ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/সলনি হ’ল সমুদ্ৰৰ ৰং

ৱিকিউৎসৰ পৰা

[ ৬১ ]

বাংকত অৱসৰৰ মুহূৰ্তত সতীৰ্থৰে সৈতে ভেলাস্কো


সলনি হ’ল সমুদ্ৰৰ ৰং

 হাঙৰটোৰ ওপৰত মোৰ ইমানেই খং উঠিল যে একপ্ৰকাৰ প্ৰতিশোধৰ মনোবৃত্তিৰেই ভঙা ব’ঠাপাটেৰে পানীত কোবাবলৈ ধৰিলোঁ। মোৰ হাতৰ পৰা হাঙৰটোৱে কাঢ়ি নিছে একমাত্ৰ আহাৰখিনি। এতিয়া পাঁচ বাজিছে। সাগৰৰ বুকুত আজি মোৰ সপ্তম দিন। কিছু মুহূৰ্তৰ পাছতে জাক পাতি হাঙৰবোৰ আহিব। মাছ দুটুকুৰা খোৱাৰ পাছত শৰীৰত সামান্য বল বান্ধিছিল। আৰু এতিয়া মাছটো হেৰুৱাবলগা হোৱা বাবে যি খং জমা হৈছে, তাৰেই মই যুঁজ চলাব পাৰিম। আৰু দুপাট ব’ঠা আছে বোটত। ভঙা ব’ঠাপাট থৈ অন্য এপাট তুলি ল'লোঁ— যাতে এই দস্যুবোৰৰ সৈতে যুঁজ দিব পাৰোঁ। কিন্তু খংবশতঃ আত্মৰক্ষাৰ সুযোগ শেষ কৰি দিব নোৱাৰোঁ। দুপাট ব’ঠা হেৰুৱাব নোৱাৰোঁ মই। কোনে জানে ভৱিষ্যতে মোৰ আৰু কি কামত প্ৰয়োজন হয় এই ব’ঠা দুয়োপাট।

 আনদিনাৰ দৰেই সিদিনাও স্বাভাৱিকভাৱে ৰাতি নামি আহিল। দশোদিশে ক্ষুব্ধ সমুদ্ৰ। আজি এনে এক জঘন্য ৰাতি— য'ত হাঙৰবোৰেও শান্তিত থাকিব নোৱাৰে।

[ ৬২ ]

 ৰাতি ন বজাৰ পাছত চেঁচা বতাহ বলিবলৈ ধৰিলে। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বোটৰ তলৰ পিনে গৈ বাগৰ দিলোঁ। পিছে একো লাভ নহ'ল। শীতে মোৰ একেবাৰে হাড়ৰ মজ্জাত বিন্ধিছে। জোতা আৰু কামিজটো পুনৰ পিন্ধি ল'লোঁ। সম্ভৱতঃ হঠাৎ বৰষুণ পৰিব, কিন্তু খাবলৈ বৰষুণৰ পানী ধৰিব নোৱাৰিম। ইতিমধ্যে ঢৌবোৰে বৃহৎ ৰূপ ধাৰণ কৰিছে। যেন ২৮ ফেব্ৰুৱাৰীৰ দুৰ্ঘটনাৰ দিনটোতকৈ ডাঙৰ। কণীৰ খোলাৰ দৰে অশান্ত সমুদ্ৰৰ বুকু তলমল কৰিছে। কোনোপধ্যেই শুব নোৱাৰিলোঁ। শীতত কঁপিছোঁ থক্থককৈ। হাত-ভৰি নচুৱাই গাটো গৰম কৰি ৰাখিবলৈ চেষ্ট চলালোঁ। কিন্তু এইবোৰ কৰিবলৈ দেহত শক্তি নাছিল। বোটৰ এদাঁতিত খামুচি ধৰি আছোঁ— যাতে ঢৌৰ খুন্দাত সমুদ্ৰত পৰি নাযাওঁ। হাঙৰে কামুৰি ভাঙি পেলোৱা ব’ঠাপাটৰ ওপৰত মূৰটো থ'লোঁ। বোটৰ তলত আৰু দুপাট বঠা এতিয়াও মজুত আছে।

