পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাই। অলপ আগলৈকে হাঙৰেৰে ভৰা এই পানীয়েই আছিল মোৰ আতংক। সম্ভৱতঃ এইবাৰেই মোৰ জীৱন ৰক্ষাৰ শেষ চেষ্টা। সৰ্বশক্তি প্ৰয়োগ কৰি বোটত জঁপিয়াই উঠিলোঁ। বিধ্বস্ত মানুহৰ দৰে পৰি গ'লোঁ বোটত।

 নাজানো কিমানপৰ এনেদৰে উবুৰি খাই পৰি আছিলোঁ। ডিঙি পুৰিছে পিয়াহত। আঙুলিৰ কটা ঘাত তীব্ৰ বিষ। এটাই মোৰ কামনা, আৰু যেন বোটখন লুটি নামাৰে।

 পুৱাৰ সূৰ্য

 এনেকৈয়ে সমুদ্ৰত পাৰ হৈ গ'ল মোৰ অষ্টমটো দিন। পাছদিনা পুৱাও বতাহ তীব্ৰ। যদি এতিয়া বৰষুণো পৰে, হয়তো ধৰি খাবলৈকো মোৰ শক্তি নহ'ব। শৰীৰ তেতিয়া অৱশ, টোপনিৰ অতল গহ্বৰত যেন মই সোমাই পৰিব খুজিছোঁ। বৰষুণ যদি আহে জাগিবলৈ চেষ্টা কৰিম। কিন্তু এটোপালো বৰষুণ নাহিল। বতাহ অৱশ্যে সেমেকা, যেন বৃষ্টিৰ পূৰ্বাভাস।

 সমুদ্ৰ যেন সমাগত। বোটত একাটি হৈ শুই সমুদ্ৰৰ এচলু পানী খালোঁ। আশা কৰোঁ, শৰীৰৰ ক্ষতি নকৰিব। পানীখিনি খাই কিছু শক্তি পোৱা যেন লাগিল। ধুমুহা একেবাৰে যেতিয়া শাম কাটিল, সমুদ্ৰ ছবিৰ দৰে পৰিষ্কাৰ নীলা হৈ পৰিল। পানীৰ ৰঙো সলনি হ’ল। তাৰ মাজতে বোটখন ভাঁহি গৈ থাকিল। উষ্ম বতাহে মোৰ শৰীৰ আৰু মনত সামান্য শক্তিৰ সঞ্চাৰ কৰিলে।

 পূৰ্বৰ তুলনাত ডাঙৰ আৰু এজনী বুঢ়া গঙাচিলনী বোটৰ ওপৰত উৰিবলৈ ধৰিছে। এইবাৰ নিশ্চয়কৈ সমুদ্ৰৰ পাৰ আহি পাইছোঁ। কিছুদিন আগতে ধৰা চিলনীটো আছিল কম বয়সীয়া। তেনে এটা বয়সত সিহঁতে বহু দূৰপৰ্যন্ত উৰিব পাৰে। কিন্তু আজিৰ এই বুঢ়া চিলনীজনীৰ বিশাল ডেউকা, ওজনো নিশ্চয় কম নহ'ব। এনে এটা চৰায়ে এশ মাইল দূৰলৈ উৰি ফুৰাটো সম্ভৱ নহয়। কথাটো ভাবি মনত সাহস পালোঁ। প্ৰথম দিনবোৰৰ দৰে মই আকৌ ব্যাকুল হৈ দিগন্ত বিচাৰিবলৈ ধৰিলোঁ। দেখিলোঁ চাৰিওফালৰ পৰা অলেখ চিলনী উৰি আহিবলৈ ধৰিছে।

 যি নহওক, অৱশেষত মই এটা সংগী পালোঁ, তাতেই সুখী। কেইবাবাৰো সমুদ্ৰৰ পানী খালোঁ। মূৰৰ ওপৰত চিলনীবোৰ উৰিছে। মই আৰু এতিয়া অকলশৰীয়া নহয়। মেৰী এড্ৰেছৰ কথা মনত পৰিল। তাইৰ বা এতিয়া কি খবৰ? তাইৰ মাত-কথাবোৰ মোৰ কাণত যেন বাজি উঠিল। চিনেমা চাবলৈ গ'লে তাইক সংলাপবোৰ ভাঙনি কৰি দিব লাগিছিল। আচলতে কেৱল আজিৰ এই দিনটোতে, অকাৰণতে হঠাৎ মেৰীৰ কথা মনত পৰিল। হয়তো সিদিনা মেৰীয়ে মবিলৰ গিৰ্জাত মোৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। কাৰটেজেনালৈ পঠিওৱা চিঠিত পাছলৈ মেৰীয়ে মোক জনাইছিল যে

৬৪