পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰিছিলোঁ। মাত্ৰ সেইপাটহে বাচিল, বাকীবোৰ উটি গ'ল পানীত। হাঙৰটোৱে খোৱা এই ব’ঠাপাট যাতে হেৰুৱাব লগা নহয়, তাৰবাবে মই বোটৰ তলত থকা ৰছীৰে বান্ধি পেলালোঁ। সমুদ্ৰ এতিয়াও উত্তাল। হয়তো মোৰ ভাগ্য ভালেই। কিন্তু যদি আকৌ বোটখন লুটি খায়, হয়তো বোটত আৰু উঠিব নোৱাৰিম। মনলৈ ভাবটো অহাৰ লগে লগে বেল্টডাল খুলি পেলালোঁ আৰু বোটৰ ৰছীৰ সৈতে বান্ধি ল'লোঁ নিজকে।

 ঢৌবোৰে বোটত খুন্দিয়াইছে। অস্থিৰ, ক্ষুব্ধ সমুদ্ৰত ডুলি আছে বোটখন। বেল্টেৰে নিজক বন্ধাৰ পাছত মোৰো শৰীৰৰ দোলন কমিছে। হঠাৎ মোৰ জোতা আৰু কামিজটোৰ প্ৰতি খেয়াল হ’ল। এই দুয়োবিধ অলপৰ পৰাহে সাগৰত পৰাৰ পৰা বাচিছে। মোৰ যদি ঠাণ্ডা নালাগিলহেঁতেন, তেন্তে জোতা-কামিজযোৰ নিপিন্ধিলোহেঁতেন। আৰু তেতিয়া নিশ্চিতভাৱেই বোটখন লুটি খোৱাৰ লগে লগে পৰি গ'লহেঁতেন সাগৰত উত্তাল পানীত— যিদৰে পৰি উটি গ'ল ব’ঠা দুপাট।

 অশান্ত সমুদ্ৰত বোট এখন সুস্থিৰ হৈ থকা সম্ভৱ নহয়। লুটি খোৱাই স্বাভাৱিক। বোটখন কাঠেৰে তৈয়াৰী, জল নিৰোধক বগা কাপোৰেৰে ঢাক খোৱা। তলিখনো বৰ বিশেষ শক্তিশালী নহয়। কাঠৰ তলিখন এটা ৰডেৰে ওলমি থকা— যাতে পানীত লুটি খালেও পাছমুহূৰ্ততে নিজে নিজে স্বাভাৱিক স্থিতি লয়। এতিয়া নিজক এনেদৰে বান্ধি থৈছোঁ, হেজাৰবাৰ লুটি খালেও চিন্তা নাই মোৰ। কথাটো আগতে আন্দাজ কৰিব পৰা নাছিলোঁ। যি নহওক, পোন্ধৰ মিনিটমান পাছত পুনৰ এটা বিশাল ঢৌ আছাৰ খাই পৰিল বোটত। মই পানীৰ সেই ঢৌৰ মাজত উফৰি গ'লোঁ শূন্যলৈ। চকুৰ সন্মুখতে এই মহাপ্ৰলয়। বোটখন এইবাৰ কোনটো ফালে লুটি খাব অনুমান কৰি ভাৰসাম্য বজাই ৰাখিবলৈ বিপৰীত দিশে অৱস্থান ল'লোঁ। কিন্তু নিজকে বান্ধি থোৱা বাবে কষ্ট হ’ল। বোটখন এইবাৰ সঁচাকৈয়ে লুটি খাই গ'ল। মই পানীৰ তলত কবকাবলৈ ধৰিলোঁ। লৰচৰ কৰাৰো উপায় নাই। উন্মাদৰ দৰে বেল্টৰ বান্ধোন খুলিবলৈ চেষ্টা কৰিলোঁ।

 ভয় খাইছোঁ ঠিকেই, কিন্তু বুদ্ধিহাৰা হোৱা নাই। কেনেদৰে বকলেছটো খোলোঁ? শৰীৰ ভালে থাকিলে পানীৰ তলত মই কমেও আশী ছেকেণ্ড থাকিব পাৰোঁ। পানীৰ তলত মোৰ এতিয়া অন্ততঃ পাঁচটা ছেকেণ্ডহে গৈছে। খেপিয়াই খেপিয়াই কঁকালৰ বেল্টডাল বিচাৰি পালোঁ। বকলেছটোও পাবলৈ বেছি পৰ নালাগিল। কিন্তু বকলেছটো খুলি বেল্টৰ বান্ধোনৰ পৰা নিজকে মুক্ত কৰিবলৈ বেছ কিছু ক্ষণ লাগিল। পানীও খাব লগা হ'ল। একেবাৰে দম বন্ধ হোৱাৰ অৱস্থা। কোনো প্ৰকাৰে পানীৰ তলৰ পৰা ওলাই আহিলোঁ। বোটখন হাতচাৰা হ’বলৈ দিব নোৱাৰোঁ। পানীৰ ওপৰলৈ উঠি আহি নিশ্বাস ল'লোঁ। ভীষণ ক্লান্তি অনুভৱ কৰিছোঁ। আনকি বোটখনৰ ওপৰত উঠাৰো শক্তি

৬৩