 মাজনিশা ধুমুহাৰ কোব আৰু একোব বাঢ়িল। আকাশত গভীৰ আন্ধাৰ। বতাহ সেমেকা যদিও এটোপালো বৰষুণ নপৰিল। হঠাৎ বিশাল ঢৌ বোটখনত আছাৰ খাই পৰিল। ঠিক সেই ডেষ্ট্ৰয়াৰৰ দৰে। বোটখন শূন্যলৈ উঠি গ'ল আৰু লুটি খাই গ'ল।

 মই পানীত পৰি যোৱাৰ পাছতে ঘটনাৰ আঁত ধৰিব পাৰিলোঁ। সাঁতুৰি বোটখনৰ ওপৰত উঠিবলৈ চেষ্টা কৰিলোঁ। পাগলৰ দৰে সাঁতুৰি পানীত ওপঙি ৰ'লোঁ। এনে লাগিল যেন এইবাৰ নিস্তাৰ নাই। মৃত্যু অৱধাৰিত। বোটখন চকুত পৰা নাই। মূৰৰ ওপৰত কেৱল বিৰাট একোটা ঢৌ। লুই ৰেনগিফোলৈ মনত পৰিল। আটিল চেহেৰা, দক্ষ সাঁতোৰবিদ। তথাপি দুই মিটাৰৰ দূৰত্ব অতিক্ৰম কৰি বোটত উঠিবলৈ সক্ষম নহ'ল। মই দিশহাৰা হৈ পৰিলোঁ। ভুল পথেৰে সাঁতুৰিছোঁ, ভুল দিশলৈ চাইছোঁ। মোৰ পিছফালে মাত্ৰ এক মিটাৰ আঁতৰতে ঢৌত নাচি আছে বোটখনে। মই পাগলৰ দৰে হাত-ভৰি মাৰিবলৈ ধৰিলোঁ। ইমান কাষতে বোটখন, তথাপি এনে লাগিল যে এই দূৰত্ব অনন্ত। ইমানে ভয় খাইছিলোঁ যে একেজাঁপে বোটত উঠি ফোঁপাই ফোঁপাই পৰি ৰ'লোঁ। হৃৎপিণ্ড ধপ্‌ধপ্ কৰিছে। কষ্ট, নিশ্বাস ল’বলৈ।

 মোৰ সৌভাগ্যৰ তৰা

 নিজৰ ভাগ্যক লৈ মোৰ কোনো আক্ষেপ-অভিযোগ নাই। বোটখন যদি সন্ধিয়া পাঁচ বজাত লুটি খালেহেঁতেন, হাঙৰবোৰে মোক টুকুৰা-টুকুৰ কৰিহে ক্ষান্ত হ'লহেঁতেন। কিন্তু মাজনিশা সিহঁত শান্ত, বিশেষকৈ সমুদ্ৰ যেতিয়া অস্থিৰ।

 হাঙৰে কামুৰি ছিঙা ব’ঠাপাটকে ধৰি বোটৰ ওপৰত বহিলোঁ। সকলো ইমান দ্ৰুততাৰে ঘটি গ'ল যেন ঘটনাটো ভ্ৰমহে। মনত পৰিল, পানীত পৰাৰ সময়ত মোৰ মূৰত ব’ঠা এপাটেৰে খুন্দা লাগিছিল। ডুবাৰ আগমুহূৰ্তত মই সেইপাটকে খামোচ মাৰি [ ৬৩ ] ধৰিছিলোঁ। মাত্ৰ সেইপাটহে বাচিল, বাকীবোৰ উটি গ'ল পানীত। হাঙৰটোৱে খোৱা এই ব’ঠাপাট যাতে হেৰুৱাব লগা নহয়, তাৰবাবে মই বোটৰ তলত থকা ৰছীৰে বান্ধি পেলালোঁ। সমুদ্ৰ এতিয়াও উত্তাল। হয়তো মোৰ ভাগ্য ভালেই। কিন্তু যদি আকৌ বোটখন লুটি খায়, হয়তো বোটত আৰু উঠিব নোৱাৰিম। মনলৈ ভাবটো অহাৰ লগে লগে বেল্টডাল খুলি পেলালোঁ আৰু বোটৰ ৰছীৰ সৈতে বান্ধি ল'লোঁ নিজকে।

