ এজন মানুহৰ পৰা বাতৰি পালে যে, টম লেগ্ৰীৰ বাগিচাত আছে। সেই কথা শুনিয়েই ইয়ালৈ তৎক্ষণাৎ আহিল। ইচ্ছা যে, টমক আকৌ কিনি লয়। লেগ্ৰীয়ে মাতি পঠিয়ালে।

 জৰ্জে ক'লে, “শুনিছোঁ বোলে নিউ অৰ্লীন্সত আপুনি টম বুলি এটি মানুহ কিনিছে। সি মোৰ দেউতাৰ বাগিচাত কাম কৰিছিল। পাৰোঁ যদি তাক কিনিবলৈ আহিছোঁ।”

 লেগ্ৰীয়ে অলপ খংৰ ভাবেৰে ক'লে, “এৰা, কিনিছিলোঁ। এনে বেয়া অবাধ্য গোলাম মই আৰু দেখা নাই। সি কুকুৰৰ পুতেকটোয়ে এতিয়া মৰিবলৈ ওলাইছে। মৰে নে নাই কব নোৱাৰোঁ।”

 “সি ক’ত? মই তাৰ সৈতে দেখা কৰিব খোঁজো।” এই বুলি মনৰ দুখ আৰু খঙ্গেৰে জৰ্জে অনুমতি খুজিলে। খং বৰকৈ হৈছিল কিন্তু দমন কৰিলে।

 ঘোড়াৰ লাগাম ধৰি থকা মানুহটোৱে টমে থকা ঠাই দেখুৱাই দিলে।

 জৰ্জে আৰু একো নকৈ সেই ফালে খোজ ল'লে। গৈ দেখে যে, টম শুই আছে। শৰীৰত দুখ কি কষ্ট একোকে নাই কিয়নো কষ্ট অনুভব কৰিবৰ শক্তিও টমে এতিয়া হেৰুৱাইছে। এনে বলিষ্ঠ সঁজাৰ পৰা প্ৰাণ ইমান সোনকালে এৰি যাব নোখোজে, সেই দেখিয়েই এই দুইদিন একে ভাবে পৰি আছিল। তেওঁক এনে ভাবে পৰি থকা দেখি জৰ্জৰ