পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেই উপাসনাৰ আয়োজন হৈছিল মই হেৰাই যোৱাৰ অষ্টম দিনটোত। কেৱল মোৰ আত্মাৰ বাবেই নহয়, শৰীৰৰ শান্তিৰ বাবেও। সিদিনা পুৱা কেৱল মেৰীৰ কথাই ভাবিছিলোঁ। যেতিয়া তাই প্ৰাৰ্থনাত নিমগ্ন, তেতিয়া মই সমুদ্ৰৰ চিলনীবোৰ দৰ্শন কৰি উপকূলৰ সপোন দেখিছিলোঁ।

 গোটেই দিনটো কেৱল পাৰৰে সন্ধান কৰিলোঁ। দিনটো আছিল উজ্জ্বল। মই নিশ্চিত হৈছিলোঁ যে অন্ততঃ পঞ্চাছ মাইল দূৰত্বৰ ভিতৰত দিগন্ত ৰেখা জিলিকি উঠিছে। বোটখনো আগুৱাইছে তীব্ৰ বেগেৰে। দুজন মানুহে ৰছী লগাই টানিলেও ইমান বেগেৰে আগুৱাব নোৱাৰিলেহেঁতেন। শান্ত নীলাভ পানীৰ বুকুৰে বোটৰ পোন-মসৃণ গতি, যেন মটৰহে লগোৱা আছে।

 সাতটা দিন কটালে সমুদ্ৰৰ পানীৰ ৰং কিদৰে সলনি হয়, অনুমান কৰিব পৰা যায়। ৭ মাৰ্চৰ আবেলি ৩.৩০ বজাৰ ভিতৰত বোটখন আহি য'ত উপস্থিত হ’ল, তাত পানীৰ ৰং আৰু নীলা হৈ থকা নাই। ঘন সেউজীয়া। নিৰ্দিষ্ট এডাল সীমাৰেখাহে যেন। যোৱা সাতটা দিনে যি দেখিলোঁ সেয়া নীলা পানীহে। এতিয়া এয়া সেউজীয়া, ঘনত্বও যেন বেছি।

 মূৰৰ ওপৰত চিলনীৰে ভৰা আকাশ। খুব কাষেৰেই উৰিছে। সিহঁতৰ ডেউকা কোবোৱাৰ শব্দ শুনিবলৈ পাইছোঁ। এই লক্ষণবোৰক ভিত্তি কৰি মোৰ যি অনুমান, ভুল হ'ব নালাগে। সমুদ্ৰৰ পানীৰ ৰং সলনি হৈছে, আকাশত অসংখ্য চিলনীয়ে ভিৰ বান্ধিছে, এইবোৰে সঘনাই যেন মোক সোঁৱৰাই দিছে— ৰাতি সজাগ হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব তীৰৰ প্ৰথম পোহৰ চাবৰ বাবে।

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক-৫
৬৫