 ঢৌবোৰে বোটত খুন্দিয়াইছে। অস্থিৰ, ক্ষুব্ধ সমুদ্ৰত ডুলি আছে বোটখন। বেল্টেৰে নিজক বন্ধাৰ পাছত মোৰো শৰীৰৰ দোলন কমিছে। হঠাৎ মোৰ জোতা আৰু কামিজটোৰ প্ৰতি খেয়াল হ’ল। এই দুয়োবিধ অলপৰ পৰাহে সাগৰত পৰাৰ পৰা বাচিছে। মোৰ যদি ঠাণ্ডা নালাগিলহেঁতেন, তেন্তে জোতা-কামিজযোৰ নিপিন্ধিলোহেঁতেন। আৰু তেতিয়া নিশ্চিতভাৱেই বোটখন লুটি খোৱাৰ লগে লগে পৰি গ'লহেঁতেন সাগৰত উত্তাল পানীত— যিদৰে পৰি উটি গ'ল ব’ঠা দুপাট।

 অশান্ত সমুদ্ৰত বোট এখন সুস্থিৰ হৈ থকা সম্ভৱ নহয়। লুটি খোৱাই স্বাভাৱিক। বোটখন কাঠেৰে তৈয়াৰী, জল নিৰোধক বগা কাপোৰেৰে ঢাক খোৱা। তলিখনো বৰ বিশেষ শক্তিশালী নহয়। কাঠৰ তলিখন এটা ৰডেৰে ওলমি থকা— যাতে পানীত লুটি খালেও পাছমুহূৰ্ততে নিজে নিজে স্বাভাৱিক স্থিতি লয়। এতিয়া নিজক এনেদৰে বান্ধি থৈছোঁ, হেজাৰবাৰ লুটি খালেও চিন্তা নাই মোৰ। কথাটো আগতে আন্দাজ কৰিব পৰা নাছিলোঁ। যি নহওক, পোন্ধৰ মিনিটমান পাছত পুনৰ এটা বিশাল ঢৌ আছাৰ খাই পৰিল বোটত। মই পানীৰ সেই ঢৌৰ মাজত উফৰি গ'লোঁ শূন্যলৈ। চকুৰ সন্মুখতে এই মহাপ্ৰলয়। বোটখন এইবাৰ কোনটো ফালে লুটি খাব অনুমান কৰি ভাৰসাম্য বজাই ৰাখিবলৈ বিপৰীত দিশে অৱস্থান ল'লোঁ। কিন্তু নিজকে বান্ধি থোৱা বাবে কষ্ট হ’ল। বোটখন এইবাৰ সঁচাকৈয়ে লুটি খাই গ'ল। মই পানীৰ তলত কবকাবলৈ ধৰিলোঁ। লৰচৰ কৰাৰো উপায় নাই। উন্মাদৰ দৰে বেল্টৰ বান্ধোন খুলিবলৈ চেষ্টা কৰিলোঁ।

