“খ্ৰীষ্টৰ প্ৰেমৰ পৰা দূৰৈত আমাক কোনে ৰাখিব পাৰে?” এই বুলি মিঠা হাঁহি এটি মুখত লৈ চকু মুদিলে।
জৰ্জে এই দৃশ্য দেখি অলপ পৰ নিস্তব্ধভাবে সংসাৰৰ অনিত্যতাৰ কথা ভাবি বহি থাকিল। অলপ পৰ থাকি টমৰ গাত নিজৰ “ক্লোক”টো পেলাই দিলে। ভাবিলে সজ্ খ্ৰীষ্টিয়ান হোৱা কি সুখৰ কথা।”
নীগ্ৰোবিলাকক ক'লে, “বোপাইহঁত, আমি এওঁক মোৰ ৱেগনলৈ লৈ যাওঁ বল। মইও তহঁতৰ লগত এওঁক তোলোঁ। এডাল কোৰো আনিবি, বোপাইহঁত দেই।” এটাই কোৰ আনিলে। জৰ্জ আৰু দুটা নীগ্ৰোই লাহে লাহে সসম্ভ্ৰমে টমক, গাড়ীত তুলিলে গৈ। বাগিচাৰ বাহিৰে গছৰ ছাঁ থকা এডোখৰ ওখ ঠাইত টমক কবৰ দিয়া হল। এজনে শুধিছিল, “মাষ্টৰ আপোনাৰ “ক্লোক”টো তুলি লওঁ।” তেওঁ ক'লে, “নেলাগে, নেলাগে, মোৰ বন্ধুক আৰু মই একোকে দিব নোৱাৰোঁ, এই বস্তুটো তেওঁৰ লগতে যাব দিয়া।”
জৰ্জে সেই পবিত্ৰ ঠাইৰ ওচৰত আঠু কাঢ়ি ভগবানক এই
বুলি প্ৰাৰ্থনা কৰিলে “শুনা, অনন্তনাথ, শুনা পৰমেশ্বৰ
তোমাক সাক্ষী কৰি আজি মই প্ৰতিজ্ঞা কৰিলোঁ যে, মই
মোৰ শক্তি অনুসাৰে মোৰ জন্মভূমিৰ পৰা দাসত্ব প্ৰথা উঠাই
দিবলৈ যত্নবান হম। ভগবান, সহায় হোৱা।”
আমাৰ বন্ধু টমৰ শেষ আবাসভূমিত “এই ডোখৰ টমৰ
শেষ আবাসভূমি” বুলি কোনো চিন কি এনে কোনো কথা