 ভয় খাইছোঁ ঠিকেই, কিন্তু বুদ্ধিহাৰা হোৱা নাই। কেনেদৰে বকলেছটো খোলোঁ? শৰীৰ ভালে থাকিলে পানীৰ তলত মই কমেও আশী ছেকেণ্ড থাকিব পাৰোঁ। পানীৰ তলত মোৰ এতিয়া অন্ততঃ পাঁচটা ছেকেণ্ডহে গৈছে। খেপিয়াই খেপিয়াই কঁকালৰ বেল্টডাল বিচাৰি পালোঁ। বকলেছটোও পাবলৈ বেছি পৰ নালাগিল। কিন্তু বকলেছটো খুলি বেল্টৰ বান্ধোনৰ পৰা নিজকে মুক্ত কৰিবলৈ বেছ কিছু ক্ষণ লাগিল। পানীও খাব লগা হ'ল। একেবাৰে দম বন্ধ হোৱাৰ অৱস্থা। কোনো প্ৰকাৰে পানীৰ তলৰ পৰা ওলাই আহিলোঁ। বোটখন হাতচাৰা হ’বলৈ দিব নোৱাৰোঁ। পানীৰ ওপৰলৈ উঠি আহি নিশ্বাস ল'লোঁ। ভীষণ ক্লান্তি অনুভৱ কৰিছোঁ। আনকি বোটখনৰ ওপৰত উঠাৰো শক্তি [ ৬৪ ] নাই। অলপ আগলৈকে হাঙৰেৰে ভৰা এই পানীয়েই আছিল মোৰ আতংক। সম্ভৱতঃ এইবাৰেই মোৰ জীৱন ৰক্ষাৰ শেষ চেষ্টা। সৰ্বশক্তি প্ৰয়োগ কৰি বোটত জঁপিয়াই উঠিলোঁ। বিধ্বস্ত মানুহৰ দৰে পৰি গ'লোঁ বোটত।

 নাজানো কিমানপৰ এনেদৰে উবুৰি খাই পৰি আছিলোঁ। ডিঙি পুৰিছে পিয়াহত। আঙুলিৰ কটা ঘাত তীব্ৰ বিষ। এটাই মোৰ কামনা, আৰু যেন বোটখন লুটি নামাৰে।

 পুৱাৰ সূৰ্য

 এনেকৈয়ে সমুদ্ৰত পাৰ হৈ গ'ল মোৰ অষ্টমটো দিন। পাছদিনা পুৱাও বতাহ তীব্ৰ। যদি এতিয়া বৰষুণো পৰে, হয়তো ধৰি খাবলৈকো মোৰ শক্তি নহ'ব। শৰীৰ তেতিয়া অৱশ, টোপনিৰ অতল গহ্বৰত যেন মই সোমাই পৰিব খুজিছোঁ। বৰষুণ যদি আহে জাগিবলৈ চেষ্টা কৰিম। কিন্তু এটোপালো বৰষুণ নাহিল। বতাহ অৱশ্যে সেমেকা, যেন বৃষ্টিৰ পূৰ্বাভাস।

 সমুদ্ৰ যেন সমাগত। বোটত একাটি হৈ শুই সমুদ্ৰৰ এচলু পানী খালোঁ। আশা কৰোঁ, শৰীৰৰ ক্ষতি নকৰিব। পানীখিনি খাই কিছু শক্তি পোৱা যেন লাগিল। ধুমুহা একেবাৰে যেতিয়া শাম কাটিল, সমুদ্ৰ ছবিৰ দৰে পৰিষ্কাৰ নীলা হৈ পৰিল। পানীৰ ৰঙো সলনি হ’ল। তাৰ মাজতে বোটখন ভাঁহি গৈ থাকিল। উষ্ম বতাহে মোৰ শৰীৰ আৰু মনত সামান্য শক্তিৰ সঞ্চাৰ কৰিলে।

 পূৰ্বৰ তুলনাত ডাঙৰ আৰু এজনী বুঢ়া গঙাচিলনী বোটৰ ওপৰত উৰিবলৈ ধৰিছে। এইবাৰ নিশ্চয়কৈ সমুদ্ৰৰ পাৰ আহি পাইছোঁ। কিছুদিন আগতে ধৰা চিলনীটো আছিল কম বয়সীয়া। তেনে এটা বয়সত সিহঁতে বহু দূৰপৰ্যন্ত উৰিব পাৰে। কিন্তু আজিৰ এই বুঢ়া চিলনীজনীৰ বিশাল ডেউকা, ওজনো নিশ্চয় কম নহ'ব। এনে এটা চৰায়ে এশ মাইল দূৰলৈ উৰি ফুৰাটো সম্ভৱ নহয়। কথাটো ভাবি মনত সাহস পালোঁ। প্ৰথম দিনবোৰৰ দৰে মই আকৌ ব্যাকুল হৈ দিগন্ত বিচাৰিবলৈ ধৰিলোঁ। দেখিলোঁ চাৰিওফালৰ পৰা অলেখ চিলনী উৰি আহিবলৈ ধৰিছে।

 যি নহওক, অৱশেষত মই এটা সংগী পালোঁ, তাতেই সুখী। কেইবাবাৰো সমুদ্ৰৰ পানী খালোঁ। মূৰৰ ওপৰত চিলনীবোৰ উৰিছে। মই আৰু এতিয়া অকলশৰীয়া নহয়। মেৰী এড্ৰেছৰ কথা মনত পৰিল। তাইৰ বা এতিয়া কি খবৰ? তাইৰ মাত-কথাবোৰ মোৰ কাণত যেন বাজি উঠিল। চিনেমা চাবলৈ গ'লে তাইক সংলাপবোৰ ভাঙনি কৰি দিব লাগিছিল। আচলতে কেৱল আজিৰ এই দিনটোতে, অকাৰণতে হঠাৎ মেৰীৰ কথা মনত পৰিল। হয়তো সিদিনা মেৰীয়ে মবিলৰ গিৰ্জাত মোৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। কাৰটেজেনালৈ পঠিওৱা চিঠিত পাছলৈ মেৰীয়ে মোক জনাইছিল যে [ ৬৫ ] সেই উপাসনাৰ আয়োজন হৈছিল মই হেৰাই যোৱাৰ অষ্টম দিনটোত। কেৱল মোৰ আত্মাৰ বাবেই নহয়, শৰীৰৰ শান্তিৰ বাবেও। সিদিনা পুৱা কেৱল মেৰীৰ কথাই ভাবিছিলোঁ। যেতিয়া তাই প্ৰাৰ্থনাত নিমগ্ন, তেতিয়া মই সমুদ্ৰৰ চিলনীবোৰ দৰ্শন কৰি উপকূলৰ সপোন দেখিছিলোঁ।

 গোটেই দিনটো কেৱল পাৰৰে সন্ধান কৰিলোঁ। দিনটো আছিল উজ্জ্বল। মই নিশ্চিত হৈছিলোঁ যে অন্ততঃ পঞ্চাছ মাইল দূৰত্বৰ ভিতৰত দিগন্ত ৰেখা জিলিকি উঠিছে। বোটখনো আগুৱাইছে তীব্ৰ বেগেৰে। দুজন মানুহে ৰছী লগাই টানিলেও ইমান বেগেৰে আগুৱাব নোৱাৰিলেহেঁতেন। শান্ত নীলাভ পানীৰ বুকুৰে বোটৰ পোন-মসৃণ গতি, যেন মটৰহে লগোৱা আছে।

 সাতটা দিন কটালে সমুদ্ৰৰ পানীৰ ৰং কিদৰে সলনি হয়, অনুমান কৰিব পৰা যায়। ৭ মাৰ্চৰ আবেলি ৩.৩০ বজাৰ ভিতৰত বোটখন আহি য'ত উপস্থিত হ’ল, তাত পানীৰ ৰং আৰু নীলা হৈ থকা নাই। ঘন সেউজীয়া। নিৰ্দিষ্ট এডাল সীমাৰেখাহে যেন। যোৱা সাতটা দিনে যি দেখিলোঁ সেয়া নীলা পানীহে। এতিয়া এয়া সেউজীয়া, ঘনত্বও যেন বেছি।

 মূৰৰ ওপৰত চিলনীৰে ভৰা আকাশ। খুব কাষেৰেই উৰিছে। সিহঁতৰ ডেউকা কোবোৱাৰ শব্দ শুনিবলৈ পাইছোঁ। এই লক্ষণবোৰক ভিত্তি কৰি মোৰ যি অনুমান, ভুল হ'ব নালাগে। সমুদ্ৰৰ পানীৰ ৰং সলনি হৈছে, আকাশত অসংখ্য চিলনীয়ে ভিৰ বান্ধিছে, এইবোৰে সঘনাই যেন মোক সোঁৱৰাই দিছে— ৰাতি সজাগ হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব তীৰৰ প্ৰথম পোহৰ চাবৰ বাবে।